General Knowledge in Assamese 100+

By Amit Kumar

Updated on:

Assamese general knowledge questions and answers, gk assamese question answer, assamese general knowledge, assam gk questions, gk questions assamese, assamese gk questions and answers, assamese gk question answer, assam general knowledge, general knowledge assamese, general knowledge questions assamese.
- Advertisement -

General Knowledge in Assamese for ADRE And Assam Police 2024


Online Application Form11/03/2024
Advertisement DetailsClick Here
Official WebsiteClick Here
General Knowledge in Assamese for ADRE And Assam Police 2024

General Knowledge in Assamese For ADRE 2.0

  1. কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?
    • উত্তৰ : নিপ বৰুৱাই।
  2. প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?
    • উত্তৰ : মলাৰ।
  3. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
    • উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা
  4. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
    • উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ
  5. আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?
    • উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ
  6. অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?
    • উত্তৰ : আহোম সকলে
  7. কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?
    • উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে
  8. প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?
    • উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী
  9. কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?
    • উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত
  10. ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?
    • উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।
  11. ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?
    • উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল
  12. পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?
    • উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল
  13. অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?
    • উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন
  14. মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?
    • উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত
  15. বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
    • উত্তৰ : চৰিত পুথি
  16. সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
    • উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )
  17. ইতিহাসৰ আন এটা নাম কি?
    • উত্তৰ : বুৰঞ্জী।
  18. অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
    • উত্তৰ : ভট্টদেৱ
  19. অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
    • উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি
  20. প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
    • উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ চনত। আত্মাৰাম শৰ্মা
  21. অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
    • উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত
  22. জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
    • উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী
  23. অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?
    • উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’
  24. অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?
    • উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ
  25. প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?
    • উত্তৰ : অসমীয়া পুথিৰ তালিকা
  26. ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?
    • উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে
  27. শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?
    • উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
  28. অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?
    • উত্তৰ : অসম সাহিত্য সভা
  29. ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?
    • উত্তৰ : মাধৱ কন্দলী
  30. অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?
    • উত্তৰ : ৰজনীকান্ত বৰদলৈ
  31. প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?
    • উত্তৰ : ৰাম সৰস্বতী
  32. ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
    • উত্তৰ : নাথান ব্ৰাউন
  33. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?
    • উত্তৰ : বীণ বৰাগী
  34. সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ ৰ ৰচক কোন?
    • উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা
  35. প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?
    • উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে
  36. প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?
    • উত্তৰ : ভট্টদেৱ
  37. আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?
    • উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ
  38. অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?
    • উত্তৰ : ফণী শৰ্মা
  39. অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?
    • উত্তৰ : চন্দ্ৰকান্ত অভিধান
  40. অসমৰ মুখ্য ভাষা কি ?
    • উত্তৰ : অসমীয়া
  41. হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?
    • উত্তৰ : চিত্ৰ ভাগৱত
  42. অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?
    • উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ
  43. অসমীয়া চুটি গল্পৰ জনক কোন ?
    • উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা
  44. শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল?
    • উত্তৰ : বদৰিকাশ্ৰমত
  45. কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?
    • উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।
  46. বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?
    • উত্তৰ : কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে
  47. কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?
    • উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)
  48. হাজোৰ পোৱামক্কা কোনে সজাইছিল?
    • উত্তৰ : গিয়াছুদ্দিন আউলিয়া।
  49. ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?
    • উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।
  50. অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?
    • উত্তৰ : হাজোত।
  51. অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?
    • উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।
  52. অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?
    • উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।
  53. ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
    • উত্তৰ : প্ৰমত্ত সিংহই।
  54. কোনজন আহোম ৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
    • উত্তৰ : চুহুংমুং।
  55. কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?
    • উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।
  56. মূলা গাভৰুৰ স্বামীৰ নাম কি?
    • উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।
  57. অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?
    • উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
  58. নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?
    • উত্তৰ : শুক্লধ্বজ।
  59. কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?
    • উত্তৰ : হিউৱেন চাঙক।
  60. বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?
    • উত্তৰ : ১৬৭১ চনত।
  61. অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
    • উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।
  62. কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
    • উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।
  63. মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?
    • উত্তৰ : ১৮৫৮ চনত।
  64. ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
    • উত্তৰ : সুকুমাৰ বৰকাইথ।
  65. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?
    • উত্তৰ : তৰুণৰাম ফুকন।
  66. কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
    • উত্তৰ : ১৯৭৮ চনত।
  67. বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?
    • উত্তৰ : ১৯৭৯ চনত।
  68. কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?
    • উত্তৰ : ১৯৭৯ চনত।
  69. কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?
    • উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)
  70. অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?
    • উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।
  71. স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?
    • উত্তৰ : পিয়লি ফুকন।
  72. ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?
    • উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।
  73. ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?
    • উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।
  74. তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?
    • উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)
  75. ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?
    • উত্তৰ : হাগ্ৰামা মহিলাৰী।
  76. ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
    • উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)
  77. কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
    • উত্তৰ : ২০০৩ চনত।
  78. অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
    • উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ
  79. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।
    • উত্তৰ : মুণ্ডক।
  80. ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি?
    • উত্তৰ : ম’ৰা চৰাই আৰু বাঘ।
  81. ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
    • উত্তৰ : ৰাষ্ট্ৰপতি।
  82. ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?
    • উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।
  83. ভাৰতৰ প্ৰথম মহিলা আই. পি. এচ. বিষয়া গৰাকী কিন?
    • উত্তৰ : কিৰণ বেদী (১৯৭২)।
  84. ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
    • উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
  85. অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
    • উত্তৰ : ভোগেশ্বৰ বৰুৱা ।
  86. ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
    • উত্তৰ : ৫ ম ।
  87. কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
    • উত্তৰ : ১৯৯৯ চনত ।
  88. অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
    • উত্তৰ : হৰিশংকৰ ব্ৰক্ষ্ম ।
  89. অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
    • উত্তৰ : ৰাধা গোবিন্দ বৰুৱা ।
  90. সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
    • উত্তৰ : ১৪ তম ।
  91. চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
    • উত্তৰ : অঘৰী আত্মাৰ কাহিনী ।
  92. অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
    • উত্তৰ : ৰুদ্ৰ বৰুৱা ।
  93. ২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
    • উত্তৰ : জয়ন্ত মাধৱ বৰা ।
  94. চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
    • উত্তৰ : বীৰ পাল ।
  95. শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল?
    • উত্তৰ : বদৰিকাশ্ৰমত
  96. ভীষ্মক ৰজাই ক’ত ৰাজত্ব কৰিছিল? 
    • উত্তৰ : বিদর্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী। 
  97. ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল? 
    • উত্তৰ : হিড়িম্বাপুৰ। 
  98. অসমৰ জলপথত কেতিয়াৰপৰা জাহাজ চলাচল আৰম্ভ হয়? 
    • উত্তৰ : ইং ১৮৪৭ চনৰপৰা। 
  99. অসমত কেতিয়াৰপৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? 
    • উত্তৰ : ইং ১৮৮২ চনৰ মে’ মাহৰ ১ তাৰিখৰপৰা। 
  100. অসমত টেলিগ্রাফ সেৱা কেতিয়া প্ৰৱর্তন হয়? 
    • উত্তৰ : ইং ১৮৬৬ চনৰপৰা।
  101. অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰপৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল? 
    • উত্তৰ : ইং ১৮৭১ চনত। গৱৰ্ণৰ কেম্বেলৰ আমােলত। 
  102. কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে? 
    • উত্তৰ : চি এ ব্ৰুচ চাহাবে ইং ১৮২৩ চনত। 

General Knowledge in Assamese



Leave a Comment