Class 5 পৰিৱেশ Question Answer Chapter 9

By Amit Kumar

Published on:

Class 5 পৰিৱেশ Question Answer Chapter 9
- Advertisement -

class 5 পৰিৱেশ Question Answer

Class 5 Q&A

আমাৰ সামাজিক সমস্যা

- Advertisement -

১। উত্তৰ লিখা : class 5 পৰিৱেশ Question Answer

(ক) সামাজিক সমস্যা বুলিলে কি বুজা ?

উত্তৰঃ সমাজত বিভিন্ন কাৰণত কিছুমান কাৰকে এনেদৰে প্ৰভাৱ পেলায় যে আমাৰ সমাজৰ পৰিৱেশ নষ্ট হয় আৰু ইয়ে সমাজত সমস্যাৰ সৃষ্টি কৰে। গতিকে সমাজত বিভিন্ন কাৰকে সৃষ্টি কৰা সমস্যাকেই সাধাৰণ অৰ্থক সামাজিক সমস্যা বুলি ক’ব পাৰি। যেনে— দৰিদ্ৰতা, অন্ধবিশ্বাস, নিৰক্ষৰতা, শিশু শ্রমিক আদি আমাৰ সামাজিক সমস্যা।

(খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয় ? 

- Advertisement -

উত্তৰঃ সমাজত একতা গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্বাস, মিলাপ্রীতি, সহানুভূতি, বন্ধুত্ব আৰু এৰা ধৰা মনোভাৱ আদি গুণৰ প্ৰয়োজন।

(গ) সামাজিক সমস্যাবোৰ কি কি ? 

উত্তৰঃ আমাৰ সমাজত বিভিন্ন সমস্যা আছে। সেইবোৰৰ ভিতৰত অন্ধবিশ্বাস, কু সংস্কাৰ, লিংগ বৈষম্য, দৰিদ্ৰতা, যৌতুক প্রথা, নিৰক্ষৰতা, শিশু শ্রমিক আদি উল্লেখযোগ্য সামাজিক সমস্যা।

- Advertisement -

(ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায় ?

উত্তৰঃ সামাজিক সমস্যা সৃষ্টিত বিশেষকৈ অন্ধবিশ্বাস, কুসংস্কাৰ, নিৰক্ষৰতা আৰু দৰিদ্ৰতা আদি কাৰকে অৰিহণা যোগাই আহিছে। তদুপৰি মানুহৰ মাজত ভেদাভেদ, উচ্চ-নীচ ভাব, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদিয়ে সামাজিক সমস্যাৰ সৃষ্টিত অৰিহণা যোগায়।

২। খালী ঠাই পূৰ কৰাঃ

(ক) আমি সকলোৱে সমাজ পাতি বাস কৰো। 

(খ) অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভুল ধাৰণা। 

(গ) সমস্যা দীর্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়।

(ঘ) ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ’লে কোনো সমস্যা সমাধান নহয়।

(ঙ) লিখা-পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

৪। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা—

(ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

উত্তৰঃ (ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সম্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

(খ) কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

উত্তৰঃ (খ) কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। 

(গ) লিংগ বৈষম্য হ’ল সমাজৰ এটা সমস্যা। 

উত্তৰঃ (গ) লিংগ বৈষম্য হ’ল সমাজৰ এটা সমস্যা।

(ঘ) নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰে।

উত্তৰঃ (ঘ) নিৰক্ষৰতাই সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ সৃষ্টিত অৰিহণা যোগায়। 

(ঙ) টকা-পইচাৰ অভাৱ হ’লে ল’ৰা ছোৱালীবোৰক শ্রমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে।

উত্তৰঃ (ঙ) টকা-পইচাৰ অভাৱ হ’লেও ল’ৰা-ছোৱালীক শ্রমিক হ’বলৈ দিয়া অনুচিত।

৫। চমুটোকা লিখা :

উত্তৰঃ (ক) অন্ধবিশ্বাস :- অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণী মানুহৰ কিছুমান ভুল ধাৰণা। কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি-জাৰি নোচোৱাকৈয়ে সঁচা বুলি বিশ্বাস কৰি লোৱাকে অন্ধবিশ্বাস বুলি কোৱা হয়। আমাৰ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্যতম হ’ল ডাইনী বিশ্বাস। বহুতে নির্দোষী লোকক ডাইনী সজাই নির্যাতন কৰি হত্যা কৰে। অন্ধবিশ্বাসৰ বলি হৈ এনে কাৰ্য কৰে। এনে ধৰণৰ অন্ধবিশ্বাসৰ ফলত সমাজত এক ডাঙৰ সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে অর্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ বা অশিক্ষিত লোকৰ মাজত এনে অন্ধবিশ্বাস দেখা যায়। অন্ধবিশ্বাসে যুক্তিসহকাৰে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে কথাবোৰ ফঁহিয়াই চোৱাত বাধা দিয়ে। তাৰ ফলত মানুহৰ মগজু আৰু বুদ্ধিৰ বিকাশ নহয়। ইয়ে আমাৰ সমাজত প্ৰগতিত বাধাৰ সৃষ্টি কৰে।

(খ) কু-সংস্কাৰ :- কু-সংস্কাৰ হ’ল.এক প্ৰকাৰ সামাজিক ব্যাধি। বহু ক্ষেত্ৰত কু-সংস্কাৰৰ বৈজ্ঞানিক ভিত্তি নাথাকে। যুক্তিৰ আধাৰত কথাবোৰ বিশ্লেষণ কৰিব নোৱাৰি। সমাজত বিয়পি পৰা কু-সংস্কাৰে সামাজিক প্রগতিত বাধা দিয়ে। কিছুমান কু-সংস্কাৰ যেনে— সাপে খুঁটিলে বেজ মাতি চিকিৎসা কৰা, কোনো বেমাৰ হ’লৈ বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপাই অনাহকত মৃত্যু মুখত পৰিবলগীয়া হয়। শিক্ষিত সমাজত কু সংস্কাৰে সহজে খোপনি পুতিব নোৱাৰে।

(গ) যৌতুক :- যৌতুক এক সামাজিক ব্যাধি। বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয় বস্তুকেই যৌতুক বোলা হয়। পিতৃ-মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চলি যাবৰ বাবে কিছুমান প্রয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায়। ই এটা সামাজিক প্রথা। অতীতৰ পৰা সমাজত যৌতুক প্রথা চলি আহিছে যদিও ই কোনো সামাজিক সমস্যা হোৱা নাছিল। কিন্তু কেতিয়াবা দৰা ঘৰৰ পৰা অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পিছত ছোৱালীয়ে অশেষ নির্যাতন ভোগ কৰিবলগীয়া হয়। সমাজৰ সকলো লোকেই এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ’ব লাগিব। ছোৱালীয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আত্মনির্ভশীল হ’লেও এই প্রথা সমাজৰ পৰা নিৰ্মূল হ’ব।

৬। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি কি ?

উত্তৰঃ সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম। আমি সকলোৱে মিলি এক গোট হৈ হিংসা, দ্বেষ, ভেদা-ভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰো। সমাজত একতা আৰু সংহতি অব্যাহত থাকিলে সমাজৰ ক্ষতি কৰিব পৰা কাৰকসমূহে সক্ৰিয় হৈ উঠিব নোৱাৰে, ফলত সমাজত সমস্যাও কমি থাকে। সমাজত একতা অব্যাহত থাকিলে ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি উদ্ভৱ হোৱা সমস্যাৰ সমাধান উলিয়াব পাৰে। অৰ্থাৎ বাইজে একগোট হৈ কাম কৰিলে সমাজৰ বহু সমস্যাৰ সমাধান কৰিব পাৰি। এইবিধ মানৱীয় গুণৰ অভাৱতেই বহুতো সমস্যাৰ সৃষ্টি হয়।