ৰাইজে নখ জোকাৰিলে নৈ বয় ভাৱ বহলাই লিখা

By Amit Kumar

Published on:

ভাব সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয়
- Advertisement -

ভাব সম্প্ৰসাৰণ কৰা: ৰাইজে নখ জোকাৰিলে নৈ বয়

অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপকৈ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত।

এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয় । ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি।

- Advertisement -

        গতিকে, উক্ত বাক্যটিৰে সম্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে।


ৰাইজে নখ জোকাৰিলে নৈ বয়

ভাৱ বহলাই লিখা:

1 thought on “ৰাইজে নখ জোকাৰিলে নৈ বয় ভাৱ বহলাই লিখা”

Leave a Comment