Class 5 Environment Assamese Medium Chapter 8
জীৱন ধাৰণৰ প্ৰণালী
Table of Contents
১। উত্তৰ লিখা : Class 5 Environment Assamese Medium Chapter 8
(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি ? তেওঁলোকে কি কি খেতি কৰে ?
উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ’ল কৃষি। সাধাৰণতে গাঁৱৰ লোকসকলে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে।
(খ) চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে ?
উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। তেওঁলোকে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা তৰমুজ আদিৰ খেতি কৰে।
(গ) ঝুম খেতি কাক বোলে ? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয় ?
উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিকে ঝুম খেতি বোলে। এই পদ্ধতিৰে আহু ধান, মাকৈ, তিল, আদা, হালধী আদি খেতি কৰা হয়।
(ঘ) নৈৰ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে ?
উত্তৰঃ নৈৰ পাৰৰ লোকসকলে কৃষি কাৰ্যৰ লগতে মৎস্যজীৱি হিচাপে জীৱিকা নির্বাহ কৰে। কিছুমান লোকে মীন পালন কৰি অর্থ উপার্জন কৰে। গৰু, ছাগলী, হাঁহ-কুকুৰা, গাহৰি আদি পালন কৰিও এই অঞ্চলৰ মানুহে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত ?
উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ-পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা : Class 5 Environment Assamese Medium Chapter 8
‘ক’ অংশ | ‘খ’ অংশ |
প্রাকৃতিক দিশৰ পৰা অসম এখন | চহকী ৰাজ্য |
অসমৰ ভৈয়াম আৰু পাহাৰৰ দুয়ো অঞ্চলত | চাহ বাগিচা দেখা যায়। |
আদিম মানুহে | অঘৰী জীৱন যাপন কৰিছিল। |
চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে | ৰবি শস্য কৰে। |
৩। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধটো বাছি উলিয়াই শুদ্ধকৈ লিখা।
উত্তৰঃ (ক) প্রাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল।
(ক) প্রাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল।
(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ মূল উপায়।
উত্তৰঃ (খ) চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ মূল উপায়।
(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।
উত্তৰঃ (গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।
(ঘ) কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুমান লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।
উত্তৰঃ (ঘ) কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুমান লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে।
উত্তৰঃ (ঙ) চৰ অঞ্চলত বাস কৰা মানুহে সাধাৰণতে ৰবি শস্য কৰে।
৪। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল ?
উত্তৰঃ আদিম মানৱে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘুৰি ফুৰি থকা অৱস্থাত ঘটনাক্রমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল।
৫। আদিম কালত মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ আদিম মানবে বিভিন্ন কামত শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। এই শিলৰ সঁজুলিবোৰ তেওঁলোকে নিজৰ কামত উপযোগীকৈ গঢ় দি লৈছিল। চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে শিলৰ কোৰ তৈয়াৰ কৰি লৈছিল।
৬। পার্থক্য লিখা : Class 5 Environment Assamese Medium Chapter 8
(ক) গাঁও আৰু চহৰ
উত্তৰঃ গাঁও আৰু চহৰৰ মাজত ভালেমান পার্থক্য আছে। প্রথমতে, গাঁৱতকৈ চহৰত জনসংখ্যা বেছি আৰু ঘন বসতি। দ্বিতীয়তে, গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি। গাঁৱতকৈ চহৰৰ বাটপথ বহল, যাতায়াতৰ বাবে সুচল গাঁৱতকৈ চহৰৰ যান বাহনৰ সংখ্যা অধিক। গাঁৱতকৈ চহৰত চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদি বেছি। চহৰ অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি আৰু ব্যৱসায় কিন্তু গাঁৱৰ মানুহৰ প্ৰধান জীৱিকাৰ উপায় কৃষি। গাঁৱৰ তুলনাত চহৰত বহুতো উদ্যোগ আৰু কল-কাৰখানা আছে। গাঁৱত উদ্যোগ আদি নাই বুলিবই পাৰি। গাঁৱতকৈ চহৰত শিক্ষিত লোকৰ সংখ্যা বেছি।
(খ) ভৈয়াম আৰু পাহাৰ
উত্তৰঃ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি কিন্তু পাহাৰৰ ঠাইবোৰ ওখ চাপৰ। পাহাৰৰ যাতায়াত ব্যৱস্থা ভৈয়ামৰ দৰে সুচল নহয়। ভৈয়ামতকৈ ‘পাহাৰ অঞ্চলৰ মানুহৰ জীৱন প্ৰণালী কঠিন। পাহাৰীয়া অঞ্চলত ঝুমখেতি কৰে, কিন্তু ভৈয়ামত ঝুম খেতি কৰা নহয়। ভৈয়ামত নদ-নদী দেখা যায়। ভৈয়াম আৰু পাহাৰৰ মানুহৰ মাজত ৰীতি-নীতি আৰু পৰম্পৰা আদিৰো বহু ক্ষেত্ৰত ভিন্নতা দেখা যায়।