উপভোক্তা কাক বোলে? – উপভোক্তাৰ বিষয়ে সম্পৰ্ণ বিবৰণ

By Amit Kumar

Published on:

উপভোক্তা কাক বোলে ?
- Advertisement -

উপভোক্তা কাক বোলে?

Ans: যিবিলাক জীৱ খাদ্যৰ বাবে প্রত্যক্ষ আৰু পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, সিহঁতক উপভোক্তা বোলা হয় 

উপভোক্তাসমূহ পৰপোষী/ বিমষপোষী (Heterotrophic) জীৱ ৷

- Advertisement -
উপভোক্তা কাক বোলে?
উপভোক্তা কাক বোলে?

উৎপাদক আৰু উপভোক্তা ৰ বিষয়ে সম্পৰ্ণ বিবৰণ

খাদ্যৰ প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰপোযী জীৱবোৰক প্রধানত : দুটা ভাগত ভগাব পাৰি৷

  • মূল উপভোক্তা (Macro-consumer)
  • ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro-consumer)

মূল উপভোক্তা : 

যিবোৰ প্ৰাণী প্রত্যক্ষ বা পৰোক্ষভাৱে উৎপাদকৰ ওপৰত নিৰ্ভৰশীল, এই সকলোবোৰ প্রাণী ইয়াৰ অন্তৰ্ভূক্ত। খাদ্যৰ প্রকৃতি অনুসৰি মূল উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি।

- Advertisement -
  • প্ৰাথমিক উপভোক্তা (primary consumer) : যিবোৰ প্রাণীয়ে প্রত্যক্ষভাৱে উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে, সিহঁতক প্ৰাথমিক উপভোক্তা বোলে৷ যেনে – মাছ, শহা, হৰিণা আদি ।
  • দ্বিতীয়স্তৰৰ উপভোক্তা (secondary consumer) : এইবোৰ প্রাণীয়ে প্রাথমিক উপভোক্তাবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে। যেনে ভেকুলী, শিয়াল, চিকাৰী চৰাই আদি।
  • তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumer) : যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ প্রাণীবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে সিহঁতক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। যেনে – বাঘ, সিংহ আদি।

পুনঃ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তাবোৰক তিনিটা ভাগত ভগাব পাৰি৷

  • উদ্ভিদভোজী (Herbivorous) : উদ্ভিদক খাদ্য হিচাবে গ্ৰহণ কৰে।
  • মাংসভোজী (Carnivorous) : মাংস খাদ্য হিচাবে গ্ৰহণ কৰে।
  • উভয়ভোজী (Omnivorous) : উদ্ভিদ আৰু মাংস দুয়োধৰণৰ খাদ্য গ্ৰহণ কৰে। উদাহৰণ – মানুহ ৷

ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক : 

উদ্ভিদ বা প্রাণীৰ মৃত্যুৰ পিছত ক্ষুদ্ৰ জীৱ বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে ইহঁতক বিয়োজিত কৰি খাদ্য হিচাবে গ্ৰহণ কৰে। ইহঁতক ক্ষুদ্ৰ উপভোক্তা বোলা হয়।

দ্বিতীয় স্তৰৰ উপভোক্তা কি?

দ্বিতীয়স্তৰৰ উপভোক্তা (secondary consumer) : এইবোৰ প্রাণীয়ে প্রাথমিক উপভোক্তাবোৰক খাদ্য হিচাবে গ্ৰহণ কৰে। যেনে ভেকুলী, শিয়াল, চিকাৰী চৰাই আদি।

- Advertisement -

উপভোক্তা কেইপ্ৰকাৰ আৰু কি কি ?

উপভোক্তা দুই প্ৰকাৰৰ (১) বৃহৎ উপভোক্তা আৰু ক্ষুদ্ৰ উপভোক্তা,


উপভোক্তা বা ভক্ষক কাক বোলে ?

যিবোৰ পানীয়ে আন জীৱ ভক্ষণ কৰি জীয়াই থাকে তেনেবোৰ জীৱক উপভোক্তা বা ভক্ষক বোলে ।

জৈৱিক উপাদান কেইপ্ৰকাৰৰ আৰু কি কি?

জৈৱিক উপাদান তিনিপ্ৰকাৰৰ যেনে 
ক) উৎপাদক ।
খ) উপভোক্তা বা ভক্ষক ।
গ) বিযোজক বা অপঘটক ।

পৰিস্থিতি তন্ত্ৰৰ উপাদান কেইটা আৰু কি কি?

 পৰিস্থিতি তন্ত্ৰৰ উপাদান দুটা যেনে 
ক) জৈৱিক উপাদান বা জৈৱিক পৰিৱেশ ।
খ) অজৈৱিক উপাদান বা অজৈৱিক পৰিৱেশ ।

খাদ্যজাল কাক বোলে?

 স্বাভাৱিক অৱস্থাত পৰিস্থিতি তন্ত্ৰ  এটাত এবিধ জীৱই আন একাধিক জীৱৰ সৈতে সংযোগ স্থাপন কৰি দেখাত একোখন জালৰ নিচিনা থাকে । এনেদৰে এটাই আনটো খাদ্যশৃংখলৰ সৈতে সংযোগ স্থাপন কৰি একোখন জালৰ নিচিনাকৈ থাকে । ইয়াকে খাদ্যজাল বুলি কোৱা হয় । 


Leave a Comment