আমি আৰু আমাৰ পৰিবেশ class 5: Lesson 2

By Amit Kumar

Updated on:

আমি আৰু আমাৰ পৰিবেশ class 5: Lesson 2
- Advertisement -

আমি আৰু আমাৰ পৰিবেশ class 5

All Assamese Question Answer Class 5

Lesson 2 : পৰিস্থিতি তন্ত্ৰ

- Advertisement -

উত্তৰ লিখা :

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি ? 

উত্তৰঃ বায়ু, পানী, মাটি, তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান আৰু উদ্ভিদ, প্রাণী, চৰাই-চিৰিকটি অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয় ?

- Advertisement -

উত্তৰঃ উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব পাৰে বাবে ইহঁতক উৎপাদক বোলা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ। প্রথম শ্রেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। 

- Advertisement -

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে ?

উত্তৰঃ বিয়োজকে জৈৱিক উপাদানৰ বিয়োজন ঘটায়। অর্থাৎ উদ্ভিদ বা প্ৰাণীৰ দেহ ক্ষুদ্র ক্ষুদ্র অংশত পৰিণত কৰি গেলি পচি যোৱাত সহায় কৰে। গেলি-পচি যোৱা অংশ সমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে আৰু বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। এই জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ শ্রীবৃদ্ধিত সহায় কৰে। এইদৰে বিয়োজকে আমাক সহায় কৰে। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰক বিয়োজক বুলি কোৱা হয়।

(ঘ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিটা পৰিস্থিতি তন্ত্ৰ হ’ল— ঘাঁহনি পৰিস্থিতি তন্ত্র, পুখুৰী পৰিস্থিতি তন্ত্র আৰু অৰণ্য পৰিস্থিতি তন্ত্র।

খালী ঠাই পূৰ কৰাঃ

(ক) শামুক হ’ল____ উপভোক্তা।

(খ) এটাতকৈ অধিক____ মিলি খাদ্য শৃংখল সৃষ্টি হয়। 

(গ) শেন হ’ল ___ শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ____ খাদ্য শৃংখল থাকে।

উত্তৰঃ (ক) শামুক হ’ল প্রাথমিক উপভোক্তা। 

(খ) এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজাল সৃষ্টি হয়।

(গ) শেন হ’ল তৃতীয় শ্রেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্রাণী/অণুজীৱ থাকে।

(খ) বিয়োজক/উৎপাদকে/উপভোক্তাই খাদ্য প্রস্তুত কৰে।

(গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

উত্তৰঃ (ক) খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে।

(খ) উৎপাদকে খাদ্য প্রস্তুত কৰে।

(গ) বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

খাদ্যশৃংখল কি ?

উত্তৰঃ পৰিৱেশত যেতিয়া এটা প্রাণীয়ে আন এটা প্রাণীক খায় তেতিয়া এটা খাদ্য শৃংখলৰ সৃষ্টি হয়। খাদ্য-শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খাই বাবে উদ্ভিদৰ পিছত সদায় তৃণভোজী প্রাণী থাকে। তৃণভোজী প্রাণীক মাংসভোজী প্রাণীয়ে শৃংখলত তৃণভোজী প্ৰাণীৰ পাছত মাংসভোজী প্রাণী থাকে। আচলতে খাদ্য শৃংখল হৈছে সচৰাচৰ ঘটি থকা এটা প্রাকৃতিক ঘটনা। যেনে— গৰু, ম’হ আদিয়ে সেউজীয়া উদ্ভিদৰ পৰা প্ৰত্যক্ষভাৱে খাদ্য আহৰণ কৰে। আকৌ বাঘ, সিংহ আদিয়ে গৰু, ম’হ খায়। আকৌ একেটা প্রাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। ফলত এখন খাদ্যজালৰ সৃষ্টি কৰে।

পুখুৰী এটা পৰিস্থিতি তন্ত্র হয়নে যুক্তি সহকাৰে বুজাই লিখা ? 

উত্তৰঃ আমাৰ পৰিৱেশত নানা ধৰণৰ পৰিস্থিতি তন্ত্র আছে। তাৰ ভিতৰত পুখুৰী হ’ল পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ। পুখুৰীত থকা জলজ উদ্ভিদবোৰে সূৰ্যৰ পোহৰত খাদ্যবস্তু তৈয়াৰ কৰে। সেইকাৰণে এইবোৰ উৎপাদক। পুখুৰীত থকা উদ্ভিদবোৰক আকৌ কীট পতংগ, সৰু মাছ, শামুক আদিয়ে খায়। ইহঁতক আকৌ ডাঙৰ মাছ, কেকোঁৰা আদিয়ে খায়। ভেকুলী, কেকোৰা আদিক সাপে, বগলী আদিয়ে খায়। গতিকে পুখুৰীত প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ উপভোক্তা পোৱা যায়। গতিকে পুখুৰী এটা উন্নত মানৰ পৰিস্থিতি তন্ত্র।

সালোকসংশ্লেষণ বুলিলে কি বুজা ? 

উত্তৰঃ উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কার্বন ডাই অক্সাইড গেছৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটাই শ্বেতসাৰ, পানী আৰু অক্সিজেন উৎপাদন কৰিব পাৰে। এই প্রক্রিয়াকে সালোক সংশ্লেষণ বোলে। এই প্রক্রিয়াটো কেৱল সেউজীয়া উদ্ভিদেহে কৰিব পাৰে। উদ্ভিদ কোষত থকা হৰিকণাই সালোক সংশ্লেষণত সহায় কৰে। হৰিকণাত পত্রহৰিৎ থাকে। সেউজীয়া উদ্ভিদে বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড, শিপাই শুহি লোৱা পানী আৰু পাতত থকা হৰিৎকণাৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত এই কার্য সম্পাদিত কৰে।

পার্থক্য লিখা :

(ক) উৎপাদক আৰু বিয়োজক।

উত্তৰঃ পৰিৱেশৰ যিবোৰ জৈৱিক উপাদানে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সেইবোৰক উৎপাদক বোলে। উদ্ভিদ হৈছে উৎপাদক। আকৌ যিবোৰে জৈৱিক উপাদানৰ বিয়োজন ঘটাব পাৰে সেইবোৰ হৈছে বিয়োজক। যেনে— বেক্টেৰিয়া, ভেঁকুৰ আদি বিয়োজক।

(খ) তৃণভোজী আৰু মাংসভোজী। 

উত্তৰঃ তৃণভোজীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। যেনে গৰু, ছাগলী, হৰিণা ইত্যাদি। আনহাতে মাংসভোজীয়ে তৃণভোজী প্রাণী খায়। যেনে— বাঘ সিংহ ইত্যাদি।

(গ) খাদ্য শৃংখল আৰু খাদ্য জাল।

উত্তৰঃ পৰিৱেশত যেতিয়া এটা প্রাণীয়ে আন এটা প্রাণীক খায় তেতিয়া এটা খাদ্য শৃংখলৰ সৃষ্টি হয়। আনহাতে এনে বহু কেইটা খাদ্য শৃংখলৰ সমষ্টিয়েই হৈছে খাদ্যজাল। এটা জীৱই একাধিক খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। জীৱবোৰে খাদ্যজালত উৎপাদক বা উপভোক্তা হিচাপে অংশ গ্ৰহণ কৰে।

পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা নোহোৱা হৈ গ’লে কি হ’ব ?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তা হ’ল তৃণভোজী প্ৰাণীবোৰ। এই তৃণভোজী প্ৰাণীবোৰ নোহোৱা হৈ গ’লে বিশেষকৈ মাংসভোজী প্রাণীবোৰ বৰ্তি থকাটো কঠিন হৈ পৰিব। তদুপৰি সৰ্বভোজী প্ৰাণীৰ ক্ষেত্ৰতো সমস্যাই দেখা দিব। ফলত পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হ’ব।

খাদ্যজালৰ কিয় সৃষ্টি হয় ? 

উত্তৰঃ আমি জানো যে তৃণভোজী প্রাণীয়ে উদ্ভিদ খাই জীয়াই থাকে। মাংসভোজীয়ে আকৌ তৃণভোজী প্রাণী খাই জীয়াই থাকে। উদাহৰণস্বৰূপে শহা, নিগনি, ফৰিং আদিয়ে উদ্ভিদ খায়। তেনেদৰে নিগনিক সাপ আৰু শেন চৰায়ে খায়। আকৌ শেন চৰায়ে শহা পছ, ফৰিং নিগনি আদি খায়। গতিকে এনেদৰে খাদ্য শৃংখল সৃষ্টি হয়। আনকি একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এটা পৰিস্থিতি তদ্ভুত বহুকেইটা খাদ্য শৃংখল লগ লাগি এটা খাদ্য জালিকাৰ সৃষ্টি কৰে। অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়েই হৈছে খাদ্যজাল। খাদ্যজালে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত সহায় কৰে।

মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি-পচি যায় ? 

উত্তৰঃ সাধাৰণতে বিয়োজকবোৰে এইবোৰ গেলি পচি যোৱাত সহায় কৰে।


 


FAQs:

খাদ্য শৃংখলত তৃণভোজী প্ৰাণীৰ স্থান কত ? 

খাদ্য শৃংখলত উদ্ভিদৰ পিছতেই তৃণভোজী প্ৰাণীৰ স্থান। 

কি পৰিস্থিতিত একোটা পৰিস্থিতি তন্ত্ৰ গঠন হয় ?

পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ ফলত পৰিস্থিতি তন্ত্ৰ গঠন হয়।

উপভোক্তা কাক বোলে ?

প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদ খাই জীয়াই থকা প্ৰাণীবোৰেই হৈছে উপভোক্তা।

প্রাথমিক উপভোক্তা বুলিলে কি বুজা ? 

কিছুমান প্ৰাণীয়ে প্রত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে।তেনে প্ৰাণীবোৰক প্ৰাথমিক উপভোক্তা বোলে। যেনে— গৰু, ছাগলী, হৰিণা ইত্যাদি। 

দ্বিতীয় শ্রেণী উপভোক্তা বা গৌণ উপভোক্তা বুলিলে কি বুজা ?

কিছুমান প্রাণীয়ে প্রাথমিক উপভোক্তাক খাদ্য হিচাপে গ্রহণ কৰি জীয়াই থাকে। তেনেবোৰ প্ৰাণীক গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বোলে। যেনে— বাঘ, সিংহ ইত্যাদি।