Class 5 আমি আৰু আমাৰ পৰিবেশ
Class 5 Assamese medium All question answers
আহাৰৰ প্ৰয়োজনীয়তা
Table of Contents
১। উত্তৰ লিখা-
(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয় ?
উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই শৰীৰে শক্তি পায়। আহাৰে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। আহাৰত থকা বিভিন্ন পুষ্টিকাৰক দ্রব্যই শৰীৰক শক্তি যোগায়। আহাৰত থকা খাদ্যপ্ৰাণে দেহত প্রতিষেধক হিচাপে কাম কৰে।
(খ) খাদ্যত থকা উপাদানবোৰ কি কি ?
উত্তৰঃ আমাৰ খাদ্যত ছয়বিধ উপাদান থাকে। সেইবোৰ হ’ল— শৰ্কৰা, প্রাটিন, চর্বি,ভিটামিন, খনিজ লবণ আৰু পানী।
(গ) শৰ্কৰা, প্ৰ’টিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ
উত্তৰঃ শৰ্কৰা জাতীয় আহাৰ — ভাত, চেনি।
প্ৰ’টিন জাতীয় আহাৰ —গাখীৰ, কণী।
চর্বিজাতীয় আহাৰ — তেল, মিউ।
(ঘ) সুষম আহাৰ বুলিলে কি বুজা ? সুষম আহাৰৰ কিয় প্রয়োজন ?
উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে।
(ঘ) সুষম আহাৰ বুলিলে কি বুজা ? সুষম আহাৰৰ কিয় প্রয়োজন ?
উত্তৰঃ আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চর্বি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰকেই সুষম আহাৰ বোলে। আমাৰ শৰীৰক নিতৌ প্রয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়। সেয়ে সুষম আহাৰ আমাৰ বাবে অতি প্রয়োজন। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম আহাৰৰ অভাৱত শৰীৰত অভাবজনিত ৰোগে দেখা দিয়ে।
(ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে ?
উত্তৰঃ আমাৰ শৰীৰক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন। পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। ই আমাৰ শৰীৰৰ অলাগতীয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে শৰীৰ শীতল কৰি ৰাখে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
২। খালী ঠাই পূৰ কৰাঃ
(ক) জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন।
(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল প্ৰ’টিন।
(গ) সেউজীয়া শাক-পাচলি আৰু ফলমূলত ভিটামিন আৰু খনিজ থাকে।
(ঘ) প্রয়োনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে।
(ঙ) ডিটামিন-A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
‘ক’ অংশ | ‘খ’ অংশ |
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ’ল। | শৰ্কৰা |
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল। | কেলচিয়াম |
তেজৰ গঠনত সহায় কৰা দ্ৰব্যবিধ হ’ল। | লো |
আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল। | গৰল |
৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা :
(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল গাখীৰ আৰু দৈ/চৰ্বি আৰু প্ৰ’টিন/ভিটামিন আৰু খনিজ দ্রব্য।
উত্তৰঃ (ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল ভিটামিন আৰু খনিজ দ্রব্য।
(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱ হোৱা বেমাৰক কি বুলি কোৱা হয়— বেৰিবেৰি/কুকুৰীকণা/অভাবজনিত ৰোগ
উত্তৰঃ (খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱ হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়।
(গ) ভিটামিন-C অধিক পৰিমাণে থকা খাদ্য হ’ল গাখীৰ/আমলখি/ছয়াবিন।
উত্তৰঃ (গ) ভিটামিন-C অধিক পৰিমাণে থকা খাদ্য হ’ল আমলখি।
(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ ‘হ’ল গাখীৰ /পানী/শাক-পাচলি।
(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল পানী।