আমি আৰু আমাৰ পৰিবেশ Class 5: Lesson 1

By Amit Kumar

Updated on:

আমি আৰু আমাৰ পৰিবেশ class 5 Lesson 1
- Advertisement -

আমি আৰু আমাৰ পৰিবেশ Class 5

Lesson 1: আমাৰ পৰিৱেশ


Class 5 Assamese Question Answer

- Advertisement -

উত্তৰ লিখা : আমি আৰু আমাৰ পৰিবেশ Class 5

(ক) পৰিৱেশৰ জৈবিক উপাদানকেইটাৰ নাম লিখা ?

উত্তৰঃ উদ্ভিদ, প্রাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান।

(ক) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ? 

উত্তৰঃ মেৰু অঞ্চলৰ এবিধ উল্লেখযোগ্য প্রাণী হ’ল পেংগুইন। ইহঁত বৰফত থকা চৰাই বাবে ইহঁতৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু।

- Advertisement -

(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। 

উত্তৰঃ শিৱসাগৰ জিলাত থকা দুটা উল্লেখযোগ্য পুৰণি কীৰ্তিচিহ্ন হ’ল – ৰংঘৰ আৰু কাৰেংঘৰ।

- Advertisement -

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি ? 

উত্তৰঃ বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত আদি হৈছে পৰিৱেশৰ অজৈৱিক উপাদান।

- Advertisement -

(ঙ) মানৱ সৃষ্ট পৰিবেশ বুলিলে কি বুজা ?

উত্তৰঃ মানৱ সৃষ্ট পৰিৱেশ মানুহে নিজে সৃষ্টি কৰে। মানুহে সুবিধামতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্রাকৃতিক পৰিৱেশৰ ৰূপান্তৰ বা পৰিশোধন হয়। এনেদৰে মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোৱেই হ’ল মানৱসৃষ্ট পৰিৱেশ। মানুহে নিজৰ দক্ষতা খটুৱাই প্ৰকৃতিৰ পৰা সমল সংগ্ৰহ কৰি এই পৰিৱেশৰ সৃষ্টি কৰে।

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। 

উত্তৰঃ অসমৰ দুটা মন্দিৰ — কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ।

অসমৰ দুটা দৌল — শিৱদৌল আৰু জয়দৌল।

অসমৰ দুখন সত্ৰ — আউনীআটি সত্ৰ আৰু কমলাবাৰী সত্ৰ।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ

‘ক’ অংশ‘খ’ অংশ
তেজপুৰঅগ্নিগড়
কামৰূপপোৱামক্কা
গোৱালপাৰাসূৰ্য পাহাৰ
ধুবুৰীটেগবাহাদুৰৰ গুৰদ্বাৰ
কাছাৰভূৱন পাহাৰৰ মন্দিৰ

খালী ঠাই পূৰ কৰা : আমি আৰু আমাৰ পৰিবেশ Class 5

(ক) মৰুভূমিত প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল। 

(খ) বগা ভালুক মেৰু অঞ্চলত থাকে।

(গ) তৃণভূমি অঞ্চলত তৃণভোজী আৰু মাংসভোজী প্ৰাণী পোৱা যায়। 

(ঘ) পানবাৰীৰ মিৰজুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক। 

আমি আৰু আমাৰ পৰিবেশ Class 5

তলৰ উক্তিবোৰ শুদ্ধ কৰি লিখা।

(ক) বগা ভালুক/হৰিণা/ জেব্রা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰঃ (ক) বগা ভালুক স্নেক অঞ্চলৰ প্ৰাণী। 

(খ) ছীল/বুল্লা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে। 

উত্তৰঃ (খ) বল্গা হৰিণৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।

(গ) জিৰাফ/সিংহ/বাঘৰ গাৰ ৰং ধূসৰ।

উত্তৰঃ (গ) সিংহৰ গাৰ ৰং ধূসৰ।

চমুটোকা লিখা : আমি আৰু আমাৰ পৰিবেশ Class 5

জলাহভূমি, অণুজীৱ। 

জলাহভূমিঃ সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকেই জলাহভূমি বুলি কোৱা হয়। পানী আৰু মাটি- এই দুয়ো ধৰণৰ উপাদানেৰে জলাহভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাহভূমিত বিভিন্ন ধৰণৰ উদ্ভদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাহভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইয়ো থাকে। খাদ্যৰ বাবে জলাহভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। 

অণুজীৱঃ যিবিলাক তেনেই ক্ষুদ্ৰ যিবোৰক আমি খালী চকুৰে দেখা নাপাওঁ, সেই বিলাককে অণুজীৱ বুলি কোৱা হয়। এই বিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে- বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পাচন সাৰ তৈয়াৰ কৰে। 

FAQs: আমি আৰু আমাৰ পৰিবেশ Class 5

জীৱই জীয়াই থাকিবলৈ উপযুক্ত পৰিবেশ থকা সৌৰজগতৰ একমাত্র গ্ৰহটোৰ নাম কি ?

জীৱই জীয়াই থাকিবলৈ উপযুক্ত পৰিৱেশ থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম হ’ল পৃথিৱী।

প্রাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ প্ৰধান ভাগ দুটা কি কি ?

প্রাকৃতিক পৰিৱেশৰ উপাদানবোৰৰ প্ৰধান ভাগ দুটা – 
(ক) জৈৱিক উপাদান।আৰু 
(খ) অজৈৱিক উপাদান। 

কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? 

কোনো ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে জৈৱিক আৰু অজৈৱিক উপাদনকে বুজায়।

প্রাকৃতিক পৰিবেশৰ এটা উত্তম উদাহৰণ দাঙি ধৰা।

প্রাকৃতিক পৰিৱেশৰ এটা উত্তম উপাদান হ’ল— জলাহভূমি বা আর্দ্রভূমি। 

জলাহভূমি বুলিলে কি বুজা ? ইয়াক আৰু কি বুলি অভিহিত কৰা হয়।

সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ’ল জলাহভূমি। জলাহভূমিক ‘আর্দ্রভূমি’ হিচাপেও অভিহিত কৰা হয়

জলাহভূমিত পোৱা দুবিধ উদ্ভিদৰ নাম লিখা ? 

জলাহভূমিত পোৱা দুবিধ উল্লেখযোগ্য উদ্ভিদ হ’ল— পুনী আৰু মেটেকা।

জলাহভূমিত পোৱা দুবিধ প্ৰাণীৰ নাম লিখা।

জলাহভূমিত পোৱা দুবিধ প্ৰাণীৰ ভিতৰত ভেকুলী আৰু সাপ উল্লেখযোগ্য। 

জলাহৰ ওচৰে-পাজৰে থকা দুবিধ চৰাইৰ নাম লিখা।

জলাহৰ ওচৰে-পাজৰে থকা দুবিধ উল্লেখযোগ্য চৰাই হ’ল বগলী আৰু কণামুচৰি।

পৰিৱেশৰ জৈৱিক উপাদানসমূহ কি কি ? 

উদ্ভিদ, প্রাণী, চৰাই-চিৰিকটি, কীট-পতঙ্গ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান।

প্রকৃতিত নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পৰা একমাত্ৰ জৈৱিক উপাদানবিধৰ নাম কি ? 

প্ৰকৃতিত নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পৰা একমাত্ৰ জৈৱিক উপাদান বিধ হ’ল উদ্ভিদ।

শেলাই আৰু ভেঁকুৰৰ মাজত পাৰ্থক্য লিখা।

শেলাইবোৰ সাধাৰণতে পুখুৰী, নিজৰা বা সেমেকা ঠাইত দেখা যায়। আনহাতে পচা কাঠ, গোবৰ আদিত ভেঁকুৰ দেখা যায়। শেলাইবোৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব পাৰে। কিন্তু ভেঁকুৰে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল’ব নোৱাৰে।

শেলাই আৰু ভেঁকুৰৰ মাজত থকা মিল দেখুওৱা।

শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ড আৰু পাত নাথাকে।

মচ কি ?

শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা আৱৰণ দেখা যায়। এইবোৰেই মচ।

মচবোৰ দেখাত কেনেকুৱা ? 

মচৰ পাত আছে আৰু গা-গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে। 

ঢেঁকীয়া জাতীয় উদ্ভিদৰ বৈশিষ্ট্য লিখা।

ঢেকীয়া জাতীয় উদ্ভিদৰ মূল, কাণ্ড আৰু পাত থাকে।

ভেঁকুৰে কিয় নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে ?

ভেঁকুৰজাতীয় উদ্ভিদৰ পত্ৰহৰিৎ নাথাকে বাবে ইহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে।

প্রাকৃতিক পৰিৱেশৰ মুখ্য উপাদান এবিধৰ নাম লিখা।

প্রাকৃতিক পৰিৱেশ এবিধৰ মুখ্য উপাদান হ’ল উদ্ভিদ।

মৰুভূমিৰ প্ৰধান প্রাণীবিধৰ নাম কি ?

মৰুভূমিৰ প্ৰধান প্রাণীবিধ হ’ল উট।

মেৰু অঞ্চলৰ প্ৰধান প্রাণীবিধৰ নাম কি ?

মেৰু অঞ্চলৰ প্ৰধান প্রাণীবিধৰ নাম বগা ভালুক। 

বগা ভালুকে নিজকে কেনেকৈ শীতৰ পৰা ৰক্ষা কৰে ?

বগা ভালুকৰ দীঘল ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে।

বগা ভালুকৰ প্ৰধান খাদ্য কি ?

বগা ভালুকে মাছ, ছীল আদি খাই জীয়াই থাকে। 

বৰফত থকা এবিধ চৰাইৰ নাম লিখা।

বৰফত থকা এবিধ চৰাইৰ নাম হ’ল পেংগুইন। 

পেংগুইনে কিয় উৰিব নোৱাৰে ?

পেংগুইনৰ ডেউকা দুখন সৰু হোৱা বাবে উৰিব নোৱাৰে। 

পেংগুইনৰ খাদ্য কি ?

পেংগুইনে সাধাৰণতে সাগৰীয় সৰু মাছ খায়। 

বল্লা হৰিণৰ দেহৰ গঠন কেনেকুৱা ?

বল্গা হৰিণ সাত ফুট পর্যন্ত ওখ হয়।

অতি শীতল দেশত পোৱা দুবিধ প্ৰাণীৰ নাম লিখা।

অতি শীতল দেশত পোৱা দুবিধ প্রাণী হ’ল বল্গা হৰিণ আৰু য়াক।