Class 5 EVS Assamese Medium
Lesson 4: প্রাকৃতিক সম্পদ
Table of Contents
উত্তৰ লিখা : Class 5 EVS Assamese Medium
(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা।
উত্তৰঃ শাল, চেগুণ, বনচুম, গমাৰী আদি আমাৰ হাবিত পোৱা মূল্যৱান উদ্ভিদ।
(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম লিখা।
উত্তৰঃ জিকা, ভোল, কোমোৰা, লাউ আদি বাৰিষা কালৰ পাচলি।
(গ) অসমৰ তিনিখন বিলৰ নাম লিখা।
উত্তৰঃ অসমৰ তিনিখন বিলৰ নাম হ’ল— দীপৰ বিল, চান্দডুবি আৰু চামগুৰি বিল।
(ঘ) অসমৰ বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ জুইশলা উদ্যোগ, কাগজ উদ্যোগ।
(ঙ) বিলাতী মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম লিখা।
উত্তৰঃ চূণশিল বিলাতী মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ
‘ক’ অংশ | ‘খ’ অংশ |
কাৰ্বি আংলঙত | চূণশিল পোৱা যায়। |
ডিগবৈত | তেল শোধানাগাৰ আছে। |
নাহৰকটীয়াত | খাৰুৱা তেল পোৱা যায়। |
মৰাণত | তৈলক্ষেত্র আছে। |
খালী ঠাই পূৰ কৰা :
(ক) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী সম্পদ নহয়।
(খ) অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।
(গ) ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ’ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।
(ঘ) ভূ-পৃষ্ঠ পানী ভাগৰ দৰে ভূ-গৰ্ভৰ পানী ভাগো আমাৰ সম্পদ |
(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ জীৱাশ্ম ইন্ধন।
তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা।
(ক) তিতাচপা এবিধ কৃষিজাত উদ্ভিদ।
Ans: তিতাচপা এবিধ বনজ উদ্ভিদ।
(খ) প্ৰকৃতিৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।
Ans: প্ৰকৃতিৰ পৰা আহৰণ কৰা সকলো সামগ্ৰী সম্পদ নহয়।
(গ) নল খাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।
Ans: নল খাগৰী, শিশু আদি অসমৰ নৈ-উপনৈৰ দুয়োকাষে পোৱা যায়।
(ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।
Ans: সাগৰৰ তলি, ভূ-গর্ভ’ আৰু শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।
খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে ?
উত্তৰঃ সাধাৰণতে খনিজ সম্পদবোৰ সৃষ্টি হ’বলৈ বহু নিযুত বছৰ লাগে। আনকি সঠিক ব্যৱহাৰৰ ফলত এইবোৰ শেষ হৈ যাব পাৰে। খনিত পৰ্যাপ্তি নাথাকে। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰৰ সুবিধা নাথাকে। এই বাবেই খনিজ সম্পদক অনৱীকৰণক্ষম সম্পদ বোলে।
নৈ-উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফ্ৰেীঘাট আদি গঢ় লৈ উঠাৰ কাৰণ কি ?
উত্তৰঃ সাধাৰণতে নৈ-উপনৈৰ ওচৰৰ পৰা বস্তু-বাহানি জল পৰিবহণ ব্যৱস্থাৰে আন এঠাইলৈ নিয়াৰ সুবিধা থাকে। সেয়ে নৈ-উপনৈৰ ওচৰত জাহাজঘাট, ফ্ৰেীঘাট আদি গঢ়ি উঠে।
চমুটোকা লিখাঃ কয়লা, খাৰুৱা তেল
কয়লা :- নিযুত নিযুত বছৰ আগতে প্রাকৃতিক দুৰ্যোগৰ ফলত গছ গছনিবোৰ ভ্রু গৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূ-গর্ভৰ তলিত পোত যোৱা এই গছ গছনিবোঁৰ লাহে লাহে গেলি পঁচি চাপ আৰু তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল।
অসমত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায়। বিশেষকৈ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। মাকুমৰ কয়লাখনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্টমানৰ কয়লা পোৱা যায়। কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নির্বাহ কৰে। কেতিয়াবা কয়লাখনিৰ পৰা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ-পাজৰৰ পৰিৱেশ প্ৰদূষিত হোৱা দেখা যায়।
খাৰুৱা তেল :- বহু নিযুত বছৰৰ আগতে সাগৰ-মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ-মহাসাগৰৰ বহুতললৈ গৈ বোকাৰ মাজত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰেই ভূ-গৰ্ভৰ প্ৰচণ্ড চাপ, তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল উৎপন্ন হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত থাকে। ইয়াৰ লগতে প্রাকৃতিক গেছো উৎপন্ন হয়। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। ১৮৮৯ চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। অসমৰ খাৰুৱা তেল থকা ঠাইকেইখন হ’ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা ইত্যাদি।
আনহাতে ভূ-গৰ্ভৰ পৰা আহৰণ কৰা খাৰৱা তেলসমূহ শোধানাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধানাগাৰত খাৰুৱা তেল শোধন কৰি পেট্রল, ডিজেল, কোচিন, নেফথেলিন, মম আদি পৃথক কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধানাগাৰ আছে। শোধানাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযোগে কিছু অংশ অসমৰ বাহিৰলৈ পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত কিছুমান উদ্যোগ গঢ়ি উঠিছে। খাৰুৱা তেল আহৰণৰ ফলত ক্রমান্বয়ে ভূ-গৰ্ভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে। সেয়েহে খাৰুৱা তেলৰ ব্যৱহাৰত মিতব্যয়ী হোৱা উচিত। খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক জীৱাশ্ম ইন্ধন বোলে। খাৰুৱা তেল অনৱীকৰণক্ষম সম্পদ।