Q: শব্দ শক্তি কাক বোলে?
Ans: শব্দৰ নিজা ঘাই অৰ্থটো বুজোৱাৰ উপৰিও বেলেগ অৰ্থ দিব পৰা শক্তি আছে। প্রত্যেক শব্দৰ পৰা মুখ্য অৰ্থক লৈ যি অর্থ ওলায় তাকে বুজাৱা শক্তিক শব্দ শক্তি বোলে।

শব্দৰ নিজা মুখ্য অৰ্থ দিব পৰা শক্তিৰ বাহিৰে আন অর্থ দিব পৰা শক্তি নাথাকিলে শব্দৰ পৰা চেপি খুন্দি বেলেগ অৰ্থ উলিয়াব নোৱাৰি । জুই বুলিলে জুই, পানী বুলিলে পানীৰ বাহিৰে যদি আন অর্থ বা আন একো বুজাৰ উপায় নেথাকে তেন্তে “জুই ছাঁই দাম”,“পানীৰ মিথৈ”, “মাটিৰ মানুহ” আদিৰ কোনো অর্থ নাথাকিব।
Table of Contents
শব্দ শক্তি কিমান প্ৰকাৰৰ?
Ans: শব্দ শক্তি তিনি প্ৰকাৰৰ । শব্দৰ অৰ্থ অনুসৰি তিনি প্ৰকাৰৰ শক্তিৰ আশ্ৰয় বা আধাৰ শব্দত তিনি প্রকাৰৰ হয় –
- (১) অভিধা,
- (২) লক্ষণা,
- (৩) ব্যঞ্জনা।
অভিধা: এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে প্ৰথমতে ব্যক্তি, গুণ, ক্রিয়া বা জাতিৰ বোধ এটি উদয় হয়। ‘গৰু’ বোলা মাত্রকে গল সম্বল বিশিই জন্তু বিশেষৰ ছবি আমাৰ মনত উদয় হয়। এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে পোনতে অভিধা আৰু সেইটোৱেই প্রধান অর্থ বাবে তাক মুখ্যার্থও বোলে । শব্দ আৰু শব্দৰ অভিধেয়ৰ মাজত ব্যৱধান সৃষ্টি নকৰে বাবেই এই শক্তিক অভিধা শক্তি বেলে।
লক্ষণা শক্তি: বাক্যত ব্যৱহাৰ হোৱা পদসমূহৰ অভিধা বা মুখ্যার্থ বাধিত বা উৎপন্ন নহলে কোনো বিশিষ্ট প্রয়োজন সিদ্ধিৰ বাবে অন্য যিকোনো শক্তিৰ দ্বাৰা মুখ্যার্থৰ সৈতে সংযুক্ত অন্য এটা অৰ্থৰ বোধ জন্মে। এনে অর্থ থকা শক্তিকে লক্ষণা শক্তি বোলে। উদাহৰণ স্বৰূপে “কলিঙ্গ সাহসী” – কলিঙ্গ শব্দই দেশ বিশেষক বুজায়। কিন্তু এই উদাহৰণত কলিঙ্গ শব্দৰ সৈতে সম্পর্কিত দেশবাসীকহে বুজাইছে। শব্দৰ এই শক্তি ঈশ্বৰে শব্দত উদ্ভাৱন কৰা শক্তি নহয়। প্রয়োজন সিদ্ধিৰ বাবে মানুহে শব্দত আৰোপ শক্তি মাত্র।
ব্যঞ্জনা শক্তি: অভিধা আৰু লক্ষণা শক্তিয়ে অর্থ দি অতাই উপশান্ত হোৱাৰ পিছতো যদি আৰু এটা অৰ্থ প্রতীয়মান হয় তেতিয়া সেই শক্তি ব্যঞ্জনা শক্তি বোলে অর্থাৎ যি শক্তিৰ সহায়ত শব্দৰ অৰ্থৰ প্রকৃতি প্রত্যয় প্রভৃতিৰ অন্য এটা অৰ্থ বোধগম্য হয় সই শক্তিৰ নামেই ব্যঞ্জনা শক্তি ।
শব্দৰ ব্যঞ্জনা দুই প্রকাৰৰ অভিধা মূলা আৰু লক্ষনামূলা ব্যঞ্জনা। যিবিলাক শব্দৰ একাধিক অর্থ আছে, সংযোগ বিয়োগ আদিৰ কাৰণে তেনে শব্দ একেটা মাত্র অর্থত নিয়ন্ত্রিত হয়। সেই শক্তিকেই অভিধামূলা লক্ষণা বোলে। যেনে যেনে শঙ্খ চক্র যুক্ত হৰি – শব্দই বিষ্ণুক বজাইছে।
যেনে – যিবিলাক বাক্যত অভিধা শক্তি অপাৰৰ্গহৈ পৰে আৰু য’ত লক্ষণামূলা ব্যঞ্জনা বোলে।
‘কমাৰদীয়া এই সৰু গাঁও খনি মোৰ ব্ৰহ্মাণ্ড ৰ ক্ষুদ্ৰ তাঙৰণ”
ইয়াত কবি ডিম্বেশ্বৰ নেওগে নিজৰ গাঁৱৰ কথা কৈছে। ‘তাঙৰণ’ বা মুদ্ৰণ কিতাপৰহে হয় ব্ৰহ্মাণ্ডৰ হব নোৱাৰে ৷ গতিকে অভিধা শক্তি ইয়াত অপাৰহৈ পৰিল আৰু লক্ষণাৰ আশ্ৰয় লব লগা হ’ল।
এতিয়া অৰ্থ পোৱা গ’ল কমাৰদীয়া নামৰ গাঁওখন ব্ৰহ্মাণ্ডৰ দ্বিতীয় সৃষ্টি। অকল এইখিনি কবলৈকে কবিয়ে “তাঙৰণ” শব্দটো ব্যৱহাৰ কৰা নাই কিন্তু তাঙৰণত যিদৰে মূল গ্ৰন্থৰ সকলো তত্ব আৰু সৌন্দৰ্য সোমাই থাকে, ঠিক সেইদৰে বিশ্বৰ সকলো সৌন্দৰ্য গাঁওখনত সোমাই আছে। কবিতাত ব্যঞ্জনাৰ প্ৰয়োগ অধিক।
ৰস:- সংস্কৃত আলংকৰিক সকলৰ মতে ৰস হৈছে কাব্যৰ আত্মা । বিশ্বনাথ কবিৰাজৰ মতে “বাক্যং ৰসাত্মকং কাব্যম”। আলংকৰিক মৰ্ম্মট ভট্টৰ মতে কাব্যৰ পৰা ৰস আম্বাদন কৰিব পাৰি । আনন্দবর্ধনৰ মতে কাব্যৰ আখ্যান ভাগত অলংকাৰতকৈও ৰসৰ গুৰুত্ব অধিক।
ৰস শব্দৰ সাধাৰণ অৰ্থ হ’ল স্বদ বা সোৱাদ। যাৰ সোৱাদ লোৱা হয় সিয়েই ৰস। কিন্তু সাহিত্যত ৰস হ’ল কাব্যপাঠ কৰি লাভ কৰা সহৃদয়জনৰ মানসিক অৱস্থা মাত্র। “তেওঁ ৰস পাই হাঁহিছে”, এই ৰসে জুলীয়া সাৰাংশক নুবুজায়, মনৰ এটি অৱস্থাকাহে বুজায় ।
আলংকৰিকসকলে যি অৰ্থত ৰস ব্যৱহাৰ কৰিছে তাৰ মূল উপনিষদত পোৱা যায়। ঋগবেদ ৰস মানে জুলীয়া পদাৰ্থক বুজাইছিল। উপনিষদৰ যুগত ৰস মানে সাৰ পদাৰ্থ । তৈতেৰীয় উপনিষদত ৰস মানে আনন্দ ৷ এই আনন্দময় মহাসম্বাকে উপলদ্ধি কৰিবলৈ ঋষিমুনি সকলে তপস্যা কৰিছিল আৰু ঘোষনা কৰিছিল ‘আনন্দং ব্রহ্মেতি’। ৰস শব্দৰ এই অৰ্থৰে সুবিধালৈ পিছৰ আলংকৰিক সকলে ইয়াৰ অৰ্থ কৰিলে সৌন্দৰ্যৰ পৰা ওপজা মনৰ মনৰ এটি জাগতিক আনন্দময় আৱস্থা ।
ৰসৰ সৃষ্টিকৰ্তা কবি নাট্যকাৰ, চিত্ৰকৰ বা গায়ক। সৃষ্টিৰ আধাৰ হৈছে সহৃদয় পাঠক । প্রকৃত অৰ্থত যি আনন্দময় সিয়েই ৰস ।
সংস্কৃত অলংকৰিকসকলৰ মতে ৰস ন প্ৰকাৰৰ – আদি বা শৃংগাৰ, বীৰ, ৰৌদ্ৰ, বীভৎস, হাস্য, আদ্ভুত, কৰুণ, ভয়ানক আৰু শান্ত। এই কেইবিধ স্থায়ীভাৱৰ পৰা উদ্ভৱ হৈছে। আমাৰ চিত্তত কেইটামান স্থায়ীভাৱ অন্তৰৰ নিভৃত স্থানৰ মাজেদি অবিৰাম গতিত প্ৰবাহিত হৈ আছে। এই ভাব ন প্ৰকাৰৰ – ৰতি, হাস, উৎসাহ, ক্রোধ, লোভ, ভয়, জুগুপ্সা, শম আৰু বিস্ময়। উদ্দীপন আৰু আলমৃন বস্তুৰ সানিধ্যত এইবিলাক উদ্বুদ্ধ হৈ উঠে। যেতিয়া ভয়ৰ বস্তু দেখি বিস্মিত, ক্ৰোধৰ কাৰণে ক্রুদ্ধ হয় তেতিয়া সেইবোৰক ভয় বিস্ময় ক্রোধ আদিৰ লৌকিক কাৰণ বুলিব পাৰি ।
সংস্কৃত আলংকৰিক সকলৰ মতে ৰসানুজতিত সামগ্ৰী চাৰিবিধ – বিভাৱ অনুভাৱ সঞ্চাৰীভাৱ বা ব্যৱচাৰী ভাব আৰু স্থায়ীভাৱ।
বিভাৱ:
যি বস্তুক অৱলম্বন কৰি ৰস উৎপাদন কৰা হয় তাৰ নাম বিভাৱ। মহাভাৰতৰ কৌৰৱ পাণ্ডৱ আদি বিভাৱ ৷ এই বিভাৱ দুই প্রকাৰৰ আলম্বন আৰু উদ্দীপন । যাক আৱলম্বন বা হেতু কৰি কোনো ভাবৰ উদ্ৰেক হয় তাক আলম্বন বিভাৱ বোলে।
অনুভৱ:
যিবোৰ কাৰ্যৰ দ্বাৰা সুখ দুখ আদি ভাৱৰ অভিব্যক্তি প্রকাশ পায় তাকে অনুভাৱ বোলে ৷ কন্দা কটা, আৰ্তনাদ কৰা মুচ্ছা যোৱা আদি চৰিত্ৰৰ ভাৱ প্ৰকাশৰ কাৰ্যই অনুভাৱ ৷ ক্ৰোধত চকু ৰঙা পৰে, ভ্রূ কোঁচ যায়, হাত স্মৃষ্টিবদ্ধ হয়। এইবিলাক যেতিয়া কাব্যত বৰ্ণনা কৰিব বা ৰংগ মঞ্চত নিপুণ ভাৱৰীয়াই ভাওদি দেখুৱাব তেতিয়া অনুভৱ হয়।
সঞ্চাৰীভাৱ:
স্থায়ীভাৱৰ অনুষঙ্গী কিছু পৰিবৰ্তিত ভাৱবোৰকে সঞ্চাৰীভাৱ বা ব্যভিচাৰী ভাব বোলা হয় ৷ উদাহৰণ স্বৰূপে শৃংগাৰভাৱ উদিত হ’লে কেতিয়াবা ভয়, কেতিয়াবা লাজ, কেতিয়াৱা শংকা, আদি সৰু সৰু ভাৱবোৰ মুহুর্তে মুহুর্তে বিলীন হৈ যায়। এই ভাৱ বোৰেই সঞ্চাৰী ভাৱ ।
স্থায়ী:
যেতিয়া উৎসাহ, শোক, বিস্ময়, ক্রোধ, ভয়, যুগুপ্সা, আৰু লম এই নটা ভাবৰ কোনো এটাই পাঠক বা দৰ্শকৰ মনত স্থায়ীত্ব কৰে তেতিয়াই সি স্থায়ীভাৱত পৰিণত হয়। এই ৰসতত্ত্ব সংস্কৃত সাহিত্যৰহে সম্পদ। পাশ্চত্য সাহিত্যৰ নহয়। পাশ্চত্য সাহিত্যত মূলবস্তু ৰস নহয়, সৌন্দর্য। তেওঁলোকৰমতে পাঠকৰ মনত সৌন্দৰ্য প্লুত আনন্দৰ সৃষ্টি কৰাই হল সাহিত্যৰ আত্মা বুলি ধৰি লোৱা হয় তেতিয়া ৰস হব তাৰ ভুবাঞ্জিক ভূষণস্বৰূপ।
ধ্বনি:
ধ্বনি হৈছে কাব্যৰ আত্মা। ধ্বনিবাদৰ আচাৰ্য হৈছে আনন্দবর্ধন। আনন্দবর্ধনে তেওঁৰ ধ্বন্যালোক গ্ৰন্থত কৈছে –
“কাব্যসাত্মা ধ্বনিৰীতি”
য’ত শব্দ বা অর্থই আন এটা ধ্বনি অৰ্থৰ কাৰণে নিজ অৰ্থক তল পেলায় সেই ব্যঞ্জিত কাব্য বিশেষক পণ্ডিতসকলে ধ্বনি বুলি কয়।)
সাধাৰণ অৰ্থত বায়ুকম্পনৰ দ্বাৰা মুখগহবৰত উৎপন্ন হোৱা যি শব্দ বা মাত, তাৰ ক্ষুদ্ৰ অংশই ধ্বনি। আকৌ ছন্দত যাক ধ্বনি বুলি কোৱা হয় সি শ্ৰুতি গ্রাহ্য বায়ু কম্পনৰ ফলত সৃষ্টি হয়। আনহাতে শব্দৰ বাচাৰ্থ বা লক্ষাৰ্থক অতিক্ৰম কৰি যি ব্যংগ্যার্থবোধ জন্মে সিয়ে কাব্যধ্বনি। আলংকৰিক সকলে ধ্বনিক বহু প্ৰকাৰত ভাগ কৰিছে। ধ্বনি মূলতঃ দুই প্ৰকাৰৰ অভিধামূলক আৰু লক্ষণামূলক ধ্বনি।
- অভিধামূলক ধ্বনি – যি ধ্বনিৰ মূলতঃ আভিধা অৰ্থাৎ বাচাৰ্থৰ লগত সম্বন্ধযুক্ত তাক অভিধামূলক ধ্বনি বোলা হয়।
- লক্ষণামূলক ধ্বনি – যি ধ্বনি লক্ষণাক প্রতীতি কৰি হয় তাক লক্ষণামূলক ধ্বনি।
এই দুবিধ ধ্বনিক আকৌ আলংকৰিক সকলে বহু ভাগত বিভক্ত কৰিছে।
আকৌ ধ্বনিৰ অৰ্থৰ বৈশিষ্ঠ্য অনুসাৰে – বস্তুধ্বনি, অলংকাৰধ্বনি আৰু ৰসধ্বনি এই তিনি প্ৰকাৰে ভগাব পাৰি ।
যেতিয়া কোনো বস্তু অৰ্থাৎ মনোহৰ অৰ্থৰ প্রতীতী হয়, তেতিয়া তাকে বস্তু ধ্বনি বোলে। পৰ্বতৰ শিল ওফৰাই
আগবাঢ়ি যোৱা
জীৱন নিৰ্মল তেহে হয় শিলত ঘহোৱা ।
ইয়াত ‘জীৱন’ শব্দই পর্বতেদি বাগৰি অহা পানীৰ প্ৰতীতি জন্মাইছে। প্রতীয়ামান অর্থ যেতিয়া অলংকাৰত পৰিণত হয় তাকে অলংকাৰ ধ্বনি বোলা হয়। “কোনোবা জোনাক নিশা
জুৰিৰ পাৰত তুমি আৰু মই বুকুতে মৰুৰ তৃষা”
ইয়াত মৰুৰ তৃষাৰ বাচ্যার্থ মই জুৰিৰ পাৰত থাকিও পিয়াহ নপলোৱা আৰু প্ৰিয়াৰ সানিধ্যতো হেপাহ নপলোৱাৰ আপাত বিৰোধৰ আভাস দিছে।
গুণ: গুণে কাব্যৰ স্বৰূপ প্ৰকাশ কৰে । যথার্থ শব্দৰ ব্যৱহাৰ আৰু অৰ্থৰ মাধ্যমেৰে সাহিত্যত ৰসৰ সঞ্চাৰ কৰি পাঠক শ্ৰোতাক আপ্লুত কৰাই হ’ল সাহিত্যৰ গুণ। আলংকৰিক সকলে গুণক বহুকেইটা ভাগত ভাগ কৰিছে। বামণে কাব্যৰ দহোটা গুণৰ কথা উল্লেখ কৰিছে – শ্লেষ, প্রসাদ, সমতা, মাধুর্য, সুকুমাতা, অর্থব্যক্তি, উদাৰতা, ওজঃ, কান্তিঃ, সমাধি আদি। কিন্তু পিছৰকালৰ ধ্বনিবাদী আলংকৰিব সকলে দহটা গুণক কমাই আনি তিনিটা কাব্যগুণৰ অস্তিত্বৰ কথা কৈছে। সেইকেইটা হ’ল –
মাধুর্য গুণ – এই গুণে আদি কৰুণ, শান্ত ৰসৰ উদ্ৰেক কৰি হৃদয় আহলাদিত কৰে –
“কাৰ পৰশত ফুলিলি বান্ধৈ
ৰঘুনাথ চৌধাৰী
অ’ মোৰ সাদৰী ফুলাম পাহি”
ওজঃ গুণঃ– যি গুণে বীৰ, ৰৌদ্ৰ আৰু বাভৎস ৰস উদ্ৰেক কৰি চিত্তক দ্বীপ্ত কৰি তোলে সেয়ে ওজঃ গুণ।
“শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাম নিদানা”
প্রসাদ:- প্রসাদ গুণে মনত নিৰ্মল অথবা কোমল ভবৰ কৰে। প্ৰসাদ গুণ সকলো ৰসতে বিদ্যমান ।
ৰীতি :- আচাৰ্য বামনৰ মতে বিশিষ্ট পদচনাই ৰীতি। তেওঁ ৰীতিক কাব্যৰ আত্মা বুলি কৈছে – “ৰীতিৰাত্মা কাব্যস্যঃ” শব্দ আৰু অৰ্থই হ’ল কাব্যৰ শৰীৰ আৰু ৰীতি তাৰ আত্মা ৷ বিশিষ্ট পদচনাই ৰীতি। এই বিশিষ্টতা নিৰ্ভৰ কৰে শব্দৰ গুণৰ ওপৰত । বামনে তিনিটা ৰীতিৰ কথা কৈছে-বৈদভী, গৌড়ী আৰু পাঞ্চালী। বৈদভী ৰীতিয়েই শ্ৰেষ্ঠ ৰীতি কাৰণ ইয়াত কেউটা গুণেই আছে। সাহিত্য দর্পনৰ মতে উত্তমৰূপে পদযোজনাৰ নাম ৰীতি আৰু ই চাৰি প্ৰকাৰৰৰ – বৈদভী, গৌড়ী, পাঞ্চালী আৰু লাটী। বৈদভী ৰীতিত মাধুৰ্য ব্যঞ্জক মুললিত পদ ৰচনা কৰা হয়। গৌড়ী ৰীতি সমাসবহুল আৰু গুজঃ গুণ প্ৰকাশক। পাঁচটি বা ছয়টি সমাসবদ্ধ পদৰ দ্বাৰা ৰচনা কৰা ৰীতিক পাঞ্চালী ৰীতি বোলা হয়। বৈদভী আৰু পাঞ্চালী ৰীতিৰ মধ্যস্থ ৰীতিৰ নাম লাটী।
গুণ – ৰীতিবাদৰ প্ৰধান প্রবক্তা হল আচার্য বামন।
ৰীতি আৰু ষ্টাইল এই দুয়োটা বস্তু একে নহয়। ষ্টাইল হ’ল কবিৰ আত্ম প্ৰকাশৰ স্বকীয় ভংগী। কিন্তু ৰীতি হ’ল বিশেষ গুণবিশিষ্ট পদ যোজনাৰ ধৰা বন্ধা নিয়ম। কেৱল অর্থবোধক শব্দযোজনাই ৰীতি নহয় ।
সহায়ক গ্ৰন্থপঞ্জী –
- ১) ধ্বনি আকু ৰসঃতত্ব – মুকুন্দমাধৱ শৰ্মা।
- ২) নন্দনতত্ত্বঃ প্রাচ্য আৰু পাশ্চাত্যঃ ত্ৰৈলোক্য নাথ ।
- ৩) সাহিত্য দর্পন – বিশ্বনাথ কবিৰাজ ।
- ৪) সাহিত্যবিদ্যা পৰিক্ৰমা – তীৰ্থনাথ শৰ্মা।
- ৫) সাহিত্য আলোচনা – ত্রৈলোক্য নাথ গোস্বামী।
- ৬) সাহিত্য আৰু সংজ্ঞা – প্রফুল্ল কটকী।
Credit Goes to Dr. Runjun Saikia