পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়: Water Polution Control

By Amit Kumar

Published on:

পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়: Water Polution Control
- Advertisement -

পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়:

জল প্ৰদূষণ ৰোধ কৰিবলৈ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা বা আহিলা নাই। কিন্তু নানা ধৰণৰ প্ৰযুক্তিবিদ্যা, নিয়ম আৰু আইনৰ ঐক্যবদ্ধ সহযোগত জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

  • উদ্যোগ, নলা-নৰ্দমা আদিৰ পানীৰ লগত অহা বৰ্জিত দ্ৰব্যসমূ্হ পৃথক্কৰণ প্ৰক্ৰিয়াৰে পৃথক কৰা প্ৰয়োজন। ইয়াৰ পিছত পানীত দ্ৰবীভূত হৈ থকা বিষাক্ত পদাৰ্থ আৰু অনুজীৱবোৰ পৰিশোধন প্ৰক্ৰিয়াৰ (Filtration) দ্বাৰা পৃথক কৰিহে নদী বা পুখুৰীত নিষ্কাশিত কৰিব লাগে।
  • কীটনাশক দৰৱ ব্যৱহাৰৰ পৰিৱৰ্ত্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
  • গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ নাইবা আন আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন।
  • প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত। কল-কাৰখানা সমূহ এই উৎসবিলাকৰ পৰা আঁতৰত থকাটো প্ৰয়োজন।
  • নদ-নদী, পুখুৰী আদিত গা-ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে।
  • বৰষুণৰ পানী খাল নাইবা নলা-নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ বৈ যাবলৈ দিব লাগে যাতে ই খোৱা পানীৰ উৎসবিলাক দূষিত নকৰে।
  • বনানীকৰণৰ যোগেদি মাটিৰ খহনীয়া ৰোধ কৰিব লাগে।
  • উদ্যোগসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পানীত পেলাই পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে।