মহাদেশ কেইখন আৰু কি কি? 😮

By Amit Kumar

Published on:

মহাদেশ কেইখন আৰু কি কি?
- Advertisement -

মহাদেশ কেইখন আৰু কি কি? আপুনি জানেনে!

 => মহাদেশ সাতখন, এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কুমেৰু বা এণ্টাৰ্কটিকা।

উপভোক্তা কাক বোলে?

- Advertisement -

এছিয়া মহাদেশ:

মহাদেশ কেইখন আৰু কি কি? 😮

এছিয়া পৃথিৱীৰ বৃহত্তম তথা সৱাতোকৈ জনবহুল মহাদেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। ই পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৮.৭% ঠাই আৱৰি আছে। ইয়াতে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০% লোকে বসবাস কৰে।


আফ্ৰিকা মহাদেশ:

মহাদেশ কেইখন আৰু কি কি? 😮

আফ্ৰিকা মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত। এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে।

ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।

- Advertisement -

ইউৰোপ মহাদেশ:

মহাদেশ কেইখন আৰু কি কি? 😮

ইউৰোপ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত আৰু বেছিভাগেই পূব গোলাৰ্ধত অৱস্থিত এখন মহাদেশ। ইয়াৰ উত্তৰে আৰ্কটিক মহাসাগৰ, পশ্চিমে আটলাণ্টিক মহাসাগৰ, দক্ষিণে ভূমধ্য সাগৰ আৰু পূবে এছিয়া। ইউৰোপে ইউৰেছিয়াৰ ভূখণ্ড এছিয়াৰ সৈতে আৰু আফ্ৰিকা-ইউৰেছিয়াৰ এছিয়া আৰু আফ্ৰিকা উভয়ৰে সৈতে ভাগ কৰে। ইউৰোপক সাধাৰণতে ইউৰাল পৰ্বতমালা, উৰাল নদী, কেছপিয়ান সাগৰ, বৃহত্তৰ ককেছাছ, ক’লা সাগৰ আৰু বছপ’ৰাছ জলপথৰ জলভাগৰ দ্বাৰা এছিয়াৰ পৰা পৃথক বুলি গণ্য কৰা হয়।


উত্তৰ আমেৰিকা মহাদেশ:

মহাদেশ কেইখন আৰু কি কি? 😮

উত্তৰ আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলাণ্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি।

মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও বুলা হয়।

- Advertisement -

দক্ষিণ আমেৰিকা মহাদেশ:

দক্ষিণ আমেৰিকা মহাদেশ:

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও বোলা হয়।


অষ্ট্ৰেলিয়া মহাদেশ:

অষ্ট্ৰেলিয়া মহাদেশ:

অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি 8,468,300 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31,260,000।

নিউজিলেণ্ড অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্ভূক্ত নহয়, কিয়নো ই অষ্ট্ৰেলিয়া মহাদেশ থকা কন্টিনেণ্টেল চেল্ফ খনত অৱস্থান কৰা নাই। নিউজিলেণ্ড সাগৰৰ তলত ডুবি থকা মহাদেশ “জিলেণ্ডিয়া”-ৰ অন্তৰ্গত।


কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ:

কুমেৰু বা এণ্টাৰ্কটিকা মহাদেশ:

এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।

এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম। ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল পেঙ্গুইনচিলনেমাটোডটাৰ্ডিগ্ৰেৰমাইট, বিভিন্ন প্ৰকাৰৰ শৈবাল, অন্যান্য অনুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা।


Source: Wikipedia

Leave a Comment