পোহৰ Class 7 – সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

By Amit Kumar

Published on:

পোহৰ Class 7 - সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
- Advertisement -

পোহৰ Class 7

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ

Table of Contents

পাঠ: ১৫

- Advertisement -

অনুশীলনী : পোহৰ Class 7

 খালী ঠাই পূৰণ কৰা: পোহৰ Class 7

( a ) যি প্রতিবিম্বক পর্দাত ধৰিব নােৱাৰি তাক ……… বােলে । 

উত্তৰঃ (a) যি প্রতিবিম্বক পর্দাত ধৰিব নােৱাৰি তাক  অসৎ প্রতিবিম্ব বােলে । 

- Advertisement -

( b ) উত্তল ………গঠন কৰা সদায় অসৎ আৰু আকাৰত সৰু ।

উত্তৰঃ (b) উত্তল দাপােণে গঠন কৰা সদায় অসৎ আৰু আকাৰত সৰু । 

( c )………..দাপোণে গঠন কৰা প্রতিবিম্ব সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ । 

- Advertisement -

উত্তৰঃ (c) সমতল দাপোণে গঠন কৰা প্রতিবিম্ব সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ । 

( d ) যিবােৰ প্রতিবিম্ব পৰ্দাত ধৰিব পাৰি তাক ……….. প্রতিবিম্ব বােলে ।

উত্তৰঃ (d) যিবােৰ প্রতিবিম্ব পৰ্দাত ধৰিব পাৰি তাক  সৎ প্রতিবিম্ব বােলে । 

( e ) অবতল …………..গঠন কৰা প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি । 

উত্তৰঃ (e) অবতল লেনছ গঠন কৰা প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি । 

শুদ্ধ/অশুদ্ধ লিখা: পোহৰ Class 7

( a ) আমি উত্তল দাপােণৰ দ্বাৰা পৰিবধিত আৰু যথাযথ প্রতিবিম্ব গঠন কৰিব পাৰো । 

উত্তৰঃ অশুদ্ধ ।

( b ) অবতল লেনছে সদায় অসৎ প্রতিবিম্ব উৎপন্ন কৰে । 

উত্তৰঃ শুদ্ধ ।

( c ) অবতল দাপােণে বাস্তৱ , বর্ধিত আৰু ওলােটা প্রতিবিম্ব গঠন কৰে । 

উত্তৰঃ শুদ্ধ ।

( d ) বাস্তৱ প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি । 

উত্তৰঃ অশুদ্ধ ।

( e ) অবতল দাপােণে সদায় বাস্তৱ প্রতিবিম্ব গঠন কৰে । 

উত্তৰঃ অশুদ্ধ ।

স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ এটা বা বেছি যি হয় , সেই তথ্য মিলহি লিখা ।

উত্তৰঃ

স্তম্ভ- IIস্তম্ভ- II 
( a ) সমতল দাপােণ( v ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান  আকাৰৰ ।
( b ) উত্তল দাপােণ ( ii ) এক বৃহৎ অঞ্চলত থকা বস্তুৰ প্রতিবিম্ব গঠন কৰিব পাৰে ।
( c ) উত্তল লেনছ( i ) বিবর্ধক কাঁচ হিচাবে ব্যৱহাৰ হয় ।
( d ) অবতল দাপােণ( iii ) দন্ত্য চিকিৎসকে দাঁতৰ বিবর্ধিত প্রতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে ।
( e ) অবতল লেনছ( vi ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুতকৈ সৰু ।

সমতল দাপােণে গঠন কৰা প্রতিবিম্বৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ সমতল দাপােণে গঠন কৰা প্রতিবিম্বৰ বৈশিষ্ট্য হল— 

( i ) প্রতিবিম্ব যথাযথ আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ ।

( ii ) প্রতিবিম্ব অসৎ । 

( iii ) প্রতিবিম্ব পার্শ্বীয়ভাবে বিলােমিত ( সোঁফাল বাওঁফাল আৰু বাওঁফাল সোঁফাল যেন দেখি ) । 

( iv ) দাপােণৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপােণৰ পিছফালে প্রতিবিম্ব গঠিত হয় । 

ইংৰাজী বর্ণমানৰ বা আন বর্ণমালাৰ কোনবােৰ আখৰৰ সমতল দাপােণৰ দ্বাৰা গঠিত প্রতিবিম্ব আখৰটোৰ দৰেই হয় বাছি উলিওৱা । তুমি পােৱা পৰিঘটনাৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ ইংৰাজী বর্ণমালাৰ আখৰবােৰ যিবােৰৰ সমতল দাপােণত গঠিত প্রতিবিম্বও আখৰবােৰৰ দৰেই হয় , সেইবােৰ হ’ল— A , H , I , M , O , T , U , V , W , X , Y. এনে হােৱাৰ কাৰণ হ’ল এই আখৰবােৰ সমমিত অর্থাৎ বাওঁফাল আৰু সোঁফাল একে । দাপােণত গঠিত প্রতিবিম্বটো পার্শ্বীয়ভাবে ওলােটা হ’লেও ধৰিব নােৱাৰি । কিন্তু আন আখৰবােৰৰ দুয়ােফাল সমমিত নহয় বাবে বাওঁফাল আৰু সোফাল বেলেগ হয় অর্থাৎ আখৰটোৰ ৰূপ সলনি হয় । তলত দুয়ােক্ষেত্ৰত গঠিত প্রতিবিম্বৰ গঠন দেখুওৱা হ’ল ।

পোহৰ Class 7 - সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
পোহৰ Class 7

অসৎ প্রতিবিম্ব কাক বােলে ? অবাস্তব প্রতিবিম্ব গঠনৰ এটা ব্যৱস্থা দিয়া ।

উত্তৰঃ অসৎ প্রতিবিম্ব :- যেতিয়া দাপােণত গঠিত প্রতিবিম্ব পৰ্দাত ধৰিব নােৱাৰি তাকে অসৎ প্রতিবিম্ব বােলে । 

অথবা , দাপােণৰ পৰা প্রতিফলিত ৰশ্মি পিছফালে বঢ়াই দিলে যি বিন্দুত ছেদ কৰে , তাকে সেই লক্ষ্যবস্তুৰ অসৎ প্রতিবিম্ব বােলে । 

সমতল দাপোেণত গঠিত প্রতিবিম্ব অসৎ । তলৰ চিত্ৰত ইয়াৰ গঠন দেখুওৱা হ’ল—

পোহৰ Class 7 - সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
পোহৰ Class 7

চিত্ৰত ,  O = লক্ষ্যবস্তু  

            I  = প্রতিবিম্ব ( অসৎ ) 

            MM = সমতল দাপােণ । 

এখন অবতল আৰু এখন উত্তল লেনছৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ উত্তল আৰু অবতল লেনছৰ মাজৰ পাৰ্থক্য দুটা হ’ল–

উত্তল লেনছঅবতল লেনছ
১. মাজৰ অংশ মূৰৰ অংশতকৈ ডাঠ১. মাজৰ অংশ মূৰৰ অংশতকৈ পাতল ।
২. ইয়াৰ ওপৰত আপতিত পােহৰ অভিসাৰী কৰে আৰু সৎ , অসৎ  দুয়ােধৰণৰ প্রতিবিম্ব মাত্ৰ গঠন কৰে২. ইয়াৰ ওপৰত আপতিত পােহৰ অপসাৰী কৰে আৰু অসৎ প্ৰতিবিম্বহে গঠন কৰে ।

অবতল আৰু উত্তল দাপােণৰ এটাকৈ ব্যৱহাৰ লিখা । 

উত্তৰঃ

  • অবতল দাপােণ চিকিৎসকে দাঁত , নাক , কাণ আদি চাবলৈ ব্যৱহাৰ কৰে । 
  • উত্তল দাপােণ গাড়ী চালকে গাড়ীৰ পিছফালৰ ৰাস্তা আৰু তাৰ ওপৰত চলি থকা অন্য যানবাহন চাবলৈ ব্যৱহাৰ কৰে ।

প্রকৃত বা সৎ প্রতিবিম্ব কি ধৰণৰ দাপােণে গঠন কৰে ? 

উত্তৰঃ অবতল দাপােণে সৎ প্রতিবিম্ব গঠন কৰে । 

কি লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে ? 

উত্তৰঃ অবতল লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে । 

লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব গঠন কৰিব পাৰি 

( i ) অবতল লেনছৰ দ্বাৰা 

( ii ) অবতল দাপােণৰ দ্বাৰা 

( iii ) উত্তল দাপােণৰ দ্বাৰা 

( iv ) সমতল দাপােণৰ দ্বাৰা 

উত্তৰঃ ( ii ) অবতল দাপােণৰ দ্বাৰা 

ডেভিদে এখন সমতল দাপােণত তেওঁৰ প্রতিবিম্বটো নিৰীক্ষণ কৰি আছে । তেওঁৰ প্রতিবিম্ব দাপােণৰ পৰা 4 মিটাৰ দূৰত্বত গঠিত হৈছে । যদি তেওঁ দাপােণৰ ফালে 1 মিটাৰ ওচৰলৈ যায় , তেন্তে ডেভিদ আৰু তেওঁৰ প্রতিবিম্বৰ মাজৰ দূৰত্ব হল – 

( i ) 3 মি . 

( ii ) 5 মি . 

( iii ) 6 মি . 

( iv ) 8 মি . 

উত্তৰঃ ( iii ) 6 মি . 

মটৰ গাড়ী এখনত ৰেয়াৰ ভিউ মিৰৰ ( পিছফালে চোৱা দাপােণ ) খন  এখন সমতল দাপােণ । ড্রাইভাৰে গাড়ীখন 2 মি . / ছে , বেগত পিছুৱাই আছে । তেওঁ দাপােণত দেখিলে যে গাড়ীখনৰ পাছত এখন ট্রাক থিয়কৈ ৰখা আছে । ট্রাকখনৰ প্রতিবিম্বটো কিমান বেগেৰে গাড়ীখনৰ ওচৰ চাপিব ? 

( i ) 1 মি . / ছে ,

( ii ) 2 মি . / ছে ,

( iii ) 4 মি . / ছে ,

( iv ) ৪ মি . / ছে , 

উত্তৰঃ ( iii ) 4 মি . / ছে ,


Leave a Comment