পৰিস্থিতি তন্ত্ৰ কাক বোলে?
যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে।
Table of Contents
পৰিস্থিতি তন্ত্ৰ
পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা বিভিন্ন জনে বিভিন্ন ধৰণৰে আগবঢ়াইছে।
ওভামৰ মতে, “পৰিস্থিতি তন্ত্ৰ বাস্তৱ বিদ্যাৰ মূল একক য’ত জৈৱিক কাৰক(জীৱসমূহ) আৰু;অজৈৱিক কাৰক (উষ্ণতা, পোহৰ আদি) সমূহে এটাই আনটোৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে।”
মাথাতনৰ মতে,“এটা পৰিবেশত থকা সকলোবোৰ জীৱিত প্রাণী, পাৰিপাৰ্শ্বিকতা আৰু সিহঁতৰ মাজত চলি থকা ক্ৰিয়া-প্ৰতিক্ৰিয়া সমূহ লৈ পৰিস্থিতি তন্ত্ৰ গঠিত হয়।”
গতিকে বিভিন্ন বিজ্ঞানীয়ে আগবঢ়োৱা সংজ্ঞাসমূহৰ পৰা পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা এনেদৰে দিব পাৰি – যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে। অৰ্থাৎ এখন আবাসভূমিত জীৱিত জীৱৰ সমষ্টি আৰু ভৌতিক কাৰকবোৰে একেলগে পৰস্পৰে পৰস্পৰৰ লগত ক্ৰিয়া কৰি পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰে।
ইয়াক এটা চিত্ৰৰ দ্বাৰা এনেদৰে দেখুৱাব পাৰি –

পৰিস্থিতি তন্ত্ৰ কাক বোলে?
- খাদ্য শৃংখল কাক বোলে?
- সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
- নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ
- HS 2nd Year English
- Class 7 Science
পৰিস্থিতি তন্ত্ৰ উপাদান বিলাক কি কি?
পৰিস্থিতিতন্ত্ৰৰ প্রধান উপাদান দুটা হৈছে : জৈৱিক আৰু অজৈৱিক উপাদান ৷ ইয়াৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ তলত দৰে বাখ্যা কৰিব পাৰি।
জৈৱিক উপাদানঃ
পৰিস্থিতি তন্ত্ৰত থকা জীৱিত উপাদানবোৰক জৈৱিক উপাদান বোলা হয়। জৈৱিক উপাদনক দুটা ভাগত ভগাব পাৰি।
- স্বপোষী উপাদান (Autotrophic components)
- পৰপোষী উপাদান (Heterotrophic components )
অজৈৱিক উপাদান :
পৰিস্থিতি তন্ত্ৰত থকা জীৱহীন উপাদানবোৰক অজৈৱিক উপাদান বোলা হয়। প্রধান অজৈৱিক উপাদানবোৰ হৈছে –
- পৃথিৱীৰ বুকুত (Sithosphere) থকা গোটা খনিজাত দ্ৰব্যসমূহ ৷
- মহাসাগৰ, সাগৰ, হদ, নদী, বৰফৰ টুকুৰা আদিত থকা ! পানী (হাইড’স্পিয়েৰ)
- বায়ুমণ্ডলত (atmosphere) থকা বিভিন্ন গেছৰ মিশ্ৰণ ৷
- সূৰ্য্যৰ বিকিৰণ ৷
পৰিস্থিতি তন্ত্ৰৰ মূল বৈশিষ্ট্যসমূহ :
- পৰিস্থিতি তন্ত্ৰ বাস্তব বিদ্যাৰ এক কাৰ্য্যকৰী একক য’ত জৈৱ আৰু অজৈৱ উপাদানসমূহ এনেভাৱে সম্পৰ্কিত যে সিহঁতৰ মাজেদি পুষ্টিৰ চক্র অৱৰ্তিত হয় ফলত শক্তিৰ প্রবহন হয়।
- শক্তিৰ প্ৰৱহন বজাই ৰাখিবৰ বাবে মাটি, পানী, উৎপাদনক, উপভোক্তা আৰু বিয়োজকৰ মাজত এক সাংগঠনিক সম্পৰ্ক গঢ়ি উঠে।
- পৰিস্থিতিতন্ত্ৰত প্রৱাহিত হ’ব লগা মুঠ শক্তি নিৰ্ভৰ কৰে উৎপাদকৰ উৎপন্ন শক্তি আৰু স্থিতিৰ ওপৰত।
- পৰিস্থিতি তন্ত্রক্ৰমে অপেক্ষাকৃতভাৱে সৰল অৱস্থানৰ পৰা জটিল অৱস্থা প্রাপ্ত হয়৷ ইয়াক বাস্তৱ বিদ্যাৰ অনুক্ৰম (Succession) বোলা হয়।
- জীৱগোষ্ঠী পৰিস্থিতিতন্ত্ৰৰ কাৰ্য্যকৰী একক আৰু ইয়াৰ ওপৰত খাদ্যচক্ৰ আৰু শক্তিৰ প্রবহন সম্পৰ্ক নিৰ্ভৰ কৰে।
- পৰিৱেশতন্ত্ৰত শক্তিৰস্থিতি সীমিত বাবে জীৱগোষ্ঠীৰ সংখ্যা এক নিৰ্দিষ্ট সীমালৈ বৃদ্ধি পায় আৰু ইয়াৰ পিছত ই স্থিৰ হয় নাইবা বিভিন্ন প্রাকৃতিক কাৰণত জীৱগোষ্ঠীৰ সংখ্যা ভীষণভাৱে হ্ৰাস পায়।
উপভোক্তা কাক বোলে?
যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতকউপভোক্তা বোলা হয় ।
উৎপাদক কাক বোলে?
সাধাৰণতে উৎপাদক বুলি ক’লে সেউজীয়া উদ্ভিদসমূহকে বুজা যায় উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰি ল’ব পাৰে বাবে ইহঁতক সপোষী (Autotrophic) জীৱ বোলা হয়।
পৰিস্থিতি তন্ত্ৰ মানে কি বুজা?- class 10
যি বিশেষ পৰিস্থিতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠাবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিবেশৰ লগত প্রতিক্রিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতি তন্ত্ৰ বোলে।