ভাব সম্প্ৰসাৰণ কৰা অধিক মাছত বগলী কণা
Odhik Masot Bogoli Kona
মানুহৰ বাবে যিখিনি প্ৰয়োজনীয়, তাতকৈ অধিক পালে যে সময়ত নিজৰ কৰ্তব্য পাহৰি গৈ একোকেই লব নোৱাৰি বিপাঙত পৰিবলগীয়া হয়, এই কথাটোৱে যোজনাটোৰ জৰিয়তে দাঙি ধৰা হৈছে ।
বগলীৰ বাবে মাছ এবিধ প্ৰিয় খাদ্য । মাছ দেখিলেই বগলীৰ মনত আনন্দ লাগে । কিন্তু যেতিয়া বগলীৰ প্ৰয়োজনতকৈ মাছৰ সংখ্যা যথেষ্ট বেছি হয় তেতিয়া কোনটো মাছ ধৰিব , খাব , কোনটো এৰিব সেই কথা বিচাৰ কৰিব নোৱাৰা হয় ।
মানুহৰ জীৱনটো সেই একে কথাই খাতে । প্ৰত্যেক মানুহৰ প্ৰয়োজনীয় বিষয়বস্তুবোৰৰ একোটা নিৰ্দিষ্ট সীমা আছে । সেইখিনি পালেই মানুহে সুখ-শান্তিৰে বসবাস কৰিব পাৰে । কিন্তু মানুহৰ সম্মুখত যেতিয়া অধিক বস্তু আহি পৰে , তেতিয়া মানুহ উগুল-থুগুল হৈ পৰে ।
কোনটো বস্তু ধৰিব কোনটো বস্তু এৰিব তাৰ কোনো কুল নোপোৱা হয় আৰু শেষত কেতিয়াবা প্ৰয়োজনীয় বস্তুবোৰকেই এৰি অপ্ৰয়োজনীয় বস্তুবোৰকেই লব বিচাৰে । এই যোজনাটোৰ জৰিয়তে ইয়াকে বুজাব বিচাৰিছে ।
Your Task
অধিক মাছত বগলী কণা in English
যদি আপুনি আমাৰ ৱেবচাইটত কিবা সংশোধন কৰিবলগীয়া আছে বুলি ভাৱে,তেন্তে কমেন্তত জনাব পাৰে