Class 5 Poribesh Assamese Medium
All Assamese Medium Class 5 Question Answer
Lesson 6: বতৰ
Table of Contents
উত্তৰ লিখা:
(ক) বতৰ বুলিলে কি বুজা ?
উত্তৰঃ বিভিন্ন সময়ত বায়ুমণ্ডলৰ অৱস্থাৰ সাল-সলনি হয়। বায়ুমণ্ডলৰ একোটা বিশেষ সময়ত একোটা বিশেষ পৰিস্থিতিক সেই সময়ৰ বতৰ বোলে। যেনে— ফৰকাল বতৰ, ডাৱৰীয়া বতৰ ইত্যাদি।
(খ) ঋতু কেইটা আৰু কি কি ?
উত্তৰঃ বছৰৰ ঋতু ছয়টা। সেইকেইটা হ’ল—গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।
(গ) বতৰৰ আগজাননী মানে কি ?
উত্তৰঃ বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলে।
(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা।
উত্তৰঃ থাৰ্ম’মিটাৰ, হাইগ্ৰ ‘মিটাৰ, ৰেইনগজ।
(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে ?
উত্তৰঃ চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে৷
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
‘ক’ অংশ | ‘খ’ অংশ |
বাষ্পৰ পৰিমাণ | হাইগ্ৰ’মিটাৰ |
বায়ুৰ উষ্ণতা | থাৰ্ম’মিটাৰ |
বৰষুণৰ পৰিমাণ | ৰেইনগজ |
বায়ুৰ গতিবেগ | এনিম ‘মিটাৰ |
খালী ঠাই পূৰ কৰা :
(ক) গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।
(খ) বতাহৰ দিশ জুখিবলৈ বায়ু দিক্-দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।
(গ) বায়ু মোজা বতাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে ?
(ঙ) ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰো।
বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?
উত্তৰঃ ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশৰ বাবে বতৰৰ আগজাননী দিয়ে। ৰেডিঅ’, দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়া হয়।
চমুটোকা লিখা :
(ক) ৰেইনগজ : এইবিধ সঁজুলি বৰষুণৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়, যাতে বৰষুণ সঠিক পৰিমাণে জুখিব পাৰি।
(খ) কৃত্রিম উপগ্রহ : পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা যিবোৰ পদাৰ্থ গোটে কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট কক্ষপথত পৃথিৱীক প্রদক্ষিণ কৰি আছে, সেইবোৰকে কৃত্রিম উপগ্রহ বোলে। মহাকাশত কক্ষপথত স্থাপন কৰা কৃত্রিম উপগ্রহবোৰে মানৱ কল্যাণৰ নিমিত্তে বহুতো উপযোগী কাৰ্য সমাধা কৰে। উন্নত যোগাযোগ ব্যৱস্থা, বতৰৰ আগজাননী দিয়া, প্রাকৃতিক সম্পদ অনুসন্ধান, বহির্বিশ্বৰ পর্যবেক্ষণ আদি কার্য সমাধা কৰাই মূল উদ্দেশ্য।
উল্লেখযোগ্য যে কৃত্রিম উপগ্ৰহবোৰত কেমেৰা সংযোগ কৰা থাকে। কৃত্রিম উপগ্রহই পৃথিৱীৰ চাৰিওফালে ঘুৰি থকা অৱস্থাত এইবোৰত লগাই যোৱা কেমেৰাই বায়ুমণ্ডলৰ ডাৱৰৰ আৱৰণ, বতাহৰ দিশ আৰু বেগৰ পৰিমাণ আদিৰ স্পষ্ট ছবি তুলি বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে। এই কৃত্রিম উপগ্ৰহবোৰে অৰণ্য, মৰুভূমি, তুষাৰবৃত অঞ্চলৰ দৰে দুর্গম ঠাইৰ বতৰো পৰ্যবেক্ষণ কৰিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰত এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰা হয়।
(ঘ) বতৰ বিজ্ঞান কেন্দ্ৰ : বতৰ বিজ্ঞান কেন্দ্ৰ ভাৰত চৰকাৰৰ এটা বিভাগ। ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে। আনহাতে কৃত্রিম উপগ্রহই সংগ্ৰহ কৰি অনা বতৰ সম্পৰ্কীয় তথ্যবোৰ অধ্যয়ন কৰি বতৰ কেন্দ্ৰই বতৰৰ আগজাননী প্রস্তুত কৰে।
তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে পাঁচশাৰী বাক্য লিখা।
উত্তৰঃ মই ফৰকাল বতৰ ভাল পাওঁ। ফৰকাল বতৰত আকাশত ডাৱৰ নাথাকে। গৰম বেছি হয়। সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি। ফৰকাল বতৰত বৰষুণ নহয়।
বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনে ধৰণৰ হ’ব লাগে লিখা।
উত্তৰঃ বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰিব লাগে। গৰমৰ দিনত পাতল কপাহী পৰিধান কৰিব লাগে। তেনে কাপোৰ আৰামদায়ক। কৃত্রিম সূতাৰে তৈয়াৰ কৰা কাপোৰ গৰমৰ দিনত পিন্ধিব নালাগে। খুব বেছি বৰষুণ দিলে বা বতাহ দিলে আমাৰ ঠাণ্ডা লাগে। তেনেকুৱা বতৰত ডাঠ কাপোৰ পিন্ধাটো ভাল। শীতকালত গৰম কাপোৰ পিন্ধিব লাগে। তেতিয়াহে শীতৰ পৰা হাত সাৰিব পাৰি।
শীতকালত পাত সৰি পৰা তিনিধি উদ্ভিদৰ নাম লিখা।
উত্তৰঃ শীতকালত শাল, চেগুন, কঁঠাল আদি উদ্ভিদৰ গছৰ পাত সৰি পৰে।
কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ?
উত্তৰঃ বতৰৰ আগজাননীয়ে জাহাজৰ নাৱিক, সাগৰত মাছধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰীক বিশেষভাৱে সহায় কৰে। তদুপৰি বতৰৰ আগজাননীয়ে খেতিয়কসকলকো বিশেষভাবে সহায় কৰে। বতৰৰ আগজাননীয়ে সাম্ভাব্য প্রাকৃতিক দুৰ্যোগৰ পৰা প্ৰতিৰক্ষামূলক ব্যৱস্থা লোৱাটো সহায় কৰিব পাৰে।
বতৰৰ উপাদানকেইটাৰ নাম কি কি ?
উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতা, বতাৰহ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুৰ জলীয় বাষ্প আদি হ’ল বতৰৰ উপাদান।
মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে ?
উত্তৰঃ মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৰ ফলত মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কমিছে। বিশেষকৈ সেই অঞ্চলত মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনি কটাৰ ফলত আগৰ তুলনাত বৰষুণৰ পৰিমাণ চেৰাপুঞ্জী আৰু মৌছিনৰাম অঞ্চলত কমি গৈছে।