Class 5 Assamese Question Answer
Class 5 Assamese Question Answer Lesson 8 – ৰঙৰ ৰহস্য, class 5 all subject question answer, class 5th question answer, 5th class questions and answers, SCERT Class 5 – Assamese Medium , class 5 assamese question answer chapter 8, class 5 assamese question answer lesson 8, ৰঙৰ ৰহস্য , class 5 question and answer, 5th class question answer, class 5 poribesh assamese medium, class 5 assamese book question answer
ৰঙৰ ৰহস্য

পাঠভিত্তিক ক্রিয়া কলাপ
Table of Contents
উত্তৰ দিয়া: Class 5 Assamese Question Answer Lesson 8
১। (ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল?
উত্তৰ: আদিম মানুহে গুহাত বসবাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।
(খ) সূৰ্য্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰং কেইটাৰ নাম কি কি?
উত্তৰ: সূয্যৰ পোহৰত সাতটা ৰং থাকে আৰু সেইকেইটা হল বেঙুনীয়া, ঘন নীলা, নীলা , সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
(গ) আমি বস্তু এটা কেতিয়া দেখো? অন্ধাৰত থকা বস্তু দেখি নোপোৱাৰ কাৰণ কি?
উত্তৰ: কোনো বস্তুত পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে আমি বস্তু এটা দেখা পাওঁ।
আন্ধাৰত পোহৰৰ প্ৰতিফলন নহয় বাবে আমি আন্ধাৰত বস্তু এটা দেখি নাপাওঁ।
(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিল ডাল বগা দেখাৰ কাৰণ কি?
উত্তৰ: সূয্যৰ পোহৰত থকা সাতোটা ৰং মিলি বগা ৰঙৰ সৃষ্টি হৈছে। চক পেঞ্চিলৰ পৰা সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত হৈ আমাৰ চকুত পৰেহি বাবে আমি চক পেঞ্চিলডাল বগা দেখো।
(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?
উত্তৰ: মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হল – গৰিলা, গিবন, চিম্পঞ্জী আদি।
২। কাৰ কি ৰং মিলোৱা।
উত্তৰ:
- আকাশখন – নীলা
- গছৰ পাত – সেউজীয়া
- গাখীৰ – বগা
- সৰিয়হ ফুল – হালধীয়া
- চুলিটাৰি – কলা
- বেঙেনা – বেঙুনীয়া।
৩। খালি ঠাই পূৰ কৰা।
(ক) ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং _____ দেখে।
উত্তৰ: মটীয়াহে।
(খ) আটাকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ____ দেখো।
উত্তৰ: আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি কলা দেখো।
(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ____।
উত্তৰ: ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।
Class 5 Assamese Question Answer Lesson 1-অসম আমাৰ ৰূপহী
৪। সঁচা নে মিছা লিখা।
(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল।
উত্তৰ: সঁচা।
(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।
উত্তৰ: মিছা।
(গ) মৌ – মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।
উত্তৰ: সঁচা।
(ঘ) কিছুমান চৰায়েও আমাৰ নিচিনা ৰং চিনি পায়।
উত্তৰ: সঁচা।
(ঙ) মানুহে অতি বেঙুনয়া ৰংটোও দেখে।
উত্তৰ: মিছা।