স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য লিখা।

By Amit Kumar

Published on:

স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য লিখা।
- Advertisement -

স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য লিখা।

স্বপোষী আৰু পৰপোষী জীৱৰ পাৰ্থক্য:

স্বপোষী জীৱপৰপোষী জীৱ
স্বপোষী জীৱই নিজৰ খাদ্য নিজেই প্রস্তুত কৰে। পৰপোষী জীৱই নিজৰ খাদ্য নিজেই প্রস্তুত কৰিব নোৱাৰে। 
স্বপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব পাৰে।পৰপোষী জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিব নোৱাৰে।
অকল উদ্ভিদেহে স্বপোষী হ’ব পাৰে।উদ্ভিদ ৰু প্ৰাণী দুয়োটাই পৰপোষীত অন্তৰ্গত হ’ব পাৰে।

পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ : পৰপোষী উদ্ভিদৰ প্ৰাধান ভাগকেইটা হ’ল—

- Advertisement -

পৰজীৱী, মৃতজীৱী, পতংগভোজী আৰু সহজীৱী। পৰজীৱী উদ্ভিদবোৰ আন উদ্ভিদৰ ওপৰত গজে আৰু সেই উদ্ভিদজোপাৰ পৰা আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে। যেনে— আকাশীলতা।

কিছুমান জীৱই আন মৃত, গেলা পচা জীৱৰ ওপৰত গজি তাৰ পৰা আহাৰ শোষণ কৰে। এইবোৰে মৰা বস্তু পচাই তাৰ পৰা ৰস আহৰণ কৰে। এইবোৰক মৃতজীৱী বোলে। যেনে— কাঠফুলা, বেংচটা, ম’নট্ৰপা, নিওটিয়া, ভেঁকুৰ আদি।

কিছুমান উদ্ভিদ নাই। জেন কম থকা মাটিত জন্মে। ফলত মাটিৰ পৰা উপযুক্ত পৰিমাণে নাইট্ৰ’জেন আহৰণ কৰিব নোৱাৰে। ইহঁতৰ দেহত ক্ল’ৰ’ফিল থাকে। ইঁহতে সালোক সংশ্লেষণ প্রক্রিয়াৰ সহায়ত খাদ্য প্রস্তুত কৰে। কিন্তু নাই৷ ‘জেনৰ অভাৱৰ পৰা হাত সাৰি থাকিবলৈ এই উদ্ভিদবোৰে পতংগৰ দেহৰ পৰা নাইট’জেন জাতীয় পদার্থ আহৰণ কৰে। এইবোৰ উদ্ভিদক পতংগভোজী উদ্ভিদ বোলে। যেনে— কলচী উদ্ভিদ, ৰ’দ মুকুতা, ভেনাছ ফ্লাইট্ৰেপ আদি।

কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে। এনেবোৰ উদ্ভিদক সহজীৱী উদ্ভিদ বোলে। উদাহৰণস্বৰূপে যেনে— শেলাই আৰু ভেঁকুৰৰ সমন্বয়ত গঠিত এবিধ সহজীৱী হ’ল লাইকেন।

- Advertisement -

স্বপোষী পৰিপুষ্টি বুলিলে কি বুজা?

উত্তৰ : উদ্ভিদে পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ তাপ কঢ়িয়াই লয়। এই সূৰ্যৰ তাপ, কার্বন-ডাই-অক্সাইড, পানী আদিৰ সহায়ত নিজে নিজৰ খাদ্য প্রস্তুত কৰি লয়। উদ্ভিদৰ এনে পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি (Autotrophic Nutrition) বোলে।

পৰপোষিত পৰিপুষ্টি বুলিলে কি বুজা?

 উত্তৰ : কিছুমান জীৱই নিজে নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে। ইঁহতে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। প্রাণী, ভেকুৰ, কিছুনান। বেক্টেৰিয়া আদি ইয়াৰ অন্তৰ্গত। আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা। বাবে এইবোৰ জীৱৰ পৰিপুষ্টিক পৰপোষিত পৰিপুষ্টি (Heterotrophica nutrition) বোলে।

- Advertisement -

পৰপোষিত পৰিপুষ্টি কেইপ্ৰকাৰৰ? কি কি?

উত্তৰ : পৰপোষিত পৰিপুষ্টি তিনি প্ৰকাৰৰ।

যেনে:

- Advertisement -

(ক) পূর্ণগ্রাসী পৰিপুষ্টি (Holozoic Nutrition)

(খ) পৰজীৱী পৰিপুষ্টি (Parasitic Nutrition) 

(গ) মৃতজীৱী পৰিপুষ্টি (Saprotrophic Nutrition)


Leave a Comment