খাদ্য শৃংখল কাক বোলে? – Food Chain In Assamese

By Amit Kumar

Published on:

খাদ্য শৃংখল কাক বোলে? - Food Chain In Assamese
- Advertisement -

খাদ্য শৃংখল কাক বোলে?

উত্তৰঃ পৰিৱেশত থকা প্ৰতিটো প্রাণীয়ে খাদ্যৰ বাবে ইটোয়ে সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। প্রথম শ্রেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্রেণী উপভোক্তাই, দ্বিতীয় শ্রেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্রেণী উপভোক্তাই, তৃতীয় শ্রেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণী উপভোক্তাই খাদ্য হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে । ইয়াকে খাদ্য শৃংখল (Food Chain) বোলে।

উদাহৰণস্বৰূপে, গছ-বন যিয়ে সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য উৎপন্ন কৰে, গছ-বননিক ফৰিঙে খায়, ফৰিঙক সাপে খাই, সাপক ঈগলে খাই, ঈগলক মানুহে খাই আদি এনেধৰণে খাদ্য শৃংখল অটুত ৰাখে ।

- Advertisement -

খাদ্য শৃংখল তিনি প্ৰকাৰৰ।

  1. চিকাৰী,
  2. পৰজীৱী আৰু
  3. মাংসভোজী
  • চিকাৰী খাদ্য শৃংখল: যি খাদ্য শৃংখলত খাদ্য শৃংখলৰ প্ৰথম স্তৰটো আটাইতকৈ সৰু আৰু ওপৰৰ স্তৰে খাদ্য শৃংখলৰ তলৰ স্তৰটো খায়, সেই খাদ্য শৃংখলক চিকাৰী খাদ্য শৃংখল বোলে।
  • পৰজীৱী খাদ্য শৃংখল: পৰজীৱী উদ্ভিদ আৰু প্ৰাণীয়ে বেছিভাগ ক্ষেত্ৰতে নিজতকৈ ডাঙৰ গৃহস্থৰ পৰা খাদ্য গ্ৰহণ কৰা খাদ্য শৃংখলক পৰজীৱী খাদ্য শৃংখল বা পৰজীৱী খাদ্য শৃংখল বোলা হয়।
  • মৃত খাদ্য শৃংখল: বিভিন্ন অণুজীৱ আৰু প্ৰাণীৰ লগতে মৃত উদ্ভিদ আৰু প্ৰাণীৰ মাজত গঠিত খাদ্য শৃংখলক মৃত খাদ্য শৃংখল বোলে।

খাদ্য শৃংখলৰ স্তৰৰ সংখ্যা, দৈর্ঘ আৰু জটিলতা অনুসৰি খাদ্য শৃংখলৰ প্রকৃতি সলনি হয় । আমি পৰিৱেশত সঘনাই লক্ষ্য কৰো যে একেটা জীৱকে বিভিন্ন উপভোক্তাৰ স্তৰে অৰ্থাৎ বেলেগ বেলেগ জীৱই খাদ্য হিচাপে গ্রহণ কৰে বা ভক্ষণ কৰে । এই প্ৰকৃতিৰ বাবে খাদ্য শৃংখলবোৰ সৰল ৰৈখিক নহৈ প্ৰায়েই শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হয় । সেয়েহে এনে শৃংখলক খাদ্য জাল বোলে ।
উদাহৰণস্বরূপে- মাছক ভেঁকুলী, মানুহ, মাছ-ৰোকা, সাঁপ আদি বিভিন্ন প্রাণীয়ে ভক্ষণ কৰে, সেয়েহে মাছৰ খাদ্যৰ শৃংখলটিক খাদ্যজাল হিচাপে বিবেচিত কৰা হয় ।


সেয়েহে আমি পার্থক্য হিচাপে ইয়াকে ক’ব পাৰো যে-
(ক) খাদ্য শৃংখল এক নির্দিষ্ট ক্রম থাকে কিন্তু খাদ্য জালৰ কোনো নির্দিষ্ট ক্ৰম নাথাকে ।
(খ) খাদ্য শৃংখলৰ ক্ৰম সৰলৰৈখিক, আনহাতে খাদ্য জালৰ ক্ৰম শাখা বিন্যাসৰ দৰে হয় ।

খাদ্য শৃংখল বুজিবলৈ Videoটো চাওক:

খাদ্য শৃংখল কাক বোলে?

খাদ্য শৃংখলৰ আটাইতকৈ শীর্ষ স্থানত কোন থাকে ?

খাদ্য শৃংখলৰ আটাইতকৈ শীর্ষ স্থানত মানুহবোৰ থাকে ।

- Advertisement -

খাদ্য শৃংখলৰ স্তৰকেইটা লিখা ।

পৌষ্টিক স্তৰৰ প্ৰথম স্তৰটো হ’ল- স্ব-পোষীজীৱ বা উৎপাদকবোৰ । পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰটো হ’ল- তৃণভোজী প্ৰাণীবোৰ বা প্ৰাথমিক উপভোক্তাসমূহ ।
পৌষ্টিক স্তৰৰ তৃতীয় স্তৰটো হ’ল- সরু সরু প্রাণী বা দ্বিতীয়ক উপভোক্তাসকল
পৌষ্টিক স্তৰৰ চতুৰ্থ সুৰটো হ’ল- ডাঙৰ প্ৰাণী বা এৰতীয়ক উপভোক্তাসকল ।


Leave a Comment