চেষ্টাৰ অসাধ্য একো নাই ভাব বহলাই লিখা

By Amit Kumar

Published on:

চেষ্টাৰ অসাধ্য একো নাই ভাব বহলাই লিখা
- Advertisement -

ভাব সম্প্ৰসাৰণ কৰা চেষ্টাৰ অসাধ্য একো নাই

কোনাে কামত কৃতকার্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্রয়ােজন । চেষ্টা নকৰাকৈ একো কাম কৰিব নােৱাৰি । কোনো কাম এবাৰতে নোৱাৰিলে সেয়া সফল নোহোৱালৈকে কৰি যোৱাই  চেষ্টা। চেষ্টা কৰিলে আমি যিকোনো কামতে সিদ্ধি লাভ কৰিব পাৰো। মানুহে কয়, “যত্ন কৰিলে ৰত্ন পায়”। ইয়াত ‘যত্ন’  শব্দৰ দ্বাৰা যথাযথ চেষ্টা কৰাক বুজোৱা হৈছে। আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ হয় আৰু কিছুমান কঠিন যেন বোধ হয়। সহজসাধ্য কাম সকলোৱে কৰিব পাৰে। কিন্তু বহুতে কঠিন যেন ভবা কামক ভয় পাই বহুতে তেনে কাম এৰাই চলে। এয়া নিশ্চয় ভুল ধাৰণা। আমি জানো যে বিজ্ঞানৰ প্ৰতিটো বিষ্ময়জনক আৱিষ্কাৰৰ অন্তৰালত অশেষ চেষ্টা নিহিত আছে। উদাহৰণস্বৰূেপ ইলেকট্ৰিক বাল্বৰ ফিলামেন্টৰ আৱিষ্কাৰ কৰোতে চাৰ টমাচ আলভা এডিচনে কেইবা হাজাৰ বস্তু পৰীক্ষা-নিৰীক্ষা কৰিব লগা হৈছিল। তেনেদৰে মোগল সম্ৰাট হুমায়ুনে চেৰচাহৰ হাতত ৰাজ্য হেৰুৱাই কেইবাবছৰ অনাই-বনাই ঘূৰি-ফুৰি অৱশেষত চেষ্টাৰ বলত পুনৰ হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেইদৰে আহোম কোঁৱৰ গদাধৰ সিংহই  চেষ্টাৰ বলত আহোম সিংহাসন পুনৰুদ্ধৰ কৰিব পাৰিছিল। 

সেয়ে ‘চেষ্টাৰ অসাধ্য একো নাই’ বুলি কোৱা হয়।

- Advertisement -

চেষ্টাৰ অসাধ্য একো নাই in English Translation is “Nothing is impossible with effort

Read More: