উৎপাদক আৰু উপভোক্তা
উৎপাদক | উপভোক্তা |
পৰিৱেশৰ যিবোৰ জৈৱিক উপাদানে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সেইবোৰক উৎপাদক বোলে। উদ্ভিদ হৈছে উৎপাদক। | প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদ খাই জীয়াই থকা প্ৰাণীবোৰেই হৈছে উপভোক্তা। |
Table of Contents
উৎপাদক কাক বোলে?
সাধাৰণতে উৎপাদক বুলি ক’লে সেউজীয়া উদ্ভিদসমূহকে বুজা যায় উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰি ল’ব পাৰে বাবে ইহঁতক সপোষী (Autotrophic) জীৱ বোলা হয়। ইহঁতে বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড (Co2) শোষণ কৰি পানী আৰু দেহত থকা ক্ল’ৰ’ফিল বা পত্ৰহৰিৎৰ সহায়ত শৰ্কৰা জাতীয় খাদ্য প্রস্তুত কৰে।

এই গ্লুক’জৰ সহায়ত উদ্ভিদে নিজৰ দেহত শ্বেতসাৰ, প্র’টিন, লিপিড আদি উপাদনসমূহ সংশ্লেষিত কৰে। এই উৎপাদিত খাদ্যৰ এটা অংশ উদ্ভিদে, নিজৰ আহাৰ হিচাবে ব্যৱহাৰ কৰে আৰু বাকীখিনি স্থিতিশক্তি হিচাবে সঞ্চিত কৰি ৰাখে। নিজৰ খাদ্য প্রস্তুত কৰিব পৰা গুণৰ বাবে সকলো সেউজীয়া উদ্ভিদক উৎপাদক বোলা হয়। কিছুমান বেক্টেৰিয়াই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল’ব পাৰে।
- পৰিস্থিতি তন্ত্ৰ কাক বোলে?
- খাদ্য শৃংখল কাক বোলে?
- পৰিৱেশ প্ৰদূষণ – Paribesh pradushan
- সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
উপভোক্তা কাক বোলে?
যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতক উপভোক্তা বোলা হয় । উপভোক্তাসমূহ পৰপোষী/ বিমষপোষী (Heterotrophic) জীৱ ৷
খাদ্যৰ প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰপোযী জীৱবোৰক প্রধানত : দুটা ভাগত ভগাব পাৰি৷
- মূল উপভোক্তা (Macro-consumer)
- ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro-consumer)
মূল উপভোক্তা :
যিবোৰ প্ৰাণী প্রত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, এই সকলোবোৰ প্রাণী ইয়াৰ অন্তৰ্ভূক্ত। খাদ্যৰ প্রকৃতি অনুসৰি মূল উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি।
- প্ৰাথমিক উপভোক্তা (primary consumer) : যিবোৰ প্রাণীয়ে প্রত্যক্ষভাৱে উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে, সিহঁতক প্ৰাথমিক উপভোক্তা বোলে৷ যেনে – মাছ, শহা, হৰিণা আদি ।
- দ্বিতীয়স্তৰৰ উপভোক্তা (secondary consumer) : এইবোৰ প্রাণীয়ে প্রাথমিক উপভোক্তাবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে। যেনে ভেকুলী, শিয়াল, চিকাৰী চৰাই আদি।
- তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumer) : যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ প্রাণীবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে সিহঁতক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। যেনে – বাঘ, সিংহ আদি।
পুনঃ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি৷
- উদ্ভিদভোজী (Herbivorous) : উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে।
- মাংসভোজী (Carnivorous) : মাংস খাদ্য হিচাবে গ্ৰহণ কৰে।
- উভয়ভোজী (Omnivorous) : উদ্ভিদ আৰু মাংস দুয়োধৰণৰ খাদ্য গ্ৰহণ কৰে। উদাহৰণ – মানুহ ৷
ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক :
উদ্ভিদ বা প্রাণীৰ মৃত্যুৰ পিছত ক্ষুদ্ৰ জীৱ বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে ইহঁতক বিয়োজিত কৰি খাদ্য হিচাবে গ্ৰহণ কৰে। ইহঁতক ক্ষুদ্ৰ উপভোক্তা বোলা হয়।
বিয়োজক কাক বোলে?
উৎপাদক আৰু উপভোক্তাৰ মৃত্যুৰ পিছত ইহঁতৰ দেহস্থিত জটিল যৌগবোৰ বেক্টেৰিয়া, ভেঁকুৰ নাইবা অন্য অণুবীক্ষণীয় জীৱই বিয়োজিত কৰি নিজৰ খাদ্য হিচাবে গ্ৰহণ কৰে ৷ এই খাদ্য গ্ৰহণৰ সময়ত অধিকাংশ বিয়োজিত সৰল পদাৰ্থ পুনৰ পৰিৱেশলৈ ঘূৰি আহে আৰু তেতিয়া উৎপাদকে ইয়াক গ্ৰহণ কৰে৷ যিহেতু এই ক্ষুদ্ৰ জীৱবোৰে উৎপাদক আৰু উপভোক্তাৰ মৃত দেহ গলাই বা বিয়োজিত কৰি ইহঁতৰ মাজত সঞ্চিত শক্তিক পুনৰ প্রকৃতিলৈ প্ৰেৰণ কৰে, সেইবাবে ইহঁতক বিয়োজক বোলা হয়।