Class 7 Science Assamese Medium: Chapter 1

By Amit Kumar

Published on:

Class 7 Science Assamese Medium
- Advertisement -

Class 7 Science Assamese Medium

উদ্ভিদৰ পৰিপুষ্টি 

অনুশীলনী : Class 7 Science Assamese Medium


প্রশ্ন: জীৱক কিয় খাদ্য প্রয়ােজন হয় ? 

- Advertisement -

উত্তৰঃ জীৱ এটাই তাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্রক্রিয়া চলাবলৈ শক্তিৰ প্রয়ােজন হয় । খাদ্যই এই প্রয়ােজনীয় শক্তিৰ যােগান ধৰে ।

প্রশ্ন: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ প্রভেদ লিখা ।

উত্তৰঃ পৰজীৱী উদ্ভিদবােৰে আন উদ্ভিদৰ পৰা খাদ্য শােষণ কৰি তাৰ পুষ্টি সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদবােৰে মৰা , পচা আদি বস্তুৰ পৰাহে খাদ্য শােষণ কৰে । পৰজীৱী উদ্ভিদে তাৰ আশ্রয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয় । 

প্রশ্ন: পাতত শ্বেতসাৰৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিব পাৰি ? 

- Advertisement -

উত্তৰঃ টাবত ৰােৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ’দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত ( বা কলা বাকচৰ ভিতৰত ) প্রায় ৭২ ঘণ্টাৰ বাবে ৰাখি থােৱা হ’ল । ৭২ ঘণ্টাৰ পিছত দুয়ােডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত দুটোপালমান আয়ডিনৰ দ্ৰব পেলাই দিয়া হ’ল । আয়’ডিনৰ দ্ৰবই শ্বেতসাৰৰ লগত বিক্রিয়া কৰি পাতৰ ৰং কলা – নীলা ( ডাঠ নীলা ) কৰে । গতিকে দেখা যাব যে যিটো পাত সূৰ্যৰ পােহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয় । 

ইয়াৰ পৰা দেখা গ’ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে । এই শ্বেতসাৰ পাতে সূৰ্যৰ পােহৰতহে উৎপাদন কৰে ।

- Advertisement -

প্রশ্ন: সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়াৰ চমু বর্ণনা কৰা । অথবা , সালােক সংশ্লেষণ প্রক্রিয়াৰ চমু বর্ণনা দিয়া । 

উত্তৰঃ উদ্ভিদৰ পাত হ’ল খাদ্য প্রস্তুত কৰা কাৰখানা । ইয়াৰ বাবে প্রয়ােজনীয় দ্রব্য হ’ল পানী , বায়ুৰ কার্বন – ডাই – অক্সাইড , পাতত থকা ক্ল’ৰফিল আৰু সূৰ্যৰ পােহৰ । 

- Advertisement -

উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা খনিজ লৱণ সহ পানী শােষণ কৰি পাতত যােগান ধৰে । পাতত থকা ক্ষুদ্র ক্ষুদ্র ছিদ্ৰৰ সহায়ত ই বায়ুৰ পৰা কার্বন – ডাই – অক্সাইড আহৰণ কৰে । পাতত থকা হৰিৎ ( সেউজীয়া ) কণা বা ক্লৰ’ফিলে সূৰ্যৰ ৰশ্মি শােষণ কৰি লয় । এই তিনিও বিধৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি পাতত কার্বহাইড্রেট অণুৰ উৎপাদন হয় । অৱশ্যে বিক্রিয়া এক জটিল প্রক্রিয়াৰ মাজেৰে সংঘটিত হয় । উৎপাদিত কার্বহাইড্রেটৰ বহু সংখ্যক অণুক লগ লগাই ( সংশ্লেষণ কৰি ) জটিল শ্বেতসাৰৰ অণু প্রস্তুত কৰে । ইয়ে উদ্ভিদৰ ( জীৱৰ ) খাদ্য হিচাবে ব্যৱহাৰ হয় । সূৰ্যৰ পােহৰ ( আলােক ) ৰ সহায়ত এই প্রক্রিয়া সংঘটিত হয় বাবে ইয়াক সালােক সংশ্লেষণ ( Photosynthesis : Photo – light , Synthesis – to combine ) বোলে । 

সালােক সংশ্লেষণৰ বিক্রিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি— 

কার্বন ডাই অক্সাইড + পানী  সূর্যৰ পােহৰ   কার্বহাইড্রেট + অক্সিজেন  

পত্রহৰিৎ 

উল্লেখযােগ্য যে সালােকসংশ্লেষণ বিক্রিয়াত অতিৰিক্ত অক্সিজেন উৎপন্ন হয় । পাতে এই অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে । প্রাণীয়ে শ্বাস – প্রশ্বাসৰ বাবে এই অক্সিজেন ব্যৱহাৰ কৰে । 

ভাব সম্প্ৰসাৰণ কৰা:

খালী ঠাই পূৰ কৰা : Class 7 Science Assamese Medium

(a) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক  স্বপােষী  বােলে । 

(b)  উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাবে সঞ্চিত হয় । 

( c ) সালােক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শােষণ কৰে তাক  ক্লৰফিল বােলে ।

(d ) সালােক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে  কাৰ্বন ডাই অক্সাইড গ্রহণ কৰে আৰু অক্সিজেন এৰি দিয়ে ।

তলত দিয়াবােৰৰ নাম লিখা : Class 7 Science Assamese Medium

( i ) হালধীয়া , নলীকা সদৃশ অকোৱা পকোৱা কাণ্ড থকা পৰজীৱী উদ্ভিদ ।

উত্তৰঃ স্বর্ণলতা 

( ii ) পৰপােষিতা আৰু স্বপােষিতা উভয় গুণ সম্পন্ন উদ্ভিদ । 

উত্তৰঃ কলচী উদ্ভিদ।      

( iii ) উদ্ভিদৰ পাতত থকা ছিদ্র যাৰ মাজেৰে ইহঁতে গেছৰ বিনিময় কৰে । 

উত্তৰঃ পত্ৰৰন্ধ

শুদ্ধ উত্তৰ বাছি উলিওৱা :

( a ) স্বর্ণলতা হ’ল :

( i ) স্ব – পােষী ( ii ) পৰজীৱী ( iii ) মৃতজীৱী ( iv ) পােষক ( host ) 

উত্তৰঃ ( ii ) পৰজীৱী ।

( b ) যিবিধ উদ্ভিদে পতংগ ধৰি লৈ তাক ভক্ষণ কৰি পুষ্টি সাধন কৰে সেইবিধ হলঃ 

( i ) স্বর্ণলতা ( ii ) চীনা গােলাপ ( চীনা বােজ ) ( iii ) কলহ লতা ( iv ) গােলাপ । 

উত্তৰঃ ( iii ) কলহ লতা ।

স্তম্ভ- I ত দিয়াবােৰক স্তম্ভ- II ৰ লগত শুদ্ধকৈ মিলােৱা । 

স্তম্ভ- Iস্তম্ভ- Il 
ক্লৰ’ফিলপাত
নাইট্র’জেনবেক্টেৰিয়া
স্বর্ণলতাপৰজীৱী 
প্ৰাণীপৰপােষী
পতংগকলহলতা 

সঁচা মিছা বাছি উলিওৱা : 

( i ) সালােক সংশ্লেষণত কার্বন ডাই অক্সাইড নির্গত হয় ।

উত্তৰঃ ( ii ) মিছা 

 ( ii ) যি বিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰে সেইবিলাক উদ্ভিদক মৃতজীৱী বােলা হয় ।

উত্তৰঃ ( i ) মিছা 

( iii ) সালােক সংশ্লেষণত উৎপন্ন হােৱা দ্রব্য প্র’টিন নহয় । 

উত্তৰঃ ( iii ) সঁচা 

( iv ) সালােক সংশ্লেষণত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় । 

উত্তৰঃ ( iv ) সঁচা  

তলৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা : 

( a ) উদ্ভিদৰ কোন অংগই বায়ুৰ পৰা কার্বন ডাই অক্সাইড সালােক সংশ্লেষণৰ বাবে গ্রহণ কৰে –

( i ) চুলি শিপা ( ii ) পত্ৰৰন্ধ ( iii ) পত্ৰ সিৰা ( iv ) বেটুপাত 

উত্তৰঃ ( ii ) পত্ৰৰন্ধ 

( b ) উদ্ভিদে বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড আহৰণ কৰাৰ ক্ষেত্ৰত মূলত তলৰ কোন অংগৰ ব্যৱহাৰ হয় – 

( i ) শিপা ( ii ) কাণ্ড ( iii ) ফুল ( iv ) পাত 

উত্তৰঃ ( iv ) পাত


Class 7 Science Assamese Medium, daily assam class 7, class 7 social science assamese medium, class 8 science assamese medium, class 7 assamese medium, সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ, বিজ্ঞান class 8 question answer, সমাজ বিজ্ঞান class 7, g science class 7, অসম class 7 question answer, class 7 science assamese medium question answer, class 7 social science assamese medium question answer, assamese medium class 7, class 7 সমাজ বিজ্ঞান, সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ, সপ্তম শ্রেণীর পরিবেশ ও বিজ্ঞান প্রশ্ন উত্তর, অসমীয়া class 7 question answer, অসমীয়া class 7 অসম