এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা

By Amit Kumar

Published on:

এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা
- Advertisement -

ভাৱ সম্প্ৰসাৰণ কৰা এশ গৰু মাৰিলে বাঘৰো মৰণ

অতি অন্যায়ৰ পৰিণতি যে বেয়া  হয় তাকে বুজাবলৈ “এশ গৰু মাৰিলে বাঘৰো মৰণ” উক্ত প্ৰবচনটি  ব্যৱহাৰ কৰা হয়।

বাঘ হিংস্ৰ জন্তু, ইহঁতে গৰু-ম’হ চিকাৰ কৰি সেইবোৰৰ  মাংস ভক্ষণ কৰি জীয়াই থাকে। গৰু-ম’হ বাঘৰ খাদ্য যদিও বাঘে যদি প্ৰায়োজনতকৈ অধিক গৰু মাৰি পেলায়, তেন্তে  তেনে কাৰ্যই বাঘৰ বিপদ মাতি আনে। কাৰণ প্ৰয়োজনতকৈ অধিক গৰু মাৰিলে এটা সময়ত গৰু শেষ হৈ যাব, তেতিয়া সি চিকাৰ কৰিবলৈ কোনো গৰু নাপাই নেখাই মৰিব লাগিব।  নাইবা কৃষকৰ পোহনীয়া গৰু অধিক মাৰিলে এটা সময়ত সমাজৰ আটাইবোৰ কৃষকে মিলি বাঘকো মাৰি পেলাব পাৰে। সেয়ে বেয়া  মানুহে যদি মানুহৰ হাক-বচন নামানি বেয়া  কাম বা দুষ্কার্যবোৰ সদায় কৰি থাকে, তেন্তে মানুহে তেওঁৰ ওপৰত বিতুষ্ট হৈ উঠে।

- Advertisement -

নাইবা

বাঘ হিংস্ৰ জন্তু, ইহঁতে গৰু মাৰি ভক্ষণ কৰে আৰু অধিক গৰু বধ কৰিলে গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰো মৰণ মিলে। বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ অধিক হলে, বাঘক মানুহে নানান উপায়েৰে বধ কৰে।

     উক্ত ফকৰা-যোজনাটিত কোৱা হৈছে যে অত্যাচাৰ বাহিলে মৰণো ওচৰ চাপি আহে। গতিকে মানুহে অসৎ কাম কৰাৰ পৰা বিৰত থকা উচিত।

যদি কিবা ভুল পায় কমেন্টত আমাক লিখক

- Advertisement -

এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা, ভাৱ সম্প্ৰসাৰণ কৰা এশ গৰু মাৰিলে বাঘৰো মৰণ

এশ গৰু মাৰিলে বাঘৰো মৰণ in english:

ভাৱ সম্প্ৰসাৰণ কৰা:

Leave a Comment