Q: লোকগীত কাক বোলে?
Ans: লোক-সাহিত্যৰ এটি মূল ভাগ হৈছে লোকগীত। মৌখিক সাহিত্যৰ পৰম্পৰাত পুৰুষানুক্ৰমে বিস্তাৰিত গীত-মাতকে লোকগীত আখ্যা দিয়া হয়। লোক-সাহিত্যক চহকী কৰিছে লোকগীতবোৰে। মানুহে স্বতঃস্ফূর্তভাৱে মনৰ ভাৱবোৰ গীতৰ ৰূপত প্ৰকাশ কৰা গীতবোৰকে লোকগীত বোলে। সত্যেন্দ্রনাথ শর্মাই কৈছে ‘লোকগীতবোৰ অনাড়ম্বৰ সৰল ভাষা, ঘৰুৱা চিত্ৰ, ভাৱৰ মুকলি প্রকাশ, সৰল বিশ্বাস আৰু অলৌকিকতাৰ প্ৰভাৱ লক্ষ্য কৰা যায়।’ লোকগীতসমূহত ধর্মীয় বিশ্বাস, গীতিময়তা, সৃষ্টিশীলতা, সার্বজনীনতা আদি লক্ষণবোৰ প্রকাশ ঘটে। গীতবোৰ ছন্দ, ভাৱ আৰু ভাষা শৃংখলিত নহয়, সাৱলীল আৰু উন্মুক্ত। চহা প্ৰাণৰ ই মুক্ত পৰিস্ফুৰণ আৰু আদিম আৰু মৌলিক ভাৱাবেগৰ অকৃত্রিম প্রকাশ।