সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
পাঠ ১১
প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ
Class 7 Science Assamese Medium: Chapter 1
Table of Contents
অনুশীলনী
1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলোৱা:
স্তম্ভ 1 | স্তম্ভ 2 |
(i) পত্ৰ ৰন্ধ (Stomata) | (b) প্ৰস্বেদন (Transpiration) |
(ii) জাইলেম (Xylem) | (d) পানী পৰিবহণ (Transport of Water) |
(iii) চুলি শিপা (Root hair) | (a) পানী শোষণ (Absorption of water) |
(iv) ফ্লৱেম (Phloem) | (c) আহাৰ পৰিবহণ (Transport of food) |
খালী ঠাই পূৰ কৰা:
- ধমনীৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় ।
- লোহিত ৰক্ত কোষত হিমগ্লবিন পোৱা যায় ।
- ধমনী আৰু সিৰাবোৰ কৈশিক জালিকাৰ দ্বাৰা সংলগ্ন।
- হ্ৰদযন্ত্ৰৰ সুসংহত প্ৰসাৰন আৰু সংকোচনক হৃদস্পন্দন বোলা হয় ।
- মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ’ল ইউৰিয়া ।
- ঘামত পানী আৰু নিমখ থাকে ।
- জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক প্ৰসাৱ বোলা হয় ।
- শোষন টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহণ হোৱাৰ কাৰণ হ’ল প্ৰস্বেদন।
শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(a) উদ্ভিদত পানী পৰিবহণ হয়,
(i) জাইলেম (ii) ফ্ল’ৱেম (iii) পত্ৰৰন্ধ (iv) চুলি শিপাৰ দ্বাৰা
উত্তৰ— (i) জাইলেম ।
(b) শিপাৰ দ্বাৰা পানীৰ শোষন বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়-
(i) ছাঁত (ii) কম পোহৰত (iii) ফেনৰ তলত (iv) পলিথিন মোনাৰে ঢাকি থলে।
উত্তৰ— (iii) ফেনৰ তলত ।
উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহণৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা ।
উত্তৰ : উদ্ভিদ বা প্ৰাণীক জীয়াই থাকিবৰ বাবে আহাৰ, পানী আৰু অক্সিজেনৰ প্ৰয়োজন। পৰিবহণৰ দ্বাৰাই তেজে প্ৰাণীৰ শৰীৰৰ বিভিন্ন অংশলৈ বিভিন্ন দ্ৰব্য পৰিবহণ কৰে। ইয়াৰ উপৰিও প্ৰানীৰ শৰীৰৰ বৰ্জিত দ্ৰব্যসমূহ পৰিবহণৰ মাধ্যমেৰে ৰেচন তন্ত্ৰলৈ যায়। তেজে হাওঁফাওঁৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টিহোৱা অপ্ৰয়োজনীয় দ্ৰব্যসমূহ দেহৰ পৰা বৰ্জন কৰায়।
উদ্ভিদৰ খাদ্য পাতত উৎপন্ন হয় । পাতৰ পৰা এই খাদ্য উদ্ভিদ দেহত জাইলেম কলাৰ দ্বাৰা বিতৰণ হয় । খাদ্য তৈয়াৰ কৰাৰ বাবে শিপাই মাটিৰ পৰা শােষণ কৰা পানী খনিজ লবনো ফ্ল’ৱেমৰ মাধ্যমেৰে পাতলৈ পৰিচালিত হয় ।
যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ’ব ?
উত্তৰ: যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া শৰীৰত কেতিয়াবা কাটিলে,
কটা অংশৰ পৰা ওলোৱা তেজ বন্ধ নহ’ব । কাৰণ অনুচক্ৰিকা নামৰ কোষবিধৰ উপস্থিতিৰ কাৰণেহে তেজৰ খমলা বান্ধে ।
পত্ৰৰন্ধ্ৰ কি ? পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা ।
উত্তৰ: পাতৰ পৃষ্ঠত থকা সৰু সৰু ছিদ্ৰৰ দ্বাৰা পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে। পাতত থকা এই সৰু সৰু ছিদ্ৰ বোৰক পত্ৰৰন্ধ বোলে।
পত্ৰৰন্ধ্ৰৰ দুটা কাম হৈছে-
- পত্ৰৰন্ধই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে।
- পত্ৰৰন্ধৰ দ্বাৰা উদ্ভিদে প্ৰস্বেদন ক্ৰিয়া সম্পাদন কৰে।
প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ? ব্যাখ্যা কৰা ।
উত্তৰ: উদ্ভিদে খনিজ পোষক দ্ৰব্য আৰু পানী মাটিৰ পৰা শোষণ কৰে। কিন্তু শোষণ কৰা সকলোখিনি পানী উদ্ভিদে ব্যৱহাৰ নকৰে। পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধৰ মাজেৰে প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানী বাষ্পীভূত হয়। পাতৰ পৰা হোৱা পানীৰ বাষ্পীভৱনৰ ফলত জাইলেম নলীকাৰ ভিতৰত শোষণ বলৰ সৃষ্টি হয়। যিয়ে ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহন কৰিব পাৰে। প্ৰস্বেদন প্ৰক্ৰিয়াই উদ্ভিদকো শীতল কৰিও ৰাখে।
তেজৰ উপাদানসমূহ কি কি ?
উত্তৰ: তেজৰ উপাদানসমূহ হৈছে- প্লাজমা,লোহিত ৰক্ত কোষ,শ্বেতৰক্ত কোষ আৰু অনুচক্ৰিকা ।
শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন ?
উত্তৰ: তেজে হাওঁফাওঁৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা কাৰ্বন-ডাই-অক্সাইডকে ধৰি সকোলো অপ্ৰয়োজনীয় দ্ৰব্য দেহৰ পৰা বৰ্জন কৰায়। ইয়াৰ বাহিৰেও তেজত থকা শ্বেত ৰক্ত কোষে, আমাৰ শৰীৰত প্ৰৱেশ কৰা বীজাণুক প্ৰতিহত কৰে। সেইবাবেই তেজ শৰীৰৰ সকলো অংশৰ বাবে তেজ অতি প্ৰয়োজনীয়।
কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে ?
উত্তৰ: হিম’গ্লবিনে তেজৰ ৰঙা ৰং প্ৰদান কৰে ।
হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা ।
উত্তৰ: হৃদযন্ত্ৰ হৈছে শৰীৰৰ এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন হৈ থাকে আৰু তেজৰ লগতে অন্য দ্ৰব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে। হৃদযন্ত্ৰত থকা চাৰিটা কোঠালিয়ে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন-ডাই-অক্সইডযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে।হৃদযন্ত্ৰই তেজ পাম্প কৰি শৰীৰৰ বাকী অংশলৈ পঠিয়ায়। হৃদযন্ত্ৰৰ কোঠালিবোৰ পেশীৰে গঠিত। এই পেশীসমূহ নিৰ্দিষ্ট গতিত সংকোচন আৰু প্ৰসাৰণ হয়। হ্ৰদযন্ত্ৰৰ এই সুসংহত প্ৰসাৰন আৰু সংকোচনকে হৃদস্পন্দন বোলা হয় ।
বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন ?
উত্তৰ: আমাৰ শৰীৰত কোষসমূহে যেতিয়া বিভিন্ন কাৰ্য সম্পাদন কৰে তেতিয়া কোষবোৰে কিছুমান নিৰ্দিষ্ট বৰ্জিত দ্ৰব্য এৰি দিয়ে। যিহেতু এইবোৰ বিষাক্ত সেয়ে শৰীৰৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন । যদিহে এইবোৰ শৰীৰত জমা হৈ থাকে তেতিয়া বিভিন্ন বেমাৰৰ উপৰ্সগই দেখা দিব পাৰে।
মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
উত্তৰ:
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অন্যান্য প্ৰশ্ন উত্তৰ
সংবহন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত ?
হৃদযন্ত্ৰ আৰু ৰক্ত নলীকাৰ দ্বাৰা সংবহন তন্ত্ৰ গঠিত।
এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ নাড়ী স্পন্দনৰ হাৰ কিমান ?
এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ নাড়ী স্পন্দনৰ হাৰ প্ৰতি মিনিটত 72-80 ।
ধমনী আৰু সিৰাৰ কাম কি ?
ধমনীয়ে হৃদযন্ত্ৰৰপৰা তেজ শৰীৰৰ আন অংশলৈ কঢ়িয়ায় আৰু সিৰাই শৰীৰৰ সকলো অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ ঘূৰাই পঠায়।
ৰেচন প্ৰক্ৰিয়া বুলিলে কি বুজা ?
শৰীৰৰপৰা বৰ্জিত পদাৰ্থ উলিয়াই পেলোৱা প্ৰক্ৰিয়াটোকে ৰেচন বোলা হয়।
class 7 social science question answer assamese medium, class 7 poribesh o bigyan question answer, daily assam class 7 science, সপ্তম শ্ৰেণীৰ গণিত প্ৰশ্ন উত্তৰ, daily assam class 7 social science,সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান, class 7 বিজ্ঞান,বিজ্ঞান class 7 পাঠ 3,বিজ্ঞান class 7 পাঠ 5