পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়:

By Amit Kumar

Published on:

পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়
- Advertisement -

পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়:

প্ৰাকৃতিক ভাৱে ঘটা প্ৰদূষণ মানুহৰ আয়ত্তৰ বাহিৰত আৰু এনে প্ৰদূষণে মানুহক বিশেষ ক্ষতি নকৰে। কিন্তু মানুহৰ দ্বাৰা ঘটা প্ৰদূষণ কেৱল মানুহেহে ৰোধ কৰিব পাৰে। যি সুখে মৃত্যু হাতবাউলি মাতে, তেনে সুখ ভোগ নকৰাকৈ থকা শ্ৰেয়। সেয়েহে য’তে ত’তে উদ্যোগ স্থাপন কৰা, অত্যধিক যান-বাহন ব্যৱহাৰ কৰা, বসতি স্থাপন কৰি হাবি-বন তহিলং কৰা, অতিমাত্ৰা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা, প্লাষ্টিক আদি অপদ্ৰব্য ব্যৱহাৰ কৰিবলৈ মানুহে এৰিব লাগে।

পৰিৱেশ সংৰক্ষণৰ বাবে অধিক বৃক্ষৰোপণ কৰিব লাগে। বিজ্ঞানীসকলে প্ৰদূষণমুক্ত-কৌশল উদ্ভাৱনৰ উপায় চিন্তা কৰা উচিত। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰ আৰু আন আন অনুষ্ঠানে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। বৰ্তমান বায়ু, পানী, মাটি আদিৰ প্ৰদূষণ ৰোধৰ বাবে চৰকাৰীভাৱে আইন-প্ৰণয়ন কৰা হৈছে। সেই আইনসমূহ কাৰ্যকৰী হোৱাত সকলোৱে সহায় কৰিব লাগে।

- Advertisement -

প্ৰদূষণৰ সমস্যা এক ভয়াৱহ সমস্যা। আজিতে ইয়াক ৰোধ কৰিব নোৱাৰিলে মানৱ জাতি অস্তিত্বহীন হৈ পৰিব। সেয়েহে সকলো মানুহেই সজাগ হৈ পৰিৱেশক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞা গ্ৰহণ কৰা উচিত।