আমাৰ পৰিবেশ class 5
All Assamese Question And Answers For Class 5
Lesson 5: সম্পদ সংৰক্ষণ
Table of Contents
উত্তৰ লিখা: আমাৰ পৰিবেশ class 5
(ক) বন্য প্রাণীৰ আৱাসস্থলীত কোন তিনিটা উপাদান থকা বিশেষ প্রয়োজন ?
উত্তৰঃ বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে বিবেচিত হ’বলৈ হ’লে প্ৰয়োজনীয় তিনিটা উপাদান যেনে খাদ্য, পানী আৰু বাসস্থান থাকিব লাগিব।
(খ) “প্রাকৃতিক বিশ্ব ঐতিহ্য”ত স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি ?
উত্তৰঃ “প্রাকৃতিক বিশ্ব ঐতিহ্য”ত স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখন হ’ল কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান।
(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে প্ৰকৃততে মানুহেই দোষী। কাৰণ মানুহে ইহঁতৰ আবাসভূমি ধ্বংস কৰি তাত বসবাস কৰিবলৈ লৈছে। ফলত বন্যপ্ৰাণীৰ আৱাসভূমি, খাদ্য আৰু পানীৰ নাটনি হৈছে। বন্যপ্ৰাণীবোৰে খাদ্য আৰু পানীৰ সন্ধানত নগৰ চহৰৰ ঘন বসতি পূর্ণ ঠাইলৈ ওলাই আহে। ফলস্বৰূপে বন্যপ্রাণী আৰু মানুহৰ সংঘাত আৰম্ভ হৈছে।
(ঘ) ব্যাঘ্র প্রকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।
উত্তৰঃ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্র প্রকল্প আছে।
(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতি প্ৰাণীৰ নাম লিখা।
উত্তৰঃ গালী বান্দৰ, নল-গাহৰি, দেওহাঁহ, বনৰীয়া ম’হ আদি বিৰল প্ৰজাতিৰ উদাহৰণ।
খালী ঠাই পূৰ কৰাঃ
(ক) ২১ মাৰ্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়।
(খ) গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে।
(গ) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে মানুহেই প্ৰকৃততে দোষী।
(ঘ) ডিব্ৰু-চৈখোৱা এখন ৰাষ্ট্ৰীয় উদ্যান।
(ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।
প্রশ্ন ৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবাঃ
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
পাহাৰৰ হাবি-বন কাটি | জুম খেতি কৰা হয়। |
উদ্ভিদ উদ্যানত | বিভিন্ন উদ্ভিদ সংৰক্ষণ কৰা হয়। |
অভয়াৰণ্যত | বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। |
মৰিছাছ দ্বীপত | দদ’চৰাই আছিল। |
চমু উত্তৰ দিয়া-
(ক) বন্যপ্রাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয় ?
উত্তৰঃ বন্যপ্রাণী সপ্তাহ বছৰৰ অক্টোবৰ মাহত পালন কৰা হয়।
(খ) ৰাষ্ট্ৰীয় উদ্যানৰ কোন ভাগত পৰ্যটকৰ বাৰে দৰ্শনৰ ব্যৱস্থা থাকে ?
উত্তৰঃ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চল দৰ্শনৰ সুবিধা থাকে।
(গ) ‘জৈৱ-বৈচিত্ৰ দিৱস’ কোন তাৰিখে পালন কৰা হয় ?
উত্তৰঃ ২২ মে’ তাৰিখে ‘জৈৱ-বৈচিত্ৰ দিৱস’ পালন কৰা হয়।
(ঘ) দদ’ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ’ল ?
উত্তৰঃ দদ’চৰাইৰ লগত ‘কেলভেৰিয়া-মেজ’ নামৰ উদ্ভিদবিধ পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ’ল।
চমুটোকা লিখা :
(ক) অভয়াৰণ্য : জৈৱ-বৈচিত্ৰ্যাৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। অভয়াৰণ্য মানুহৰ ঘন বসতিপূর্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়।ইয়াত বন্যপ্ৰাণীয়ে বিপদমুক্তভাৱে বিচৰণ কৰিব পাৰে। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। ওৰাং, সোণাই ৰূপাই, পবিতৰা, গৰমপানী আৰু লাওখোৱা আদি অসমৰ উল্লেখযোগ্য অভয়াৰণ্য।
(খ) সংৰক্ষিত বনাঞ্চল : বনজ সম্পদত চহকী কিছুমান অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্রাণী সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়।
(গ) উদ্ভিদ উদ্যান : উদ্ভিদ উদ্যান হ’ল এনে কিছু সংৰক্ষিত অঞ্চল য’ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দর্শনার্থীয়ে চিনি পাবৰ বাবে প্রত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ-বিদেশৰ পৰ্যটক আছে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে।
(ঘ) ৰাষ্ট্ৰীয় উদ্যান : প্রত্যেক স্বাধীন দেশৰ নিজৰ নিজৰ ৰাষ্ট্ৰীয় উদ্যান থাকে। এখন দেশৰ এখনতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে। এই ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতি আৰু বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খড়গ থকা গঁড়ৰ সংৰক্ষণৰ বাবে বিশেষভাৱে গুৰুত্ব দিয়া হয়। মানাহ, নামেৰী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতি কাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ প্রবেশ নিষেধ থাকে। এই অঞ্চলটো বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত অঞ্চলবোৰ চাবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে।