Class 5 Assamese Q & A Lesson 13

By Amit Kumar

Updated on:

Class 5 Assamese Q & A Lesson 13
- Advertisement -

Class 5 Assamese Q & A

ওজাপালি

Class 5 Assamese All Question Ans

- Advertisement -

উত্তৰ দিয়া :

(ক) ওজাপালি কি?

উত্তৰঃ ওজাপালি এটি লোক নাট্য় অনুষ্ঠান।

(খ) ওজাপালিৰ মুখ্য পালিজনক কি বােলা হয় ?

উত্তৰঃ ওজাপালিৰ মুখ্য় পালিজনক ডাইনা-পালি বুলি কোৱা হয়।

- Advertisement -

(গ) ওজাৰ লগত কোন কোন থাকে ? 

উত্তৰঃ ওজাৰ লগত পাঁচ ছয় জন মান পালি থাকে।

- Advertisement -

(গ) ওজাপালিৰ প্ৰকাৰবােৰ কি কি ?

উত্তৰঃ ওজাপালিৰ প্ৰকাৰবোৰ হ’ল সুকনান্নী বা সুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা ব্য়াস গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ঞৱী, তুকুৰীয়া ওজা, আপী ওজা আদি।

- Advertisement -

(ঘ) ওজাপালি ক’ত ক’ত পৰিৱেশন কৰা দেখা যায় ?

উত্তৰঃ ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়।

চমু উত্তৰ দিয়া-

(ক) ওজাপালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা? 

উত্তৰঃ ওজাপালিয়ে পৰিধান কৰা সাজ-পাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে হাতত এযোৰ খুঁটি তাল মেৰিয়াই লয়।

(খ) ওজা-পালিত ওজাই গােৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ ক’ৰ পৰা লোৱা হয় ?

উত্তৰঃ ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্য়ান আৰু উপাখ্য়ানৰ পৰা লোৱা হয়।

(গ) ডাইনা-পালিজনৰ প্রধান কাম কি কি ?

উত্তৰঃ ডাইনা-পালিজন সাধাৰণতে সুৰসিক হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্য়ৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে। 

(ঘ) অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? 

উত্তৰঃ অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য়-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই ‘দিহা’ৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুঁটি তাল বজাই সেই দিহা দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে। আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্য়ৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্য়ানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে।

(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল।

খালী ঠাই পূৰ কৰা-

ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ’ল ডাইনা-পালি। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুটি-তাল দোহাৰে। ডাইনা-পালিয়ে ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।

প্ৰশ্নঃ উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।

উদাহৰণ- ঢোল – ঢোলীয়া           ভাও- ভাওৰীয়া

  • খোলঃ  খোলীয়া
  • লোণ ঃ   লোণীয়া
  • গোঁফঃ   গোঁফীয়া
  • যোৰঃ    যোৰীয়া
  • লগঃ      লগৰীয়া
  • বনঃ     বনৰীয়া
  • কাষঃ    কাষৰীয়া
  • নাওঃ     নাৱৰীয়া

বাক্য ৰচনা কৰা।

  • খুঁটি-তাল (বেঁটু বা খুবুলি নথকা কাঁহৰ সৰু তাল)ঃ ওজাপালি নৃত্য়ত পালিসকলে খুঁটি-তাল বজায়।
  • খুঁটি-খা (নিজৰ ঠোঁঠ বা হাতেৰে ধৰি আহাৰ খা)ঃ চৰাইৰ পোৱালিবোৰ খুঁটি খাব পৰা হ’লে বেলেগে বাঁহ সাজি থাকিবলৈ লয়।
  • খুঁটি-গছা (মাটিত খুঁটি পোতাৰ দৰে পুতি থ’ব পৰা সৰু গছা)ঃ আমাৰ ঘৰত তুলসীৰ তলত চাকি দিবলৈ খুঁটি-গছা ব্য়ৱহাৰ কৰা হয়।
  • খুঁটি-নাটি (কোনো বিষয়ৰ সৰু ভাগ, সৰু-সুকৰা কথা, আঁতিৰগুৰি)ঃ কোনো বিষয়ৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হ’লে বিষয়টো খুঁটি-নাটি মাৰি জানি ল’ব লাগে।
  • খুঁটি-পোত (থাকিবলৈ ঠাই ল)ঃ সি আমাৰ ঘৰত খুঁটি পুতিব খুজিছে।
  • খুঁটি-ঢৰা (চটাই ঢৰা)ঃ বহিবলৈ খুঁটি-ঢৰাখন পাত।
  • খুঁটিয়া-খুঁটি (পৰস্পৰে পৰস্পৰক বা ইটোৱেই সিটোক আঘাত কৰা কাৰ্য)ঃ চৰাই পোৱালিবোৰে খুঁটিয়া-খুঁটি লাগি থাকে।

ncert solution class 5, class 5 question answer, class 5th question answer, অসম আমাৰ ৰূপহী class 5, class 5 english assamese medium, অসম আমাৰ ৰূপহী, class 5 assamese medium, assamese class 5, অংকুৰণ class 5, class 5 assamese book, class 5 evs assamese medium, class 5 english question answer assamese medium, 5th class question answer, class 5 assamese question answer lesson 1, 5th class question answers, class 5 assamese medium question answer, অসমীয়া class 5, class 5 poribesh assamese medium, 5th standard question answers, class 5 all subject question answer, general knowledge book for class 5 with answers pdf, class 5 question and answer, 5th class questions and answers, 5 question answer, class 5 assamese book question answer, class 5 assamese question answer chapter 1Class 5 Assamese Q & A,