শীতল যুদ্ধ(Cold War)
শীতল যুদ্ধ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ’ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা।

ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক “শীতল” বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য’ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু ছ’ভিয়েট সংঘ আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী।
শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল যুক্তৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। ছ’ভিয়েট সংঘৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে: বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল।
যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত ছ’ভিয়েট সংঘৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।
শীতল যুদ্ধ মানে কি ?
আমেৰিকা আৰু ছোভিয়েট – ৰাছিয়াৰ মাজত আভ্যন্তৰীণ ভাৱে চলি থকা সংকা বা আতংক বা বিবাদক শীতল যুদ্ধ বোলে।
NATO ৰ সম্পূর্ণ ৰূপটো লিখা।
North Atlantic Treaty Organisation অর্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন
শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়