Q: প্রত্যয় কাক বোলে?
Ans: প্রকৃতি বা মূলৰ লগত যিবোৰ বর্ণ বা বর্ণসমষ্টি যোগ হৈ নতুন নতুন অর্থ যুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্ৰত্যয় বোলে।
প্রত্যয় কেই প্ৰকাৰৰ আৰু কি কি?
Ans: অসমীয়া ভাষাত প্ৰত্যয় চাৰিবিধ।
- কৃৎ প্ৰত্যয়।
- তদ্ধিত প্ৰত্যয়।
- স্ত্রী প্ৰত্যয়।
- বিভক্তি বাচক প্ৰত্যয়।
কৃৎ প্ৰত্যয়:
ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবোৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্ৰত্যয় বোলে।
যেনেঃ
লিখ্ + অক = লিখক
কৰ্ + ওৱা = কৰোৱা (পাঁচনি ধাতু)
তদ্ধিত প্ৰত্যয়:
প্রতিপাদিক বা নাম শব্দৰ পিছত যিবোৰ প্রত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বোলে।
যেনেঃ
দয়া + আলু = দয়ালু
গাঁও + অলীয়া = গাঁৱলীয়া
অসম + ঈয়া = অসমীয়া।
স্ত্রী প্ৰত্যয়:
নাম শব্দৰ স্ত্রী লিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয়, তাকেই স্ত্রী প্ৰত্যয় বোলে।
যেনেঃ
উকিল + অনী = উকিলনী
ৰান্ধ + অনী = ৰান্ধনী
গাল + পোৰা + ঈ = গালপোৰী
বিভক্তি বাচক প্ৰত্যয়:
নাম শব্দ বা ক্ৰিয়া বাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তিবোৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়।
যেনেঃ
কৰ্ + আ = কৰা
ফুল + এ = ফুলে
- ভাব সম্প্ৰসাৰণ কৰা চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি
- ৰঙালী বিহুৰ শুভেচ্ছা – Rongali Bihu Wishes in Assamese
- Class 12 Assamese Question Answer: Chapter 1