সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২

By Amit Kumar

Published on:

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২
- Advertisement -

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

পাঠ ১২

উদ্ভিদৰ প্ৰজনন

- Advertisement -
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ:

অনুশীলনী

খালী ঠাই পূৰ কৰা: সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

১) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে ________বোলে। 

উত্তৰঃ উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে অংগজ বংশ বিস্তাৰ বোলে।

- Advertisement -

২) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_______ বোলে। 

উত্তৰঃ এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক একলিংগ ফুল বোলে।

৩) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে_________ বুলি জনা যায় । 

- Advertisement -

উত্তৰঃ একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে পৰাগযোগ বুলি জনা যায়।

৪) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _________ বোলে। 

উত্তৰঃ পুং আৰু স্ত্ৰী জননকোষৰ মিলনক নিষেচন বোলে।

৫) বীজৰ বিস্তাৰণ ________,________আৰু_________ জৰিয়তে হয় । 

উত্তৰঃ বীজৰ বিস্তাৰণ বায়ু, পানী আৰু প্ৰাণীৰ জৰিয়তে হয়।

অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া। 

উত্তৰঃ  অযৌন প্ৰজননৰ পদ্ধতিবোৰ হ’ল–

অযৌন প্ৰজননত বীজ বা ৰেণু নোহোৱাকৈয়ে নতুন উদ্ভিদ পোৱা যায়। তাৰে এটা পদ্ধতি হ’ল-

অংগজ বংশ বিস্তাৰঃ ইয়াত উদ্ভিদ বোৰ শিপা, কাণ্ড,পাত আৰু মুকুলৰপৰা পোখা মেলি সৃষ্টি হয়। যিহেতু উদ্ভিদৰ অংগজ অংশৰ পৰা এই বংশ বৃদ্ধি হয় সেয়ে ইয়াক অংগজ বংশ বিস্তাৰ বুলি কোৱা হয়।  উদাহৰণস্বৰূপে- গোলাপ বা চম্পা ফুলৰ ডাল এটা গাঁঠিৰে সৈতে কাটা। এই কাটি লোৱা ডালটো হ’ল এটা শাখা কলম। এই শাখা কলমটো মাটিত কেইদিনমান পুতি থোৱাৰ  পাছত দেখিম যে ইয়াৰ শিপা বাহিৰ হ’বলৈ ধৰিছে আৰু কাণ্ডৰ পৰা পাত ওলাইছে আৰু লাহে লাহে দেখা গৈছে যে ই এজোপা সম্পূৰ্ণ গছলৈ পৰিৱৰ্তিত হৈছে।

মুকুলন বা মুকুলোদগমঃ ইষ্ট হৈছে এক ক্ষুদ্ৰ অণুজীৱ। যদি ইহঁতক যথেষ্ট পৰিমাণে পোষক দ্ৰব্য় দিয়া হয় এইবোৰৰ বৃদ্ধি আৰু বিভাজন প্ৰায় প্ৰতি কেইঘন্টামানৰ মূৰে মূৰে হ’ব পাৰে। ইষ্ট কোষটোৰপৰা সৰু টেমুনাৰ দৰে ওলাই অহা অংশবোৰক মুকুল বোলে। ক্ৰমশঃ মুকুলবোৰৰ বৃদ্ধি হয় আৰু মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ নতুন ইষ্টকোষৰ গঠন হয়। মাজে সময়ে মুকুলৰ পৰা আন মুকুলৰ সৃষ্টি হৈ মুকুল শৃংখল গঠন কৰে।উদাহৰণস্বৰূপে–এটুকুৰা পিঠা  অলপ পানীত থৈ  ইয়াত ইষ্ট গুৰি অলপ মিহলাই তাত এচামুচ চেনি দি লৰাই দিয়া। এঘন্টাৰ পিছত এখন কাচৰ শ্লাইডত জুলীয়া পদাৰ্থৰ এটোপাল লৈ অণুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰিলে দেখা যাব ইয়াত মুকুল বৃদ্ধি হৈ মুকুল শৃংখল গঠন হৈছে।  

বিভাজনঃ অযৌন প্ৰজননৰ আন এটা পদ্ধতি হৈছে বিভাজন। উদাহৰণস্বৰূপে- শেলাই এবিধ বিজলুৱা বস্তু। যেতিয়া পানী আৰু পোষক দ্ৰব্য় যথেষ্ট পৰিমাণে পায়, তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্য়াত বাঢ়ি যায়। কোনো এবিধ শেলাই দুই বা ততোধিক টুকুৰালৈ বিভাজন হ’ব পাৰে। 

ৰেণু গঠনঃ ৰেনুবোৰ হ’ল অযৌন প্ৰজনন অংগ। প্ৰতিটো ৰেণুৰ প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয়। মছ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ তেনে উদ্ভিদৰ উদাহৰণ।                                                                                                 

যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা। 

উত্তৰঃ ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ। সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধিৰ বাবে ফুলবোৰৰ সৃষ্টি। পুংকেশৰবোৰ হ’ল ফুলৰ পুংজনন অংগ আৰু স্ত্ৰীকেশৰ হ’ল স্ত্ৰীজনন অংগ। যৌন প্ৰজননত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হৈ এটা যোজন কোষৰ সৃষ্টি কৰে। এই মিলন প্ৰক্ৰিয়াটোৱেই হ’ল গৰ্ভধান বা নিষেচন। পৰাগ ৰেণুৰ পৰা পুংজনন কোষ ডিম্বকৰ ভিতৰত থকা স্ত্ৰীজনন কোষত মিলিত হয়। পৰাগধানীৰ পৰা পৰাগৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাকে পৰাগযোগ বোলে। পৰাগৰেণুবোৰ গৰ্ভমুণ্ডলৈ নানা মাধ্য়মৰ দ্বাৰা স্থানান্তৰিত হয়। এই মাধ্য়মবোৰ হ’ল- বতাহ, পানী, নানা ধৰণৰ পতংগ ,প্ৰাণী ইত্য়াদি । ফুলবোৰ ৰঙীন আৰু সুগন্ধি হোৱাৰ ফলত কীট-পতংগবোৰ ফুলত পৰে আৰু সিহঁতৰ দেহত পৰাগৰেণু বোৰ কঢ়িয়াই লৈ যায়। একেজাতীয়  অন্য় এপাহ ফুলত সিহঁত পৰিলে কঢ়িয়াই নিয়া পৰাগৰেণু গৰ্ভমুণ্ডত পৰে। এয়াই হৈছে ইহঁতৰ পৰাগযোগ। যদি একেপাহ ফুলৰ পৰাগৰেণু গৰ্ভমুণ্ডত পৰে তাক স্বপৰাগযোগ বোলে। যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযোগ বোলে। পৰাগৰেণুটো গৰ্ভমুণ্ডত পৰাৰ পিছত ই অংকুৰিত হৈ পৰাগনলীৰ সৃষ্টি কৰে। পৰাগনলীডাল গৰ্ভমুণ্ড ভেদ কৰি গৰ্ভদণ্ডৰ মাজেৰে গৈ গৰ্ভাশয়ৰ ডিম্বকক স্পৰ্শ কৰে। পৰাগনলীত থকা পুংজনন কোষটো ডিম্বকত থকা স্ত্ৰীজনন কোষৰ লগত লগ হৈ নিষেচন বা গৰ্ভধান কাৰ্য সম্পন্ন কৰে। গৰ্ভধাৰণৰ পিছত গৰ্ভাশয়টো ডাঙৰ হৈ ফলত পৰিণত হয়।

অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য়সমূহ বৰ্ণনা কৰা। 

যৌন আৰু অযৌন প্রজননৰ মাজৰ প্রধান পার্থক্য হল —

যৌন প্রজননঅযৌন প্রজনন
১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ।১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয় ।
২. নতুন উদ্ভিদৰ সৃষ্টিৰ বাবে পুৰুষ  আৰু স্ত্রী উভয় জনন কোষৰ প্ৰয়োজন ।২. একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয় । 
৩. নতুন উদ্ভিদত পিতৃ আৰু মাতৃ উভয় জীৱৰে লক্ষণ প্ৰকাশ পায় ।৩. যি লিংগৰ জীৱৰ পৰা নতুন উদ্ভিদৰ  সৃষ্টি হয়, সেই জীৱৰে চৰিত্ৰ বহন কৰে ।
৪. জাইগ’টৰ সৃষ্টি হয় । ৪. জাইগ’টৰ সৃষ্টি নহয় ।
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ:

এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰাঁ । 

উত্তৰঃ 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২

স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজত পাৰ্থক্য লিখাঁ ?

স্ব – পৰাগযােগপৰ-পৰাগযােগ
১. স্ব – পৰাগযােগত একেটা ফুলৰে পৰাগৰেণু সেই ফুলৰে গর্ভমুণ্ডত পৰি পৰাগযােগ ঘটে । ১. পৰ – পৰাগযোগত এটা ফুলৰ পৰাগৰেণু সেই একেজোপা গছৰে আন এটা ফুলত  বা আন এজোপা গছৰ ফুলত পৰি পৰাগযােগ ঘটে । 
২. কোনাে বাহক নহঁলেও ঘটে ।২. পৰাগৰেণু কঢ়িয়াবলৈ বাহকৰ প্রয়ােজন ।
৩. মাত্র উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ হয় ।৩. একলিংগী ফুলৰ দ্বাৰা ঘটে ।

ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখাঁ ?

উত্তৰঃ 

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

পৰাগযােগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্রীস্তৱকৰ গর্ভমুণ্ডত পৰে । গর্ভমুণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলাই গর্ভমুণ্ডৰ মাজেৰে গৈ গর্ভকোষত সােমায় । পৰাগনলীৰ মাজেৰে পুংজনন কোষ গৈ ডিম্বাণু পায় । পুংজনন কোষ গৈ স্ত্রী জননকোষৰ লগত মিলন হয় । তাত দুয়াে জনন কোষৰ সংযােজন ফলত ভ্ৰূনাণু ( জাইগ’ট ) ৰ সৃষ্টি হয় । জাইগ’ট সৃষ্টি হােৱা এই প্রক্রিয়াকে নিষেচন বােলে । 

বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা । 

উত্তৰঃ 

১) ঘাহৰ পাতল বীজ বা অ’কৰ (মদাৰ) শুঙাল বীজ আৰু চুলি সাদৃশ নোমযুক্ত, সূৰ্যমুখী ফল বহু দূৰলৈ বতাহত উৰি যাব পাৰে আৰু এনেকৈ বীজ উৰি গৈ বেলেগ এঠাইত পৰি তাত বীজৰ বিস্তাৰণ হয়। 

২) কিছুমান বীজ পানীৰ দ্বাৰা হয়। সাধাৰণতে জোনবোৰ গছ নদীৰ পাৰত থাকে , তেনেবোৰ গছৰ পৰা ফলৰ বীজ খৰি নদীত পৰে। আৰু নদীয়ে সেইবোৰ উতুৱাই নি বেলেগ এঠাইত পেলাই আৰু এনেকৈ বীজৰ বিস্তাৰণ হয়।

৩) কিছুমান বীজ প্ৰাণীৰ দ্বাৰা হয়। বিশেষকৈ হাকোটাৰ সৈতে থকা কাঁইটীয়া বীজবোৰ প্ৰাণীৰ দেহত লাগি ধৰে আৰু প্ৰাণীয়ে এইবোৰ বহুত দূৰলৈ কঢ়িয়াই নিয়ে। উদাহৰণ অগৰা,আৰু ইউৰেনা। 

৪) যেতিয়া কিছুমান ফল হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায় তেতিয়াও কিছুমান বীজৰ বিস্তাৰণ হয়। এই বীজবোৰ মূল উদ্ভিদজোপাৰ পৰা দূৰলৈ সিঁচৰিত হয়। উদাহৰণ হ’ল এৰা গুটি আৰু ডেমডেউকাৰ ক্ষেত্ৰত ঘটে।

১নং স্তম্ভৰ লগত ২  নং স্তম্ভ মিলোৱাঃ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

 ১নং স্তম্ভ ২নং স্তম্ভ
ক) মুকুলiii) ইষ্ট
খ) চকু   v) আলু
গ) বিখণ্ডন ii) স্পাইৰ’গাইৰা
ঘ) পাখি   i) মেপল 
ঙ) পৰাগৰেণু    iv ) মাৰি থােৱা ময়দা ।
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

শুদ্ধ উত্তৰটোত ( ✔) চিন দিয়া । 

১) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল-

 i) পাত           ii) কাণ্ড              iii) শিপা    iv) ফুল 

উত্তৰঃ ফুল ।

২) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?

i) নিষেচন            ii) পৰাগযোগ           iii) প্ৰজনন    iv) বীজৰ গঠন   

উত্তৰঃ নিষেচন।

৩) পুৰঠ ডিম্বাশয়ে গঠন কৰে 

 i) বীজ           ii) পুংকেশৰ           iii) স্ত্ৰীকেশৰ         iv)ফল 

উত্তৰঃ বীজ।

৪) ৰেণুধাৰী উদ্ভিদ হ’ল 

i) গোলাপ              ii)পাউৰুটীৰ ভেঁকুৰ  iii)আলু  iv) আদা

 উত্তৰঃ গোলাপ।

৫) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল– 

i) কাণ্ড              ii)পাত               iii)শিপা      iv)  ফুল

উত্তৰঃ পাত ।