- Advertisement -
বায়ু প্ৰদূষণৰ কাৰণ সমূহ কি কি?
বায়ু প্ৰদূষণৰ প্ৰধান উৎসবোৰ হ’ল কল-কাৰখানাৰ ধোঁৱা, প্লাষ্টিক, ৰবৰ, অৰণ্য, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা ইত্যাদি।
গেছীয় পদাৰ্থ বায়ুৰ লগত মিলি বায়ু প্ৰদূষিত কৰে। যান-বাহনৰ পৰা ওলোৱা ধোঁৱা, চৌকা, ষ্টোভ হাবি বননীৰ জুইৰ পৰা ওলোৱা ধোঁৱা। জাৱৰ-জোথৰ গেলা পঁচা বস্তুৰ পৰা ওলোৱা গেছেও বায়ু দূষিত কৰে। প্লাষ্টিক , ৰবৰ আদিৰে তৈয়াৰ সামগ্ৰী জ্বলালেও বিষাক্ত গেছ ওলায়। সাধাৰণতে এইবোৰেই বায়ু প্ৰদূষণৰ প্ৰধান উৎস।
- Advertisement -

Table of Contents
বায়ু প্ৰদূষণ কাক বোলে?
বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত দূষিত হোৱা বায়ু, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে তাকে বায়ু প্ৰদূষণ বোলে ।
বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়:
- উদ্যোগ সমূহৰ পৰা ধোৱা নিৰ্গত হোৱা চিমনীবোৰ ওখ কৰিলে দূষিত বায়ু ওপৰলৈ উঠি যাব আৰু পৰিবেশৰ ওপৰত নিম্নতম ঋণাত্মক প্ৰভাৱ পেলাব।
- পুৰণি যান-বাহন সমূহ চলোৱাত বাধা দি, কেটালাইটিক কনভাৰ্টাৰ (Catalytic converter)ব্যৱহাৰ কৰি দূষিত পদাৰ্থবোৰ পৰিবেশত অহাৰ আগতে দহন কৰা প্ৰয়োজন।
- উদ্যোগ সমূহত চাইক্লন (Cyclone) নামৰ এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰি বস্তুকণা (articulate matter) সমন্বিত গেছৰ চেণ্ট্ৰিফিউজ কৰি বস্তুকণাসমূহ পৃথক কৰিব পাৰি।
- স্ক্ৰাবাৰ (Scrubbers)ব্যৱহাৰ কৰি বায়ুমণ্ডলৰ পৰা বস্তুকণাৰ লগতে SO2 গেছো পৃথক কৰিব পাৰি।
- বৃক্ষৰোপণ বায়ু প্ৰদূষণ ৰোধ কৰাৰ এক অন্যতম উপায়। উদ্ভিদে সালোক সংশ্লেষণ প্ৰথাৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি বায়ুমণ্ডল শোধন কৰে।