বিজ্ঞান class 7
পানী এক অমূল্য সম্পদ
পাঠ 16
Table of Contents
অনুশীলনী
উক্তিটো যদি সঁচা হয় ( স ) আৰু মিছা হয় ( মি ) ৰে চিহ্নিত কৰা ।
( ক ) পৃথিৱীৰ নদী আৰু হ্রদত থকাতকৈ ভূ – গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি ।
উত্তৰঃ- স ।
( খ ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে ।
উত্তৰঃ- মি।
( গ ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী
উত্তৰঃ- মি
( ঘ ) বৰষুণ হ’ল পানীৰ প্রধান উৎস ।
উত্তৰঃ- স ।
2. ভূ-গৰ্ভৰ পানী কেনেকৈ পূৰ কৰা হয় ব্যাখ্যা কৰা ।
উত্তৰ— বৰষুণৰ পানী মাটিৰ মাজেদি সৰকি গৈ মাটিৰ তলত জমা হয় । নৈ , বিল , পুখুৰী আদিৰ পানীও একেদৰে মাটিৰ মাজেদি সৰকি চেপা খাই মাটিৰ তলত জমা হয় । এই পানীবােৰ কঠিন , শিল , মাটিৰ কণাৰ মাজত থকা ফাঁকত জমা হৈ থাকে । এনেকৈয়ে ভূ-গৰ্ভৰ পানী পূৰ হয় ।
3. পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে ?
উত্তৰ— নলীনাদৰ ব্যৱহাৰ বেছি হ’লে ভূ-গৰ্ভৰ পানীৰ পৰিমাণ দিনক দিনে কমি যাব । ফলত মানুহৰ মাজত দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ অভাৱ ঘটিব ।
4. তোমাক এখন বাগিছা পৰিচালনা কৰিবলৈ কোৱা হ’ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা ?
উত্তৰ— ঘৰৰ শাক-পাচলি, ফল-মূল বা অন্য বস্তু ধুৱাৰ পিছত পানীখিনি পেলায় দিয়াতকৈ বাগিছাত ব্যৱহাৰ কৰিব পাৰিম । বৰষুণ দিলে সেই পানী ধৰি ৰাখি বাগিছাত ব্যৱহাৰ কৰিব পাৰিম। বাগিছাৰ ফুলৰ গুৰিলৈ সৰু সৰু নলাৰ দ্বাৰা পানী যােগান ধৰিও, পানীৰ ব্যৱহাৰ কম কৰিব পাৰিম।
5. ভূ – গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ- জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ’ব পাৰে যেনে- জনসংখ্য়াৰ বৃদ্ধি, ঔদ্য়োগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ’ল ভূ-গৰ্ভ জলপৃষ্ঠত প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ’লেও ভূ-গৰ্ভ জলপৃষ্ঠ অৱক্ষয় হ’ব পাৰে। অন্য় এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূ-গৰ্ভ জলপৃষ্ঠৰ অৱনমন হ’ব পাৰে, সেইটো হ’ল নিৰ্বনানীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ।
6. উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা :
(ক) দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূ-গৰ্ভৰ পানী পায়।
(খ) পানীৰ তিনিটা ৰূপ হ’ল গোটা, জুলীয়া আৰু গেছীয়।
( গ ) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল জলপৃক্তা ।
( ঘ ) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃপৰিস্ৰাৱণ বোলা হয়।
8. তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?
(a) উদ্যোগৰ দ্ৰুত বৃদ্ধি ।
(b) জনসংখ্যা বৃদ্ধি।
(c) প্ৰচুৰ বৰষুণ
(d) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ ।
উত্তৰ— (c) প্ৰচুৰ বৰষুণ
9. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
মুঠ পানীৰ পৰিমাণ একে থাকে-
(a) পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত।
(a) ভূ-গৰ্ভত।
(c) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত।
(d) গোটেই পৃথিৱীৰ।
উত্তৰ— (d) গোটেই পৃথিৱীৰ।
- সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১১
- সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১২
- সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাঠ ১৩
- সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ 14
- পোহৰ Class 7 – সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ