যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা

By Amit Kumar

Published on:

ভাব সম্প্ৰসাৰণ কৰা : যত্ন কৰিলে ৰত্ন পায়
- Advertisement -

ভাব সম্প্ৰসাৰণ কৰা : যত্ন কৰিলে ৰত্ন পায়

জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক’বলৈ যাওঁতে “যত্ন কৰিলে ৰত্ন পায়” – উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। ৰত্ন হ’ল অতি মূল্যবান আৰু  দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ’লে মানুহে পৰিশ্ৰম কৰিবলগা হয় । বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়।

যিকোনো কামৰ ভাল প্রতিফল পাবলৈ হ’লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আশা কৰাটো মিছা। ৰত্ন নিজে নিজে আহি কপালত নালাগে। ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষা ভাল ফল পোৱা যায়। কোনো কামতে একানপতীয়াভাৱে মনোনিবেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি নহলে কেতিয়াবা ভাল পুৰষ্কাৰ পোৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ’বলগীয়া হয়।

- Advertisement -

ৰত্ন লাভৰ আশা কৰি  কাম-বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা-আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা আৰু হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা-সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

ভাব সম্প্ৰসাৰণ কৰা : যত্ন কৰিলে ৰত্ন পায়

Read More:

যদি কিবা ভুল পায় কমেন্টত আমাক লিখক

Leave a Comment