বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়: Control Air Polution

By Amit Kumar

Published on:

বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়: Control Air Polution
- Advertisement -

বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় :

বায়ু প্ৰদূষণ(Air pollution) হ’ল বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু দূষিত হোৱা, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে।বিভিন্ন পদাৰ্থ যেনে, ৰাসায়নিক, ভৌতিক বা জৈৱিক পদাৰ্থৰ দ্বাৰা ঘৰৰ ভিতৰ বা বাহিৰৰ পৰিৱেশৰ দূষণেও বায়ুমণ্ডলৰ প্ৰাকৃতিক বৈশিষ্ট্য সলনি কৰে। বিভিন্ন প্ৰকাৰৰ বায়ু প্ৰদূষক, জৈৱিক আৰু অজৈৱিক কণিকা আৰু জৈৱিক অণু আদি। বায়ু প্ৰদূষণৰ ফলত মানুহৰ নানা ৰোগ, এলাৰ্জি, আনকি মৃত্যুও হ’ব পাৰে; ই আন ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ ক্ষতি কৰাৰ উপৰি, জীৱ-জন্তু আৰু খাদ্য শস্যৰো ক্ষতি কৰিব পাৰে, আৰু প্ৰাকৃতিক পৰিৱেশৰ বা সৃষ্ট পৰিৱেশ ক্ষতিগ্ৰস্ত কৰিব পাৰে। মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক পৰিঘটনা দুয়োটাৰ ফলত বায়ু প্ৰদূষণ হ’ব পাৰে।

বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় :

বৰ্তমান আধুনিক যুগত বায়ু প্ৰদূষণ সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো সম্ভৱ নহয় যদিও কিছুমান পদ্ধতিৰ দ্বাৰা ইয়াৰ প্ৰভাৱ নিম্নতম কৰিব পৰা যায়।

- Advertisement -
  1. উদ্যোগ সমূহৰ পৰা ধোৱা নিৰ্গত হোৱা চিমনীবোৰ ওখ কৰিলে দূষিত বায়ু ওপৰলৈ উঠি যাব আৰু পৰিবেশৰ ওপৰত নিম্নতম ঋণাত্মক প্ৰভাৱ পেলাব।
  2. পুৰণি যান-বাহন সমূহ চলোৱাত বাধা দি, কেটালাইটিক কনভাৰ্টাৰ (Catalytic converter)ব্যৱহাৰ কৰি দূষিত পদাৰ্থবোৰ পৰিবেশত অহাৰ আগতে দহন কৰা প্ৰয়োজন।
  3. উদ্যোগ সমূহত চাইক্লন (Cyclone) নামৰ এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি বস্তুকণা (articulate matter) সমন্বিত গেছৰ চেণ্ট্ৰিফিউজ কৰি বস্তুকণাসমূহ পৃথক কৰিব পাৰি।
  4. স্ক্ৰাবাৰ (Scrubbers)ব্যৱহাৰ কৰি বায়ুমণ্ডলৰ পৰা বস্তুকণাৰ লগতে SO2 গেছো পৃথক কৰিব পাৰি।
  5. বৃক্ষৰোপণ বায়ু প্ৰদূষণ ৰোধ কৰাৰ এক অন্যতম উপায়। উদ্ভিদে সালোক সংশ্লেষণ প্ৰথাৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি বায়ুমণ্ডল শোধন কৰে।