Class 5 Assamese Question Answer
সৰু ছোৱালী আৰু পখী
Table of Contents
All Assmese Question Answer For Class 5
আহ, পখী আহ,
ফুল দিম কোঁচ ভৰি
খুৱাম উদৰ পুৰি,
সাজি দিম সোনোৱালী বাহ,
আহ পখী, উৰি উৰি আহ ।
আহ, পখী আহ,
পকা পকা ফল দিম
তোৰ সতে ওমলিম,
পাবি ৰং, আহ পখী, আহ,
সাজি দিম সোণেৰেই বাহ ।
আহ, পখী আহ,
তোক মই ভাল পাওঁ,
দেখিলেই চাই ৰওঁ
পাখী মেলি উৰা মাৰি আহ,
আহ পখী সাউৎকৰে আহ ।
আহ, পখী আহ
আকাশত উৰি উৰি
অকলে অকলে ফুৰি
গছে-বনে থাকি কিনো গাহ,
আহ পখী, একেচিপে আহ ।
আহ, পখী আহ,
গীত গাবি সুললিত,
শুনি হম হৰষিত
ওচৰতে আছে এটি বাহ
আহ পখী ততালিকে আহ ।
কবি – ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ
(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীক কোঁচভৰাই ফুল দিব বুলি কৈছে, থাকিবলৈ সোণোৱালী বাহ আৰু পকা ফল দিব বুলি কৈছে।
(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ সুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।
(গ) সৰু ছোৱালীয়ে কিয় পখীজনিক গীত গাবলৈ মাতিছে?
উত্তৰঃ সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে।
প্ৰশ্নঃ পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা।
উত্তৰঃ কবিতাটোত সৰু ছোৱালীয়ে পখীক মাতি আছে। পখীক সৰু ছোৱালীয়ে কোঁচ ভৰাই ফুল দিব, উদৰ পূৰাই খাবলৈ দিব আৰু থাকিবলৈ সোণোৱালী বাহ সাঁজি দিব। আকৌ সৰু ছোৱালীয়ে পখীক ফল দিম বুলি কৈছে আৰু ওমলিবলৈ মাতিছে। সৰু ছোৱালীয়ে ভাল পাই বাৰে বাৰে পখীক মাতিছে। পখীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ’বৰ বাবে পখীক সৰু ছোৱালীয়ে মাতিছে।
তলত দিয়াৰ শব্দৰ অৰ্থ শব্দ -সম্ভাৰ আৰু অভিধান চাই লিখা ।
- উদৰ – পেট।
- সাউৎ – বেগেতে।
- একেচিপে – একে বলে।
- সুললিত – শুৱলা
- হৰষিত – আনন্দিত।
- ততালিকে – তৎক্ষণাৎ।
প্ৰশ্নঃ চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে ?
উত্তৰঃ চৰাইজনীয়ে যাতে কষ্ট নাপাই তাৰ বাবে সৰু ছোৱালীয়ে উদৰ পূৰাই খুৱাবলৈ, ফল দিবলৈ, থাকিবলৈ সোণোৱালী বাহ সাজি দিবলৈ গাত লৈছে।
প্ৰশ্নঃ ‘সাউৎকৰে’ শব্দটোৰ অৰ্থ হৈছে ‘বেগতে’, ‘একেচিপতে’, ‘একেশোহাই’,। ‘সাউৎকৰে’ৰ দৰে অৰ্থ প্ৰকাশ কৰা পাঠত থকা আন দুটা শব্দ হৈছে ‘ততালিকে’, ‘একেচিপে’। এতিয়া সাউৎকৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা।
উত্তৰঃ
- -মই দোকানৰ পৰা সাউৎ কৰে (বেগতে) আহোগৈ।
- -সি চোৰটোক সাউৎ কৰে(একো চোচাই) ধৰি আনিলে।
- -তেখেতে সাউৎ কৰে(একে চিপতে) মাছ এটা ধৰি আনিলে।
- -তেওঁ সাউৎ কৰে (একে শোহাই) চাহ কাপ খাই শেষ কৰিলে।
তলৰ শব্দকেইটাৰ সমাৰ্থক শব্দ পদ্যটোৰ পৰা বিচাৰি লিখা ।(দলত আলোচনা কৰি কৰিবা ।)
- শুৱলাঃ সুললিত, সুশ্ৰাব্য়।
- বেগতেঃ সোনকালে, সাউৎকৰে, তৎক্ষণাৎ,
- পেটঃ উদৰ,
- আনন্দিতঃ হৰ্ষিত, সুখী
- গগনঃ আকাশ, শূণ্য়, অম্বৰ, নিলীমা
বাক্য় ৰচনা কৰা-
- সজা (বাহ)ঃ আমাৰ ঘৰৰ চৰাইৰ সজাটো ভাগিছে।
- সজা (নিৰ্মাণ কৰা)ঃ মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে।
- ফল (কৰ্মৰ পৰিণতি)ঃ ভাল কামৰ ফল সদায় ভাল হয়।
- ফল (গছৰ গুটি)ঃ ফল-মূল খোৱাটো স্বাস্থ্য়ৰ বাবে উপকাৰী।
- ৰং (আনন্দ)ঃ বিহু বুলি সকলোৰে ৰং লাগিছে।
- ৰং (বৰণ)ঃ ৰামধেনুত সাতটা ৰং থাকে।