ভাৱ বহলাই লিখা
ৰাইজে নখ জোকাৰিলে নৈ বয় ভাৱ বহলাই লিখা
যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা
জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক’বলৈ যাওঁতে “যত্ন কৰিলে ৰত্ন পায়” – উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। ৰত্ন হ’ল অতি মূল্যবান আৰু দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ’লে মানুহে পৰিশ্ৰম কৰিবলগা হয় । বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়।
যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা
যিকোনো কামৰ ভাল প্রতিফল পাবলৈ হ’লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আশা কৰাটো মিছা। ৰত্ন নিজে নিজে আহি কপালত নালাগে। ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষা ভাল ফল পোৱা যায়। কোনো কামতে একানপতীয়াভাৱে মনোনিবেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি নহলে কেতিয়াবা ভাল পুৰষ্কাৰ পোৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হ’বলগীয়া হয়।
ভাব সম্প্ৰসাৰণ কৰা: আইৰো বাৰ্তা গংগাৰো যাত্ৰা
ৰত্ন লাভৰ আশা কৰি কাম-বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা-আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা আৰু হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা-সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
কথাত কটা যায় কথাত বটা পায় ভাব সম্প্ৰসাৰণ কৰা
উপদেশতকৈ আৰ্হি ভাল ভাব বহলাই লিখা
অভাৱেই আৱিষ্কাৰৰ মূল ভাৱ বহলাই লিখা
কোনাে দিন কোনাে অভাৱত নপৰা লােকে কোনাে নতুন চিন্তা কৰাৰ কথা অনুভৱ নকৰে। অর্থাৎ অভাৱত পৰিলে সেই অভাৱ কেনেদৰে আঁতৰ কৰিব পৰা যায়, কি উপায়ে সেই অভাৱ পূৰণ কৰা যায় এনেবােৰ গভীৰ চিন্তা আৰু পূৰণৰ বাবে এটা নতুন উপায়, নতুন বুদ্ধি মনলৈ আহে আৰু সেই উপায় আৰু বুদ্ধিৰে কাম কৰাৰ বাবে এক নতুন উদ্যম বা প্ৰেৰণা লাভ কৰা যায়। চিন্তাশীল লােক সাধাৰণতে অতি বুদ্ধিমান আৰু ভাল-বেয়া বিবেচনা কৰিব পৰা হয়। অভাৱেই মানুহক এনে হােৱাৰ সুযােগ দিয়ে।
এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা
যেন কুকুৰ তেন টাঙোন ভাৱ বহলাই লিখা
কুকুৰ এটা যদি পদুলি শুঙা স্বভাৱৰ হয়, কাজিয়াখোৰ হয়, তেনে কুকুৰে টাঙোনৰ কোব খাবই।আনক যেনে ব্যৱহাৰ কৰা যায়, নিজেও মানুহৰ পৰা তেনেকুৱা ব্যৱহাৰেই পাব। মানুহক অপকাৰ কৰিলে মানুহেও অপকাৰ কৰিব। প্রতিজন মানুহেই নিজে যেনেকুৱা গুণৰ অধিকাৰী তেনেকুৱা ব্যৱহাৰহে পাব। তজবজীয়া কুকুৰ এটাক খেদিবৰ বাবে টান লাঠিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে, অতি নিষ্ঠুৰ হ’ব পৰা ভয়ংকৰ শত্ৰৰ।পৰা হাত সাৰিবলৈ মানুহে নিষ্ঠুৰ পদক্ষেপকেই অবলম্বন কৰি নিষ্কণ্টক হ’বলৈ বিচাৰে। গতিকে, মানুহক বেয়া ব্যৱহাৰ কৰিলে নিজেই তেনে ব্যৱহাৰ পোৱাৰ কাৰণে সাজু থাকিব লাগিব।
ৰাইজে নখ জোকাৰিলে নৈ বয় ভাৱ বহলাই লিখা
এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয় । ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে, এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কার্যও অনায়াসে সম্পাদন কৰিব পাৰি।
গতিকে, উক্ত বাক্যটিৰে সম্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে।
ভাব সম্প্ৰসাৰণ কৰা গৰুৰ আগত বজাই টোকাৰী, গৰু ঘাঁহ খাই কাণ-মূৰ জোকাৰি
টোকাৰী এবিধ মিঠাসুৰীয়া বাদ্যযন্ত্ৰ— ব’ৰাগীসকলে আৰু সঙ্গীতজ্ঞ সকলে টোকাৰী বজাই গীত গাই মানুহক পৰম আনন্দ দান কৰে। কিন্তু এই টোকাৰীৰ সুৰ মিঠা নে তিতা তাক গৰুৱে নুবুজে, মানুহৰ দৰে কাণ পাতি নুশুনে; সি ঘাঁহ খাইয়ে থাকিব। সেইদৰে মূৰ্খ মানুহবিলাকৰ আগতো ভাল কথা ক’লে সিহঁতে তাৰ অৰ্থ বুজিব নোৱাৰে; সিহঁতে নিজৰ মতেৰেই গৈ থাকে বা অমূলক তৰ্ক কৰি সময় নষ্ট কৰে।