- Advertisement -
ৰোমান্টিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:-
- কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য।
- ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ।
Table of Contents
ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য লিখা:
- ৰমন্যাসিক কবিতাৰ প্ৰথম বৈশিষ্ট্য হ’ল, বন্ধনমুক্তিৰ আদৰ্শ। অষ্টাদশ শতিকাৰ নৱ্যধ্ৰুপদী কবিসকলে কিছুমান ধৰা বন্ধা নীতি আগত ৰাখি কবিতা বচনা কৰিছিল। ৰোমাণ্টিক কবিসকলে কিন্তু এই নীতি-নিয়মৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰকৃততে ৰমন্যাসিক কাব্য আন্দোলনে গঢ় লৈ উঠিছিল নৱৱ্য ধ্ৰুপদীসকলৰ ৰীতিবদ্ধতাৰ বিৰুদ্ধে বিদ্ৰোহাচৰণ কৰাৰ ফলশ্ৰুতি স্বৰূপেই। সেইবাবেই ৰমন্যাসবাদক ‘liberalism in literature’ বা ‘সাহিত্যত আত্মমুক্তিৰ জয়গান’ বুলি কোৱা হয়।
- ৰোমাণ্টিক কবিতাৰ দ্বিতীয় প্ৰধান বৈশিষ্ট্য হ’ল প্ৰকৃতি-প্ৰীতি। ৰোমাণ্টিক কবিতাত ‘প্ৰকৃতি’ স্বয়ংসম্পূৰ্ণ স্বকীয় সত্তা ৰূপে প্ৰাণদায়িনী শক্তিৰ উৎস ৰূপে পৰিগণিত হয়। প্ৰকৃতি কেৱল ঘটনাৰ পৃষ্ঠভূমি হৈ নাথাকিল। প্ৰকৃতিৰ বিভিন্ন উপাদান, যেনে ফুল, চৰাই, গছ-পাত আদি সকলোতে তেওঁলোকে আৰোপ কৰিলে।
- প্ৰকৃতি-প্ৰীতিৰ লগতে চহা জীৱনৰ প্ৰতি আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি গভীৰ আকৰ্ষণো ৰমন্যাসিক সাহিত্যৰ অন্যতম লক্ষণ। ধ্ৰুপদী সাহিত্যৰ নগৰীয়া চৌখিন জীৱনৰ চিত্ৰণৰ বিপৰীতে ৰোমাণ্টিক সাহিত্যত চিহ্নিত হৈছিল গাঁৱলীয়া সৰল জীৱনৰ চিত্ৰ— ভেড়াৰখীয়া, কুটীৰ বাসী, সাধাৰণ লোকৰ সহজ-সৰল জীৱনৰ চিত্ৰ।
- ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ। এইটো যুগৰ কবিসকলে সমসাময়িক সমাজখনৰ লগত নিজকে জীন নিয়াব পৰা নাছিল। জড়বাদী দৃষ্টিভংগী, সামাজিক অত্যাচাৰ-অনাচাৰ আদিয়ে তেওঁলোকৰ মনত এক তিক্ততাৰ ভাব সৃষ্টি কৰিছিল আৰু তাৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে শান্তিৰ উৎস সন্ধান কৰিছিল মধ্যযুগৰ মাজত।
- কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য। নব্যধ্ৰুপদীসকলৰ যুক্তি, বিচাৰবুদ্ধি বা বিচাৰমত্তা আৰু বুদ্ধিনিষ্ঠতাৰ ঠাইত কমন্যাসবাদীসকলে অভিসিক্ত কৰিলে কল্পনা আৰু আৱেগ-অনুভূতিক।
- ছন্দৰ ক্ষেত্ৰতো ৰমন্যাসিক কবিতা বিশেষত্বপূৰ্ণ। স্বাভাৱিকভাৱেই ৰোমাণ্টিক কবিতাৰ ছন্দ প্ৰয়োগৰ ৰীতি আছিল। চহা কবিৰ মৌখিক কবিতাৰ ছন্দকো গীতিময় কবিতাৰ বাহন কৰি লৈছিল।
- ৰহস্যময়তা আৰু বিস্ময়বোধ প্ৰায়বোৰ ৰসন্যাসিক কবিতাৰে এক সাধাৰণ বিশেষত্ব। তাৰ গাতে আঁউজি গঢ় লোৱা আন এক বিশেষত্ব হ’ল– এই যুগৰ কবি-সাহিত্যিকসকলে বাস্তৱ জীৱনতকৈ এক অতিলৌকিক পৰিৱেশ সৃষ্টি কৰিহে বেছি ভাল পাইছিল। এই ক্ষেত্ৰত কবি ক’লৰিজৰ নাম বিশেষভাৱে উল্লেখনীয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা আৰু ৰজনীকান্ত বৰদলৈৰ উপন্যাস উল্লেখ্যযোগ্য।
- ৰমন্যাসিক কবিতাত একধৰণৰ বিপ্লৱী সত্তাও নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। ৰোমাণ্টিক কবিসকলে ব্যক্তিস্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকে শাসক-শোষক, দমনমূলক আইন-কানুন, সামাজিক শোষণ নিষ্পেষণ, অন্যায় আদিৰ বিৰুদ্ধে বিপ্লৱী মনোভাৱ প্ৰদৰ্শন কৰিছিল।
- ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো ৰোমাণ্টিক বা ৰমন্যাসিক কবিতাৰ বিশিষ্টতা লক্ষ্য কৰা যায়। ৰমন্যাসিক কবিসকলে কিন্তু তাৰ পৰিৱৰ্তে অনাড়ম্বৰ, অনাড়ষ্ট ধ্বনিশীল ভাষাকহে কবিতাৰ বাহন কৰি ল’লে।