ভাৱ সম্প্ৰসাৰণ কৰা উপদেশতকৈ আৰ্হি ভাল
Table of Contents
এটা উপদেশমূলক বিজ্ঞাপনৰ আলম লৈ হজৰত মহম্মদৰ এই কথাষাৰ আকৌ এবাৰ মনতে গুণগুণালো৷ বিদ্যুত বিভাগৰ এটা বিজ্ঞাপন চাইছিলো৷ বিজ্ঞাপনটোত অভিনেতাজনে ফেনৰ চুইছটো ভুলবশতঃ অন কৰি থৈ গৈছিল আৰু পাছত মনত পৰি ঘুৰি আহি ছুইচটো অফ কৰিলে৷ বিদ্যুত বচোৱাৰ আবেদন কৰি বিজ্ঞাপনটো সামৰিলে৷ ময়ো হাঁহি এটা মনতে মাৰিলো৷ বিজ্ঞাপনৰ নামত পইচাকেইটা চৰকাৰে অবাবতে খৰছ কৰিলে যেন ভাব হ’ল৷
পেছাত মই অসম চৰকাৰৰ অধীনত এজন চৰকাৰী চাকৰিয়াল৷ বিদ্যুতৰ অপব্যৱহাৰ মই দেখি আহিছো প্রতিদিনে৷ উকা চকী টেবুলক ফেনৰ বতাহ খুৱাবৰ বাবে কৰ্মচাৰীসকল বাহিৰলৈ ওলাই যাওঁতে অফ কৰিব নিবিচাৰে৷ ফেন/এচি/লাইট/কম্পিউটাৰ/প্রিণ্টাৰ আদি একো সাৰি নাযায়। সকলো গৰাকীবিহীন সামগ্ৰী যেন, কাৰো সেইবোৰৰ প্ৰতি দায়বদ্ধতা নাই৷ পিয়ন, চকীদাৰ, কৰ্মচাৰীসকলৰ এনে অসজাগতা মই খুব বেয়া পাওঁ৷ এইবোৰ মোৰ দৃষ্টিত পৰিলে ততালিকে বন্ধ কৰো৷ চৰকাৰী বস্তু বুলিয়েই এনেদৰে অপব্যৱহাৰ কৰাতো খুউব বেয়া পাওঁ৷
আনক অনুৰোধ বা নিৰ্দেশ দিয়াৰ বাহিৰে একো কৰিবৰ উপায় মোৰ হাতত নাই৷ সকলোৱে যদি চৰকাৰী বস্তু বুলি নাভাৱি নিজৰ ঘৰৰ দৰে ব্যৱহাৰ কৰিলেহেঁতেন তেনেহ’লে এই সমস্যাটো নাথাকিলেহেঁতেন৷ চৰকাৰে লাইটৰ বিলখন দিয়ে বুলিয়েই যে বিদ্যুতৰ এনে অপব্যৱহাৰ কৰি যাব তাৰ কোনো যুক্তি নাই৷ বিদ্যুত যদি কৰবাত অনিষ্ঠ হয়, তেনে সেয়া চৰকাৰী কাৰ্যালয়, চৰকাৰী বাসভৱন, বিভিন্ন কর্মক্ষেত্র আদিতেই৷ বিদ্যুত বিভাগৰ কথা নকলোৱেই বা৷ দিনদুপৰতে ষ্ট্রীট লাইটকেইটা জ্বলাই থোৱা দেখিলে আপোনালোকৰ কি ভাৱ হয় নাজানো কিন্তু মোৰ খঙে চুলিৰ আগ পায়৷
তাৰ বাদে ঘৰত বিদ্যুত বচোৱাৰ ক্ষেত্ৰত প্ৰায়সকল লোকেই কম বেছি পৰিমানে সজাগ কাৰণ বিদ্যুতৰ বিলো তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙিয়েই দিব লগা হয়৷
এই সমস্যাৰ সমাধানৰ একমাত্র পথ হয়তো কাৰ্যালয়ৰ বৰমূৰীয়াসকলেই কৰিব পাৰিব৷ অবাবতে চলি থকা ফেন, লাইট, কম্পিউটাৰ আদি চলাৰ ক্ষেত্ৰত তেওঁলোক কঠোৰ হোৱা উচিত৷ কেইবাটাও অফিচত কাম কৰাৰ অভিজ্ঞতাৰ পৰা এইখিনি লিখিছিলো৷ সকলোতে একেই দেখি আহিছো৷ ক’লেও বিশেষ গুৰুত্ব নিদিয়ে৷ আপোনালোকেও ভাবি চাওকচোন, এনেধৰনৰ কামকাজৰ দ্বাৰা দৈনিক কিমান বিদ্যুতৰ অপচয় হৈ আছে??? কোনোবাই কেতিয়াবা যদি ইয়াৰ বিষয়ে অধ্যয়ন কৰি পাৰিসাংখ্যিক তথ্য উলিয়াব পাৰে তেন্তে সেই তথ্য দেখিলে হয়টো আপোনালোকৰ চকু কপালত উঠিব।
ৰাইজে এই সমস্যাৰ সমাধান উলিওৱাৰ প্ৰয়াস কৰাৰ সময় সমুপষ্ঠিত বুলি অনুভৱ কৰোঁ৷
- এশ গৰু মাৰিলে বাঘৰো মৰণ ভাব বহলাই লিখা
- যত্ন কৰিলে ৰত্ন পায় ভাৱ বহলাই লিখা
- অতি ভক্তি চোৰৰ লক্ষণ ভাব সম্প্ৰসাৰণ কৰা
- যি মূলা বাঢ়ে তাৰ দুপাততে চিন বহলাই লিখা
ভাব বহলাই লিখা উপদেশতকৈ আৰ্হি ভাল
সমাজত আগস্থান পোৱা ব্যক্তিসকলে, যি সকলে আমাক মেলে-মিটিঙে বহুতো হিত উপদেশ তথা যুক্তিকৰ ব্যাখ্যা দৰ্শাই,তেঁওলোকে বাৰু আমাক দিয়া উপদেশ মতে কাম কৰেনে,এই প্ৰশ্নটো এই কাৰনেই জাগিছে যে,- ধৰা হ’ল,কোনোবা এজন নেতাই যদি আজি দেশত শিশু শ্ৰমিক(child labour) থাকিব নালাগে কৈছে, কিন্তু তেঁওৰ ঘৰতে দেখিব ১০/১২ বছৰীয়া এজনী ছোৱালী কাম কৰাকে ৰাখিছে,তেঁওৰ ল’ৰা ছোৱালী বা নাতি পুতিৰ ৰখীয়া হিছাপে ৷
কোনো এজনে যদি কয়-গছ গছনি ৰুব লাগে পৰিবেশ ৰক্ষাৰ কাৰনে,কিন্তু,তেঁও বনাঞ্চল সমূহৰ গছ-বনবোৰ কেইটামান টকাৰ বিনিময়ত চোৰাং ঠিকাদাৰক গতাই দিছে, ঠিক তেনেদৰে মহিলাৰ অত্যাচাৰ বা নিৰাপত্তাৰ কাৰনে চিঁঞৰি থকাগৰাকীৰ ঘৰতে তেঁওৰ বোৱাৰীয়েকক অত্যাচাৰ কৰে ৷ বাহিৰত কিন্তু বৰ বৰ কথা,কোনোবাই যদি দুৰ্নীতি ৰ কথা কয়,কিন্তু যেতিয়া তেঁওৰ ল’ৰাটো বা ছোৱালীজনীৰ উপযুক্ত চাকৰি ওলোৱা গম পায়, তেতিয়া আকৌ লাখ টকাৰ উপঢৌকন তেঁওলোকেই আগবঢ়াই, কোনো এজনে বৃদ্ধ মাক দেউতাকৰ বিষয়ে কয়,কিন্তু সেইজনৰ মাতা-পিতাৰ ঠিকনা বৃদ্ধাশ্ৰম ৷
গতিকে হে মহান নেতাসকল আপোনালোকক কঁও যে – আমি সৰু সৰু মানুহ,কিন্তু এটা কথাই জানো যে- “উপদেশতকৈ আৰ্হি ভাল ৷” আপোনালোকে যিমানেই চিঁঞৰি নাথাকক কোনেও আপোনালোকৰ কথা মতে কাম নকৰে,যদিহে নিজক আগতে শুদ্ধ কৰি নলয় ৷ (দায় দোষ নদৰিব ৷ অৱশ্যে সকলো একে নহয় ৷)
![উপদেশতকৈ আৰ্হি ভাল ভাব বহলাই লিখা](https://hslc.in/wp-content/uploads/2024/03/Copy-of-Copy-of-বচন-কাক-বোলে-30-1.jpg)