Assamese Caption for Instagram
মানুহে নিজৰ সুখ – দুখ, মনৰ অনুভৱ অতীতৰ পৰাই বিভিন্ন মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। পুৰণি কালৰ পৰা গীত, মাত, কবিতা, কাহিনী আকাৰে প্ৰকাশ কৰি আহিছে। সেই গীত মাত, কবিতা, কাহিনী আকাৰে আজিৰ দিনটো মানুহে ভাৱ বোৰ ব্যক্ত কৰি আহিছে যদিও আজিৰ যুগত নতুন মাধ্যম হৈছে Social Media. Social Media ৰ যোগেদি দিয়া Facebook Caption, Instagram Caption আৰু Whatsapp Status সমূহৰ জৰিয়তে সহজে মানুহে নিজৰ মনোভাৱ, সুখ, দুখৰ মূহুৰ্ত সমূহ আনৰ আগত দাঙি ধৰিব পাৰে।
Table of Contents
এই লেখাটোত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। আৰু আমি আপোনাৰ বাবে কিছুমান কেপচন শ্বেয়াৰ কৰিম যিবোৰ আপুনি আপোনাৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত সহজে শ্বেয়াৰ কৰিব পাৰিব…
- অসমীয়া সুপ্ৰভাত – শুভ ৰাতিপুৱা – সুপ্ৰভাত Status
- Assamese Quotes on Love💟অসমীয়া Love Caption✅
- ৰঙালী বিহুৰ শুভেচ্ছা – Rongali Bihu Wishes in Assamese
- Assamese Birthday Wishes | জন্মদিনৰ শুভেচ্ছা অসমীয়া
Assamese Quotes on Life
- মানুহে নিজৰ ভুলৰ বাহিৰে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়।
- কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ ।
- স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায় ।
- যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয় ।
- সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট।
- জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।
- দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে ।
- সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ ।
- যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।
- মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ’বলৈ বাধ্য কৰে ।
- হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।
- কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকায় ।
- জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।
- মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।
- যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব। অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত ।
- সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।
- খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।
- নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।
- দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।
- দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।
- সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।
Assamese Caption for Love

কোনোবা নিৰ্দিষ্ট মানুহৰ
মৰমত আবদ্ধ হৈ পৰিলে
পৃথিৱীৰ আন কাকো
ভাল নালাগে!!

আন মানুহক হাঁহি আৰু অপমান
কৰা মানুহৰ পৰা নিজকে
আঁতৰাই ৰাখক! এনে মানুহৰ লগত
থকাতকৈ অকলে
থকাটো হাজাৰগুণ ভাল!!

পৃথিৱীৰ সকলো কথা
পাহৰি যোৱাটো সম্ভৱ,
কিন্তু কাৰোবাৰ অহংকাৰ
আৰু প্ৰতাৰণা পাহৰি
যোৱাটো সম্ভৱ নহয়।

নিজৰ মান সন্মান ত্যাগ কৰি
মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই।
য’ত সন্মান নাই তাৰ পৰা
নিজকে আঁতৰাই ৰখাটোই ভাল।

Nice 👍