- Advertisement -
Q: ধ্বনি কাক বোলে ?
Ans: আমি শব্দ এটা কওঁতে মুখৰ বিভিন্ন অংগ,ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে ।যেনে – মই ভাত খালো ।
এই বাক্যটোত তিনিটা শব্দ আছে। (১) মই, (২) ভাত, (৩) খালো।
এতিয়া যদি আমি তিনিওটা শব্দ বিশ্লেষণ কৰোঁ—
১) মই =ম+অ+ই
২) ভাত=ভ+আ+ত
৩) খালো=খ+আ+ল+ও
ম,অ,ই,ভ,আ,ত,খ,আ,ল,ও আদি চিহ্নবোৰ আমি মুখৰ বিভিন্ন অংগ ডিঙি আদিৰ পৰা উচ্চাৰণ কৰোঁ । এনে উচ্চাৰণকে ধ্বনি বোলে।
- Advertisement -
উচ্চাৰণৰ স্থান আৰু বাধা অনুযায়ী ধ্বনিবোৰক স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি এই দুটা ভাগত ভাগ কৰিব পাৰি।