সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

By Amit Kumar

Published on:

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14
- Advertisement -

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

Table of Contents

অনুশীলনী

তােমাৰ টোকাবহীত তলত দিয়া বৈদ্যুতিক আহিলাসমূহৰ সাংকেতিক চিত্র অংকণ কৰা ।

(1) সংযােগী তাৰ।  (2) ‘অফ’ অৱস্থাৰ চুইছ 

- Advertisement -

(3) ‘অন’অৱস্থাৰ চুইছ (4) বাল্ব (5) বিদ্যুৎ কোষ (6) বেটাৰি । 

উত্তৰঃ            বৈদ্যুতিক আহিলা 

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

তলত দিয়া চিত্ৰৰ পৰা বর্তনী চিত্র অংকণ কৰা । 

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

উত্তৰঃ প্ৰশ্নত দিয়া চিত্ৰৰ বর্তনী চিত্র হ’ল-

- Advertisement -
সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

তলৰ চিত্ৰত চাৰিটা বিদ্যুৎ কোষ দিয়া হ’ল । এই চাৰিটা বিদ্যুৎ কোষৰ দ্বাৰা এটা বেটাৰি তৈয়াৰ কৰিবলৈ বৈদ্যুতিক তাঁৰেৰে সংযােগ দেখুওৱা ।

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

উত্তৰঃ তলত চাৰিটা কোষৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰিৰ চিত্ৰ দিয়া হ’ল । 

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

চিত্ৰত দিয়া বর্তনীৰ বাল্বটো জ্বলি উঠা নাই ।  তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে ? বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি ঘটোৱা ।

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

বাল্বটো জ্বলি নুঠাৰ কাৰণটো হৈছে বর্তনীটোত ব্যৱহাৰ কৰা বেটাৰিৰ দুয়ােটা কোষৰ ধনাত্মক প্ৰান্ত এটা আনটোৰ লগত সংযােগ হৈ আছে । এটা কোষৰ ধনাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযােগ কৰিলেহে বাল্বটো জ্বলি উঠিব । বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি তলত দেখুওৱা হ’ল-

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

বিদ্যুৎ প্ৰৱাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা ।

উত্তৰঃ বিদ্যুৎ প্রবাহৰ যিকোনাে দুটা প্রভাব হ’ল— 

- Advertisement -
  1. তাপৰ উৎপাদন । আৰু 
  2. চুম্বক ক্ষেত্ৰৰ উৎপাদন । 

এডাল তাঁৰৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে তাঁৰডালৰ নিকটৱৰ্তী চুম্বক শলা এডাল উত্তৰ-দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। ব্যাখ্যা কৰা ।

উত্তৰঃ পৰিবাহীৰ মাজেৰে বিদ্যুৎচালিত হ’লে পৰিবাহীৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ উৎপন্ন হয় । এই – চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্তক্রিয়াৰ ফলত চুম্বকশলাৰ বিক্ষেপন ঘটে ।

তলত দিয়া বর্তনীৰ চাবি বন্ধ ( off ) কৰি দিলে বর্তনীত থকা চুম্বক শলাৰ বিক্ষেপন ঘটিবনে ?

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

উত্তৰ— চুম্বক শলাৰ বিক্ষেপণ নঘটে । কাৰণ বৰ্তনীৰ ছুইচটো কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্রবাহ নহয়, যিহেতু বৰ্তনীত কোনাে বিদ্যুৎ কোষ (Battery)  সংযােগ কৰা হােৱা নাই ।

খালী ঠাই পূৰ কৰা 

( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ………….. বুজায় । 

উত্তৰঃ ( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ধনদ্বাৰ বুজায় । 

( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক ………… বােলে । 

উত্তৰঃ ( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক বেটাৰি বােলে । 

( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই………. হয় । 

উত্তৰঃ ( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই লােহিত তপ্ত  হয় । 

( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক …………. বোলা হয় । 

উত্তৰঃ ( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক ফিউজ বোলা হয় । 

শুদ্ধ উক্তিৰ বিপৰীতে ‘ T ‘ আৰু অশুদ্ধ উক্তিৰ বিপৰীতে ‘ F ‘ লিখা । 

( a ) দুটা কোষেৰে এটা বেটাৰি সাজিব লাগিলে এটা কোষৰ ঋণমূৰ আনটো কোষৰ ঋণমূৰৰ লগত সংযােগ কৰা হয় । 

উত্তৰঃ F

( b ) যেতিয়া ‘ফিউজ’ৰ মাজেৰে প্ৰয়ােজনতকৈ বেছি বিদ্যুৎপ্রবাহ চালিত হয় , তেতিয়া ফিউজ তাঁৰডাল গলি চিঙি যায় । 

উত্তৰঃ T

( C ) বিদ্যুৎ চুম্বক এডালে লােৰ টুকুৰা এটাক আকর্ষণ নকৰে । 

উত্তৰঃ F

( d ) বৈদ্যুতিক ঘণ্টাত এডাল বিদ্যুৎ চুম্বক থাকে । 

উত্তৰঃ T

জাবৰৰ দম এটাৰ পৰা প্লাষ্টিক বেগ বিদ্যুৎ চুম্বকেৰে পৃথক কৰিব পাৰিনে ? বাখ্যা কৰা ।

উত্তৰঃ নােৱাৰি । কাৰণ বিদ্যুৎ চুম্বকে মাত্র চুম্বকীয় পদার্থবােৰকহে আকর্ষণ কৰে । প্লাষ্টিক বেগবােৰ অচুম্বকীয় পদার্থ আৰু ইয়াক বিদ্যুৎ চুম্বকে আকর্ষণ নকৰে । গতির্কে এইবােৰক জাবৰৰ দমৰ পৰা পৃথক কৰিব নােৱাৰি । 

জুবেদাই চিত্রত দেখুওৱাৰ দৰে এটা কোষ ধাৰক লৈ এটা ছুইচ আৰু বাৰে বিদ্যুৎ বর্তনী তৈয়াৰ কৰিছিল । যেতিয়া তাই ছুইচ ‘অন’ কৰিলে বাল্বটো নজ্বলিল । জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ চিনাক্ত কৰা । 

 

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

উত্তৰঃ জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ হ’ব— 

( ১ ) বিদ্যুৎ কোষৰ সংযােগ ভুল হ’ব পাৰে । 

( ২ ) বাল্বটো ফিউজ হ’ব পাৰে । 

( ৩ ) তাঁৰৰ সংযােগ স্থল ঢিলা হ’ব পাৰে । 

তলত দিয়া বর্তনীৰ ক্ষেত্ৰত 

( i ) ছুইচ ‘অফ’ থকা সময়ত যিকোনাে এটা বাল্ব জ্বলিব পাৰেনে ? 

( ii ) ছুইচ ‘অন’ কৰাৰ পাছত বাল্ববােৰৰ A , B , C ৰ জ্বলনৰ ক্ৰম কি হ’ব ? 

সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14

উত্তৰঃ

( i ) নােৱাৰে । 

( ii ) একে সময়তে তিনিওটা বাল্ব জ্বলি উঠিব । বাল্ববােৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাল্ববোৰ জ্বলিব । যিহেতু বাল্ববােৰ শ্ৰেণীবদ্ধভাবে আছে , গতিকে A বাল্বটো যিমান  উজ্জ্বল হব , B বাল্বটো কম হব আৰু C বাল্বটো A আৰু B ত কৈ বেছি কম হ’ব ।


Leave a Comment