মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য কি?

By Amit Kumar

Published on:

মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য কি?
- Advertisement -

Q: মানৱ বন্দনা কবিতাটোৰ ঘাই উদ্দেশ্য কি ?

Ans: কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্ধনা’ কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে ।কবিতাটিৰ মূল বক্তব্য হ’ল- মানৱতাবাদ, মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। পৃথিৱীলৈ অনাদি কালৰ পৰা মানুহৰ অহা-যোৱা চলিছে । অন্তহীন মানৱ হোঁতেৰে প্লাবিত এই পৃথিৱীক সেয়েহে মৰ্ত্য অৰ্থাৎ মৃত্যুলোক বোলা উচিত নহয় । মানৱ জনম মানুহৰ বাবে কাম কৰি অতিবাহিত কৰিবলৈ কবিয়ে আহব্বান জনাইছে । কাৰণ মানুহক মৰম কৰিব জনিলেহে প্ৰকৃত ধৰ্ম আচৰণ কৰা হয় ।

এই পৃথিৱীত আমি লগ সংগ আদি বিভিন্ন ৰূপত মানুহকে পাওঁ । মানুহ শ্রেষ্টতকৈও শ্রেষ্ঠ, পৰম সত্য । সেই শ্ৰেষ্ঠ মানুহৰ বাসভূমি পৃথিৱী স্বৰ্গতকৈও শ্ৰেষ্ঠ । মানুহেই দেৱতা ,মাসেই সেৱাৰ যোগ্য । মানুহতকৈ শ্ৰেষ্ঠ আন কোনো নাই । সেয়েহে কবিয়ে দেৱ পূজাৰ সলনি মানৱ পূজাৰ আয়োজন কৰি মানুহক মানৱ ধৰ্ম পালন কৰিবলৈ উপদেশ দিছে ।

- Advertisement -

যদি আপোনি ওপৰৰ উত্তৰত সন্তুস্ত নহয়! শুদ্ধ উত্তৰটো কমেন্তট জনাবলৈ অনুৰোধ জনালোঁ