অতি ভক্তি চোৰৰ লক্ষণ
অতিপাত নমনীয়তা বা সাধুতাত যে ভণ্ডালি থাকিব পাৰে তাকে বুজাবলৈ অসমীয়া ভাষাত এই প্ৰৱচনটো কোৱা হয়।
প্ৰত্যেক বস্তু বা কথাৰে একোটা সীমা থাকে। যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে, তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায়।সেইদৰে সাধু স্বভাৱৰ বা ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ। কিন্তু ভক্তি যেতিয়া অতিপাত বা অতিৰঞ্জিত হয় তেতিয়া তাত কৃত্ৰিমতা থাকে। সমাজত এনে বহু লোক পোৱা যায় যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে স্বাভাৱিকতকৈ অধিক বিশ্বাসভাজন বা ভক্তিপৰায়ণ হোৱা যেন দেখুৱায়। তেনে লোকে সুযোগ বুজি পিছত অনিষ্ট সাধন কৰে।
সেয়ে অতিৰিক্তি ভক্তি প্ৰদৰ্শন কৰি বিশ্বাস অৰ্জন কৰা লোকৰ পৰা সাৱধানে থাকিব লাগে। অৰ্থাৎ বেছি ভক্তিপৰায়ণতাত যে অসৎ উদ্দেশ্য থাকে তাৰ প্ৰতি সচেতন থাকিব লাগে।
ফকৰা যোজনা অতি ভক্তি চোৰৰ লক্ষণ
প্ৰতিটো কাম আৰু কথাৰ একোটা সীমা থাকে, সীমাৰ ভিতৰত থাকি যি লোকে কাৰ্য্য আৰু কথা কয় তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে, তেনেদৰে ভক্তিৰো নিৰ্দিষ্ট সীমা থাকে, স্বাভাৱিক ভক্তি পৰায়ন লোক সকলোৰে আদৰৰ। যি ব্যক্তিয়ে ভক্তিৰ সীমা অতিক্ৰম কৰি যায় অৰ্থাৎ তেনে লোকে স্বাৰ্থসিদ্ধিৰ বাবে বেছি ভক্তি পৰায়ন হৈ দেখুৱাই। পিছত তেনে দুষ্ট প্ৰকৃতিৰ লোকে অসৎ কামত লিপ্ত হৈ অনিষ্ট সাধন কৰে।
উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে যি সকল লোকে অতি বিশ্বাসী, অতিমাত্ৰা ভক্তি পৰায়ন হৈ দেখুৱাই, তেনে লোকে অনিষ্ট সাধন কৰাৰ সম্ভাৱনাই অধিক, তেনে লোকৰ পৰা আঁতৰি থকাই জ্ঞানী লোকৰ কাম।
অতি ভক্তি চোৰৰ লক্ষণ in English : Too much devotion is a sign of a thief
বাক্য ৰচনা:
অতি ভক্তি চোৰৰ লক্ষণ ( দুষ্টই ভালৰি বোলাবলৈ ভালৰ অভিনয় কৰা ) : বিড়ালীয়ে নিগনি তোলাৰ কথা কোৱাদি অচিনাকি মানুহটোৱে তোমাৰ মোনাৰ ৰখীয়া হ’ব বুলি কোৱা যেনহে পাইছোঁ, চাবি দেই – অতি ভক্তি চোৰৰ লক্ষণ ৷