মোৰ জীৱনৰ লক্ষ্য[Aim in Life Essay in Assamese]

By Amit Kumar

Updated on:

মোৰ জীৱনৰ লক্ষ্য[Aim in Life Essay in Assamese]
- Advertisement -

মোৰ জীৱনৰ লক্ষ্য

Aim in Life Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য[Aim in Life Essay in Assamese]

আৰম্ভণিঃ লক্ষ্যহীন জীৱন গুৰিয়ালহীন নাৱৰ দৰে। গুৰীয়ালহীন নাও যেনেকৈ বতাহৰ কোবত নতুবা সোঁতৰ গতি আৰু ঢৌৰ খুন্দাত যেনি-তেনি ভাহি ফুৰে, লক্ষ্যহীন জীৱনো তেনেকুৱা অস্থিৰ। গুৰীয়ালহীন নাও পাৰ চাপিব নোৱাৰাৰ নিচিনা লক্ষ্যহীন জীৱনতো কৃতকাৰ্যতা  লাভ হোৱা সম্ভৱ নহয়। আনকি লক্ষ্য স্থিৰ কৰি ললেও যে সতকাই সেই লক্ষ্যত উপনীত হ’ব পৰা যায়, এনেটোও নহয়। কথাতে কয় বোলে ‘ আলচা কাম নহয় সিদ্ধি, বাটত আছে কণা বিদ্ধি।

- Advertisement -

 গতিকে ছাত্ৰাৱস্থাৰ পৰাই জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্যত উপনীত হ’বৰ কাৰণে প্ৰস্তুতি চলোৱা উচিত। কিন্ত লেঠাটো আকৌ তাতেই। লক্ষ্য স্থিৰ কৰি লোৱাটো সহজ কাম নহয়; বিশেষকৈ আমাৰ নিচিনা ছাত্ৰৰ কাৰণে। আগৰ কালত কোনো লক্ষ্য আগত নৰখাকৈ কেৱল পঢ়া-শুনা কৰিলেই অন্য একো কৰিব নোৱাৰিলেও জীৱিকাৰ কিবা নহয় কিবা এটা পথ পাইছিল। গতিকে আগৰ ছাত্ৰসকলে জীৱনৰ ভৱিষ্যতৈ বৰকৈ  চিন্তা নকৰিলেও হৈছিল। আগেয়ে বি-এটো পাছ কৰি  লওচোন, পাছতো কিবা এটা কৰিম বুলি ভৱাৰ অৱকাশ এতিয়া  আৰু নাই। কিয়নো, বহুতো বি.এ., এম. এ, এম. এছ-ছি  ডিগ্ৰীধাৰী আনকি কাৰিকৰী অৰ্হতাসম্পন্ন ডেকায়ো এতিয়া চাকৰিৰ কাৰণে হাবাথুৰি খাই  ফুৰা দেখা গৈছে। তদুপৰি কেৱল চাকৰি কৰি নিজৰ জীৱিকা উলিওৱাটোৱে মানুহৰ একমাত্ৰ কৰ্তব্য নহয়। স্বদেশ, স্বজাতি তথা বিশ্ব-মানৱৰ হকেও প্ৰত্যেকৰে অলপ-অচৰণ কৰিবলগীয়া আছে।
জীৱনৰ লক্ষ্যঃ মই এজন পেটে ভাতে খাই থকা সাধাৰণ পৰিয়ালৰ ছাত্ৰ। আমাৰ  একমাত্ৰ জীৱিকা কৃষি। কৃষি-কাৰ্যত মোৰ নিজৰ অনুৰাগো আছে  আৰু অলপ লাগি-ভাগিও দিব লাগে। আনকি কোনো সময়ত ইয়াৰ কাৰণে মই স্কুলো খতি কৰিবলগীয়াত পৰো। ক’বলৈ লাজ নকৰো যে মই প্ৰখৰ বুদ্ধিৰ ছাত্ৰ নহয় — মধ্যমীয়া। মোৰ ভিতৰত যে  প্ৰতিযোগী মন  এটা নাই এনে নহয়, দৰাচলতে তেনে মন এটা থকাৰ কাৰণেই  মই  এইখিনি পাইছো আৰু এই পৰীক্ষাতো মই যে  ভালদৰে উত্তীৰ্ণ হ’ম, এই প্ৰত্যয় মোৰ আছে। মোৰ আশা-আকাংক্ষাও সীমাৱদ্ধ।  এটা স্বাধীন, আত্ম সন্মানমুক্ত, দুৰ্নীতিমুক্ত জীৱন যাপন কৰিবলৈ মই বিচাৰো। আৰু এনে জীৱন যাপন কৰিবলৈ মোৰ মতে কৃষিয়ে উত্তম পন্থা। হ’ব পাৰে মই নিজে খেতিয়কৰ ল’ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণেই মই এই পম উৎকৃষ্ট বুলি বিৱেচনা কৰিছো।

লক্ষ্য বাচি লোৱাৰ কাৰণঃ  মই মোৰ নিজ অভিজ্ঞতাৰ পৰাই বুজিব পাৰিছো যে আমাৰ দেশত কৃষি কৰ্ম নিৰাপদ নহয়, বিশেষকৈ ‘বান’ আৰু ‘খৰ’ ইহঁত দুইটাৰ এটা নহয় এটাই অপকাৰ কৰিবই, তদুপৰি আমাৰ কৃষি-পদ্ধতিও আওপুৰণি। আমাৰ খেতিয়ক সকলৰ বহুতৰে নিজক লগা জোখেৰে মাটিও নাই। আমাৰ নিজৰ মাটি ডৰাৰে কথমপিহে আমাক জোৰে। আগলৈ ভাগ ভাগ হৈ গ’লেতো  নুজুৰিবই। কিন্তু নিজৰ এই অভিজ্ঞতাও হৈছে যে কৃষি-চক্ৰ সলনি কৰি, সাৰ গোবৰ দি অলপ পৰিৱর্তিত পদ্ধতিত খেতি কৰিলে আমাৰ  খেতিয়কসকল কেতিয়াও নিৰাশ হবলগীয়া নহৱ। গ্রাম্যসেৱক,  কৃষিসম্প্রসাৰণ বিষয়া আদিৰ লগত কথা-বতৰা পাতি আৰু কৃষি সম্বন্ধীয় দুই এখন কিতাপ পুথি পঢ়ি মোৰ এই ধাৰণা দৃঢ়তৰ হৈছে।  উন্নত ধৰণে খেতি কৰিবলৈ হ’লে যে সকলো খেতিয়কে কৃষি-বিষয়ৰ উচ্চ শিক্ষা লাভ কৰিব বা দেশ-বিদেশলৈ গৈ প্ৰশিক্ষণ লব লাগিব এনে কথাও নহয়। মই যিখিনি শিক্ষা পাইছো,  ইয়াৰেই মই উন্নত ধৰণে খেতি কৰিব পাৰো, তথাপি মই H.S.L.C. পৰীক্ষা পাচ কৰি আৰু দুবছৰ কলেজত বিজ্ঞান অধ্যয়ন কৰিম।  ৰসায়ন-বিদ্যা, উদ্ভিদ বিদ্যা আৰু ভু-বিদ্যা হব মোৰ অধ্যয়নৰ বিষয়। চাকৰি যেতিয়া নকৰো, ডিগ্ৰীৰ প্ৰয়োজন কি? অনাহকত আৰু দুবছৰ পঢ়ি অধিক খৰছ কৰাতকৈ সেই পইচা কৃষি-কর্মতে লগাম। অৱশ্যে ঘৰৰ অৱস্থা ভাল হ’লে, সেই দুবছৰো পাঢ়িলোহেতেন। অধ্যয়নৰ অন্তত পাৰিলে মই এবাৰ পঞ্জাৱলৈ গৈ তাৰ খেতিয়কৰ কৃষি পদ্ধতি চাই-চিটি আহিম।

লক্ষ্যত কেনেদৰে উপনীত হ’ৱাঃ উন্নত ধৰণৰ খেতি কৰিবলৈ আমাৰ যিখিনি মাটি আছে, তাতোতকৈ সৰহ মাটিৰ আৱশ্যক। উন্নত যন্ত্ৰ-পাতি, সাৰ, কীটনাশক দৰৱ আদি কিনিবলৈ টকা পইছাৰো দৰকাৰ। এই সকলোখিনি একেবাৰতে যোগাৰ কৰা সম্ভৱ নহয়। অৱশ্যে আজিকালি ৰাষ্ট্রীয় বেংকসমূহে কৃষি ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু মই পৰাপক্ষত কোনো প্ৰকাৰৰ ঋণ নলও। ট্ৰেক্টৰ কিনাৰ পৰিকল্পনাও সদ্যহতে মোৰ নাই। ‘Humble beginning’-সাধাৰণ আৰম্ভণিৰ পৰাই আগুৱাই যাম,  এয়ে মোৰ অভিলাষ।  মোৰ প্ৰথম আঁচনি হ’ব ‘ তাকৰীয়া মাটিত সৰহ শস্য উৎপাদন।’ আমাৰ নিজৰ মাটিখিনিত লগা সাৰ-গোৱৰ দি খেতি কৰাৰ জোখাৰে ধন মই গোটাব পাৰিম। মই নি:সন্দেহ যে এনেকৈ খেতি কৰিলে মোৰ খেতিৰ উৎপাদন দুগুণ হ’ব। অৱশ্যে খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাই সেই মতেহে সাৰ গোৱৰ দিয়াৰ দিহা কৰিম। মোৰ কৃষিৰ আয়ৰ পৰাই মই দ্বিতীয় বছৰৰ পৰা এপদ এপদকৈ ক্ৰমে পুল-বোর্ড, নাঙল, পেদি উইদাৰ, পেদি হুইল, গুটি সিঁচা যন্ত্ৰ, হাতেৰে চলোৱা ঔষধ দিয়া  যন্ত্ৰ আদি আৰু কম অশ্বশক্তিৰ পানী সিঁচা মেচিন এটাও কিনি লম। আমাৰ নিজৰ মাটিডৰাৰ এফালে এনেয়ে কিছু দ’।  সেই  অংশত এমুৰীয়াকৈ পুখুৰী এটা খান্দি বাম অংশ আৰু অলপ ওখ কৰি ল’ম, যাতে বানপানীয়ে সহজে অনিষ্ট কৰিব নোৱাৰে। এই অংশত মই  উন্নত সঁচৰ ধান  আৰু মাহজাতীয় শস্যৰ খেতি কৰিম।  পুখুৰীত মাছৰ পোনা মেলিম, পাৰত লগাম নাৰিকল, কল আৰু মাটিকঠাল। দ’  অংশত  ঘেঁহু, আলু, পিয়াজ আৰু মচুৰ মাহৰ খেতি কৰিম। মোৰ ঘৰৰ কাষতো দুকঠামান মাটি আছে। ইয়াৰে একঠাত মই জলকীয়া লগাম। বাকী  কঠাত শাক পাচলি ৰুম। মই জানো যে জলকীয়াৰ দৰে সহজ আৰু আয় দিব পৰা খেতি একোৱে নাই। এতিয়া মই জোপাচেৰেক জলকীয়াৰ খেতি কৰিয়ে মোৰ পঢ়া খৰছৰ কিছু অংশ উলিয়াইছো। প্ৰথম পাঁচবছৰ মই এনেকে মোৰ তাকৰীয়া মাটিখিনিতে পৰীক্ষামুলক ভাৱে উন্নত প্ৰণালীৰে খেতি কৰিম। মোৰ বিশ্বাস এই পাঁচবছৰতে মোৰ কিছু আয় হ’ব আৰু কৃষিও চকুত লগা হ’ব।
সামৰণিঃ “নাজানো কোনদিনা ভগৱানে মোৰ এই সপোন দিঠকত পৰিণত কৰে। মই হ’লে এই লক্ষ্য আগত ৰাখিয়েই ভৱিষ্যতৰ প্ৰস্তুতি চলাইছোঁ।

- Advertisement -

Mousumi Kalita/ Daily Assam


মোৰ জীৱনৰ লক্ষ্য

Aim in Life Essay in Assamese

কোনো এক নিৰ্দ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ  নামেই লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত।  লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওৰ দৰে।  কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্দ্ধাৰণ কৰা উচিত।

- Advertisement -

বহুতো চিন্তা-ভাৱনাৰ পিছত মই মোৰ লক্ষ্য স্থিৰ কৰিছো আৰু সেয়া হৈছে –এজন পৰিপূৰ্ণ শিক্ষক হোৱা।  ইংৰাজী বিষয়ৰ প্ৰতি মোৰ বিশেষ ৰাপ আছে আৰু সেয়ে মই হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিকত কলা বিভাগত ভৰ্তি হম আৰু তাৰ পাছত ইংৰাজী গুৰু বিষয় হিচাপে  লৈ বি. এ. আৰু তাৰ পিছত  কোনো এখন ভাল বিশ্ববিদ্যালয়ত এম. এ. পঢ়িম   বুলি সিদ্ধান্ত লৈছো।

মই দেখা পাইছো যে সমাজত এজন আদৰ্শ শিক্ষকৰ যথেষ্ট প্ৰয়োজন আছে আৰু সুস্থ সমাজ গঠনত এজন আদৰ্শ শিক্ষকৰ বিশেষ ভূমিকা আছে। মই সেয়ে এজন শিক্ষক হ’ব বিচাৰো। কিন্তু গতানুগতিক শিক্ষকৰসকলৰ দৰে মই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানত অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাথাকি সকলোকে এক আদৰ্শ, সৎ আৰু নৈতিক জীৱন শৈলীৰ শিক্ষা দিব বিচাৰো।  আজিকালি সমাজে সর্বসাধাৰণ মানুহে অনুসৰণ কৰিব পৰা আদৰ্শ, সৎ আৰু নৈতিক শিক্ষকৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি আছে । মই জীৱনত এনে এজন প্ৰকৃত শিক্ষক হ’বলৈ লক্ষ্য স্থিৰ কৰিছো। মই ভাবো শিক্ষক এজন সকলোৰে ভাল বন্ধু, পদপ্ৰদৰ্শক, দাৰ্শনিক আৰু সর্বোপৰি  এজন মহাপুৰুষ হ’ব লাগে যাতে তেওঁ তেওঁৰ উচ্চ নৈতিক, সৎ আৰু আদৰ্শ জীৱন শৈলীৰ জৰিয়তে  অকল ছাত্ৰ-ছাত্ৰীসকলকে নহয়, তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহক সুশিক্ষা দিব পাৰে। মই ছাত্ৰ জীৱনৰ পৰাই সহজ, সৰল, সৎ আৰু নৈতিক জীৱন শৈলী অনুশীলন কৰি আছো যাতে মই মোৰ অনুজসকলক আৰু মোৰ সংস্পৰ্শলৈ অহা সকলো মানুহক  প্ৰকৃত অৰ্থত আৰ্হিসহ মানৱীয় গুণৰ শিক্ষা দিব পাৰো।

এখন দেশৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। দেশ এখনৰ বাবে আদৰ্শ সুনাগৰিক গঢ়াৰ  ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম।  মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে  যথাসাধ্য চেষ্টা কৰি আছো। মই এতিয়া যিহেতু এজন ছাত্ৰ গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ বাবে  চেষ্টা কৰি আছো।

মই ঈশ্বৰক প্ৰৰ্থনা কৰো যাতে ঈশ্বৰে মোক মোৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে আৰু মানৱ সেৱাৰ সুযোগ দিয়ে।


Read More:

Leave a Comment