- Advertisement -
ভাব সম্প্ৰসাৰণ কৰা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে
শ্ৰম-বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাত বহুলভাৱে ব্যৱহাৰ হয়।
হাঁহ-কুকুৰা শিয়ালৰ প্ৰিয় খাদ্য। কিন্তু হাঁহ-কুকুৰাবোৰ আপুনা-আপুনি শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে। নানান ফন্দিও কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনত সুখ-শান্তিত থাকিবলৈ হ’লে তেওঁ পৰিশ্ৰম কৰিব লাগিব। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্যত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদ্গতি কৰিব নোৱাৰে। সেয়ে উদ্গতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।
- Advertisement -
Read More:
- অতি ভক্তি চোৰৰ লক্ষণ ভাব সম্প্ৰসাৰণ কৰা
- উপদেশতকৈ আৰ্হি ভাল ভাব বহলাই লিখা
- যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা
- কথাত কটা যায় কথাত বটা পায় ভাব সম্প্ৰসাৰণ কৰা
- ৰাইজে নখ জোকাৰিলে নৈ বয় ভাৱ বহলাই লিখা
- ভাব সম্প্ৰসাৰণ কৰা: আইৰো বাৰ্তা গংগাৰো যাত্ৰা
- অধিক মাছত বগলী কণা ভাব সম্প্ৰসাৰণ কৰা
- এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা