উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল ?

By Amit Kumar

Published on:

উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল
- Advertisement -

Q: উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল?

Ans: উত্তৰাকাণ্ড ৰামায়ণ শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰিছিল।

উত্তৰাকাণ্ড ৰামায়ণৰ বিষয়ে বিবৰন

শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত উত্তৰাকাণ্ড ৰামায়ণ এখন সুকীয়া গ্ৰন্থ নহয়। এয়া মাধৱ কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰিবলৈ ৰচনা কৰা পৰিপূৰক অংশ। মাধৱ কন্দলীৰ পাছত অনন্ত কন্দলী, দুৰ্গাবৰৰ গীতি ৰামায়ণ, অনন্ত ঠাকুৰ বা হৃদয়ানন্দ কায়স্থৰ শ্ৰীৰাম কীৰ্তন, ৰঘুনাথ মহন্তৰ কথা ৰামায়ণ, জয়হৰিৰ আধ্যাত্ম ৰামায়ণ আদি ভালেমান ৰামায়ণৰ পুথি লিখা হৈছিল।

- Advertisement -

শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰচনাত অতি নাটকীয়তাৰ আশ্ৰয় নোলোৱাকৈ মহাকবি বাল্মীকি ৰামায়ণ অসমীয়া ভাষালৈ ৰূপান্তৰিত কৰিছে।

শ্ৰীমন্ত শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰামায়ণত গায়ক হিচাপে লৱ-কুশৰ পূৰ্ণ পৰিচয় আৰু সংগীত জ্ঞানৰ বিস্তৃত বৰ্ণনা ৰাখিছে। ৮২নং পদৰ পৰা ২৭১নং পদলৈ লৱ-কুশ ৰামায়ণী গীত গাবৰ বাবে ওলাই যোৱাৰ পৰা ৰামৰ লগত পৰিচয়লৈকে সবিস্তাৰ বৰ্ণনা আছে। মহাপুৰুষজনাই উত্তৰাকাণ্ডতে নিজৰ পৰিচয় দিয়াৰ লগতে নিজৰ দোষ-ত্ৰুটিৰ কথা এনেদৰে লিখিছে:

দীৰ্ঘ হ্ৰস্ব নানা ছন্দে বিৰচিলা পদবন্ধে
শেষ কথা উত্তৰাকাণ্ড।। ৩২১।।
কৰযোৰে কৰ বুদ্ধ লোকে বোলো ক্ষেমিয়োক মোক
আমাৰ অযোগ্য ইটো কৰ্ম্ম।
পদত দূষণ পাই নিন্দিবেক নুযুৱাই
মহন্ত জনৰ জানা ধৰ্ম্ম।।
পূৰ্ব্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি
তেহে বিৰচিলা ৰাম কথা।
হস্তীৰ দেখিয়া লাদ শশা যেন ফাৰে মাৰ্গ
মোৰ ভৈল তেহ্নয় অৱস্থা।। ৩২২।।

- Advertisement -

আদিকবি মাধৱ কন্দলীয়ে মূল ৰামায়ণৰ লগত সংগতি ৰাখি ৰচনা কৰা উত্তৰাকাণ্ড বাস্তৱৰ পৰা আঁতৰি থকা নাই। অসমীয়া সমাজ জীৱনৰ পৰিচয়ো প্ৰতিফলিত হৈছে। মহাকবি বাল্মীকিৰ উত্তৰাকাণ্ডৰ পৰৱৰ্তী সময়ত বিখ্যাত লোকে নিজস্ব দৃষ্টিৰে আলোচনা বা ব্যাখ্যা দিবলৈ যত্ন কৰিছে। ভৱভূতিৰ সাহিত্যকৰ্ম সম্পৰ্কত পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাই সুবিস্তৃত আলোচনাৰে আলোকপাত কৰিছে। উপন্যাস সম্ৰাট বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়েইও ভৱভূতিৰ উত্তৰ ৰাম চৰিতৰ আলোচনা আগবঢ়াইছে।