প্ৰদূষণ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?

By Amit Kumar

Published on:

প্ৰদূষণ কাক বোলে?
- Advertisement -

প্ৰদূষণ কাক বোলে?

উত্তৰ : অপদ্রব্যৰ দ্বাৰা বায়ু, পানী আৰু মাটি দূষিত হোৱাকে প্ৰদূষণ বোলা হয়।

প্ৰদূষণ শব্দটোৱে সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশ দূষিত হোৱাকে বুজায়। প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তনেই হৈছে প্ৰদূষণ। প্ৰদূষণে যিকোনো পদাৰ্থ কঠিন, তৰল, গেছ বা শক্তি, যেনে: তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰৰ ৰূপ ল’ব পাৰে।

- Advertisement -

💁পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়

প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?

প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : প্ৰদূষণ চাৰি প্ৰকাৰৰ।

সেইবোৰ হৈছে—

- Advertisement -
  • বায়ু প্ৰদূষণ।
  • জল প্রদূষণ।
  • মাটি প্ৰদূষণ। আৰু
  • শব্দ প্ৰদূষণ।

বায়ু প্ৰদূষণ কাক বোলে?

বায়ুমণ্ডলত প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ ফলত দূষিত হোৱা বায়ু, যিয়ে মানুহ আৰু অন্যান্য জীৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু জলবায়ু বা বয়-বস্তুৰ ক্ষতি সাধন কৰে তাকে বায়ু প্ৰদূষণ বোলে ।

💁বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়

- Advertisement -

পানী প্ৰদূষণ কাক বোলে?

যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ, নাইবা জৈৱিক কাৰকৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জল প্ৰদূষণ বোলা হয়।

💁পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়

- Advertisement -

মাটি প্ৰদূষণ কাক বোলে?

মাটিত কিছুমান নাথাকিবলগীয়া ৰসায়ন বা পদাৰ্থৰ উপস্থিতিয়ে নাইবা কিছুমান পদাৰ্থ থাকিবলগীয়া পৰিমাণতকৈ অধিক থাকিলে, যদি তাত থকা জীৱসমূহলৈ বিপদ মাতি আনে; তেতিয়াই মাটিখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোকে ভূমি প্ৰদূষণ বোলে।

শব্দ প্ৰদূষণ কাক বোলে?

শব্দ প্ৰদূষণ হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ। 

পৰিবেশ প্ৰদূষণ ছবি


1 thought on “প্ৰদূষণ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি?”

Leave a Comment