Class 5 Assamese Question Answer
Class 5 Assamese, Class 5 Assamese Question Answer , Class 5 Assamese Medium Question Answer, ফুলকোঁৱৰৰ গীত, ncert solution class 5, class 5 all subject question answer, class 5th question answer, 5 question answer, 5th class questions and answers, class 5 assamese question answer chapter 1, class 5 assamese book question answer
ফুলকোঁৱৰৰ গীত
পাঠভিত্তিক ক্রিয়া কলাপ
Table of Contents
১। গীতটিৰ কাহিনী ভাগ নিজৰ কথাৰে সজাই – পৰাই লিখা।
উত্তৰ: ফুলকোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ বাৰ বছৰে শুকাই থকা বাগিছা এখন কিদৰে তমস্কাৰ হৈছিল তাৰে এক সুন্দৰ প্ৰকাশ কৰিছে।
এদিনাখন এজন ফুলকোঁৱৰ কাঠৰ পখী ঘোঁৰাত আহি মালিনীৰ ফুলনি বাগিছাত পৰিল। পখী ঘোঁৰাত অহাৰ বাবে তেওঁ ছমাহৰ বাট এদিনতে কৰিছিল। ফুলনিত পৰিয়েই তেঁও ভৰিৰে ফুল টিপা মৰাত সেউতী, মালতী, তগৰ আদি ফুল বোৰৰ শিপা মেলিব ধৰিলে। তাৰ পিছত তেওঁ মুখেৰে শংখ বজাওঁতে ফুলবোৰে পোখা মেলিছিল। তাৰ পিছত তেওঁ শাল মাৰোতে সকলোৱে ডাল মেলিলে আৰু চলি মাৰোতে কলি পেলায়। তেনেদৰেই শূল মাৰোতে কলি পৰা ফুল বোৰ উলাই। ফুলনিৰ ভাল দশা দেখি বাটোৰুৱাই তৱধ মানিলে আৰু মালিনীক আকৌ বাৰ বছৰৰ ফুলনিখন তমস্কাৰ হৈ উঠাত অভিনন্দন জনালে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰ: টিপা – আঙুলি বা হাতেৰে মৰা চেপা।
শাল: এমূৰ – জোঙা ছুটী খুটি।
চলি – চাচি এৰুওৱা পাতল কাঠ।
শূল – জোঙা অস্ত্ৰ।
দশা – ভাগ্য বা অবস্থা।
শখাঁ – শংখ।
তমস্কাৰ – পৰিপাটি।
৩। উওৰ দিয়া:Class 5 Assamese Question Answer Lesson 7
(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?
উত্তৰ: ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল।
(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ কত পৰিছিল?
উত্তৰ: ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনী ৰ বাৰীত পৰিছিল।
(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?
উত্তৰ: ফুলকোঁৱৰে কাঠৰ পখীঘোঁৰাত উৰি অহাৰ বাবে ছমাহৰ বাট এদিনতে পাইছিল।
(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?
উত্তৰ: ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলাইছিল।
৪। বুজাই লিখা।
(ক) ই বোলে মালিনী সি বোলে মালিনী
তোৰ দশা ভাল হ’ল,
গীটফাকিত “মালিনী” কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?
উত্তৰ: উক্ত গীতফাকিত মালিনী বুলি বাগিছাখনৰ গৰাকীক কোৱা হৈছে। বাৰ বছৰৰ মালিনীৰ এই বাগিছাখন বৰ্তমান শুকান ফুলৰ বাৰী হৈ আছিল। ফুলকোঁৱৰে আহি শুকান ফুলৰ বাগিছাখন তমস্তকাৰ কৰাত বাটোৰুৱা এ তৱধ মানি মালিনীৰ দশা এতিয়া ভাল হল বুলি কৈছিল।
(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনিবাৰী খন কেনেদৰে তমস্কাৰ হৈছিল ?
উত্তৰ: কাঠৰ পখীঘোঁৰাত আহি মালিনীৰ বাৰীত পৰা ফুলকোঁৱৰে প্ৰথমে শুকাই পৰি থকা ফুলত ভৰিৰে টিপা মাৰোতে ফুলবোৰৰ শিপা মেলিব ধৰিলে, মুখেৰে শংখ বজাওতে পোখা মেলিলে , শাল মাৰোতে ডাল মেলিলে আৰু চলি মাৰোতে কলি পেলালে আৰু অবশেষত শূল মাৰোতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰী খনৰ তমস্কাৰ হয়।
(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?
উত্তৰ: শিপা ধৰাৰ পিছত ফুলগছ বোৰে পোখা মেলে , ডাল ওলাই, কলি পেলাই আৰু তাৰ পিছত ফুল ফুলি উঠে।
(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰিখন কেনেদৰে সলনি হয়?
উত্তৰ: বাৰে বছৰীয়া বাৰী খনত কাঠৰ পখিঘোঁৰাত অহা ফুলকোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে।
৫। ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলাই লিখা।
“ক” অংশ | “খ” অংশ |
(ক) জেউতি চৰিলে | ফুলৰে তিৰ্ বিৰ্ দেখে |
(খ) ফুলনি বাৰীত থাকোঁতে | সবেও পেলালে কলি কোঁৱৰে |
(গ) কাঠৰ পখী ঘোঁৰা এৰি | ইপাহি সিপাহী লেখি ফুলকোঁৱৰে |
(ঘ) তগৰ গুটীমালী | উৰি যাওঁ উৰি যাওঁ কৰিল |
(ঙ) কৰে হৰি হৰি | সৱালৈ মাৰিল শাল |
উত্তৰ :
“ক” অংশ | “খ” অংশ |
(ক) জেউতি চৰিলে | উৰি যাওঁ উৰি যাওঁ কৰিল |
(খ) ফুলনি বাৰীত থাকোঁতে | ইপহি সিপাহি লেখি কোঁৱৰে |
(গ) কাঠৰ পখী ঘোঁৰা এৰি | সবালৈ মাৰিলে শাল ফুলকোঁৱৰে |
(ঘ) তগৰ গুটীমালী | সবেও পেলালে কলি |
(ঙ) কৰে হৰি হৰি | ফুলৰে তিৰবিৰ দেখি |