Q: অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি কি?
Ans: অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ হৈছে:
- সুত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা।
- গীত, ভটিমা,পয়াৰৰ প্ৰয়োগ ৷
- নৃত্যৰ প্ৰাধান্যতা।
- ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ ৷
- লয়যুক্ত গদ্যৰ প্ৰয়োগ। আৰু
- মূখাৰ ব্যৱহাৰ ।
Table of Contents
অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা:
অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ হৈছে:
সূত্ৰধাৰৰ প্ৰাধান্য :
সংস্কৃত নাটকৰ সূত্ৰধাৰৰ আৰ্হিতেই অংকীয়া নাটত সূত্ৰধাৰৰ প্ৰয়োগ কৰা হৈছে।কিন্তু অংকীয়া নাটৰ সূত্ৰধাৰক মহাপুৰুষে সম্পূৰ্ণ নিজা শৈলীৰে উপস্থাপন কৰা দেখা গৈছে।দেখা যায় যে, সূত্ৰধাৰেই হ’ল অংকীয়া নাট এখনৰ মূল।নাট এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকি সূত্ৰধাৰে নাটৰ সকলো দিশ পৰিচালনা কৰে। ড’ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে, ‘অংকীয়া নাটৰ সূত্ৰধাৰ একেধাৰে গায়ক, নর্তক, পৰিস্থিতি ব্যাখ্যাকাৰী, আৰু অভিনয় পৰিচালক…
সূত্ৰধাৰে অংকীয়া নাট এখনত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে।তাৰে ভিতৰত কেইটামান হ’ল এনেধৰণৰ –
- নান্দী শ্লোক পাঠ ।
- প্ৰাৰম্ভিক ভটিমা গোৱা ৷
- ভক্তিমূলক নৃত্য পৰিবেশন।
- নাটৰ নাম আৰু অভিনয়ৰ ফল কথন
- গীত বা কথাৰ মাধ্যমেৰে মঞ্চত ভাৱৰীয়া সকলৰ প্ৰবেশ ঘটোৱা৷
- সকলো ভাৱৰীয়াৰ পৰিচয় দিয়া।
- নাটখনৰ হ’বলগীয়া ঘটনা তথা পৰিস্থিতিসমূহ গীত বা কথাৰ মাধ্যমেৰে প্ৰকাশ কৰা ।
- নাটৰ চৰিত্ৰ সমূহৰ প্ৰবেশ ঘটোৱাই কি কৰিব লাগিব বা কি ক’ব লাগিব তাক নিৰ্দেশ দিয়া।
- অভিনয় সম্ভৱ নোহোৱা ঘটনাৰ বিৱৰণ দিয়া ।
- মুক্তি মঙ্গল ভটিমাৰ যোগেদি নাটৰ সমাপ্তি ঘটোৱা।
গীত, শ্লোক, ভটিমা, পয়াৰ আদিৰ প্ৰয়োগ:
গীতৰ প্ৰচুৰ প্ৰয়োগ হ’ল অংকীয়া নাটৰ এটি বিশেষ লক্ষণ।অংকীয়া নাট এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন ঘটনা পৰিঘটনাক গীতৰ মাজেদিয়েই প্ৰকাশ কৰা হয়।
নাটৰ প্ৰতিটো ঘটনা বা পৰিস্থিতিকে প্ৰথমে শ্লোকৰ সহায়ত আৰু তাৰ পিছত গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাহয়।শ্লোক সমূহ সূত্ৰধাৰে সংস্কৃতত আবৃত্তি কৰে ।
অংকীয়া নাটত কেইবা প্ৰকাৰৰ গীতৰ প্ৰয়োগ হোৱা দেখা যায়। সেইবোৰ হৈছে –
- চৰিত্ৰ সমূহৰ প্ৰবেশৰ গীত।
- চৰিত্ৰৰ অনুভূতি সমূহ প্ৰকাশ আৰু কাহিনী বুজাবলৈ গোৱা গীত।
- সামৰণি গীত।
গীতৰ লগতে ভটিমাৰ প্ৰয়োগ হোৱা দেখা পোৱা যায়।অংকীয়া নাটত সাধাৰণতে দুই প্ৰকাৰৰ ভটিমাৰ প্ৰয়োগ হোৱা দেখা যায়।প্ৰথম, নাটৰ আৰম্ভণিৰ ভটিমা আৰু দ্বিতীয়, মুক্তিমঙ্গল ভটিমা।
আকৌ তিনি প্ৰকাৰৰ ভটিমাই অংকীয়া নাটত প্ৰাধ্যনতা পায়।
- দেৱ ভটিমা,
- ৰাজ ভটিমা আৰু
- নাট ভটিমা
নৃত্যৰ প্ৰয়োগ:
নৃত্যৰ প্ৰয়োগ অংকীয়া নাটৰ এটি বিশেষ বৈশিষ্ট্য।নাটখনৰ সকলো চৰিত্ৰয়েই নৃত্যৰ যোগেদি প্রবেশ বা প্ৰস্থান কৰে।ইয়াৰোপৰি বিভিন্ন যুদ্ধ-বিগ্ৰহ আদিও নৃত্যৰ যোগেদিয়েই প্ৰকাশ কৰা হয়।সূত্ৰধাৰেও নান্দী ভটিমা আদি গোৱাৰ পিছত নৃত্য কৰে।উল্লেখ কৰিব পাৰি যে, এই নৃত্য সমূহ কেনে ধৰণৰ হ’ব সেয়া নাট সমূহত উল্লেখ নাথাকে।চৰিত্ৰ অনুসৰি নৃত্যৰ ভংগিমা সমূহ বেলেগ বেলেগ হয়। কৃষ্ণৰ প্ৰবেশৰ নৃত্য আৰু শিশুপালৰ নৃত্যৰ ভংগিমা বেলেগ হয়।
একেদৰে নৃত্যত প্ৰয়োজনীয় তালৰ মাত্ৰাও চৰিত্রভেদে বেলেগ বেলেগ হয়। নৃত্য বাদ দি অংকীয়া নাট প্ৰদৰ্শনৰ কথা চিন্তা কৰিবই নোৱাৰি ।
ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ:
অংকীয়া নাটত ব্যৱহৃত ভাষা টিক কোৱা হয় ব্ৰজাৱলী ভাষা। এই ভাষা টি মধ্য যুগৰ বৈষ্ণৱ সকলে সৰহ সংখ্যক লোকৰ বোধগম্য হোৱাকৈ গঢ়ি তোলা এক কৃত্রিম ভাষা।অসমত অসমীয়া, বঙালী, হিন্দী, মৈথিলী আদি ভাষাৰ সম্বনয়ত এই ভাষাই নিজা ৰূপ লৈছিল। বহু কেইটা ভাষা একত্ৰিত হৈ থকা বাবে সৰ্বভাৰতীয় পৰ্য্যায়ত বুজি পোৱাত সহায়ক হৈছিল।
লয়যুক্ত গদ্যৰ সমাহাৰ:
ভট্টদেৱৰ হাততেই প্ৰকৃত গদ্য ৰীতিৰ জন্ম হৈছিল যদিও অংকীয়া নাটৰ গদ্য সমূহকো অসমীয়া গদ্য সাহিত্যৰ প্ৰথম নিদর্শন হিচাপে দেখুৱাব পাৰি। অংকীয়া নাটত চৰিত্ৰ সমূহৰ সংলাপ সমূহৰ কথনত এক বিশেষ প্ৰকাৰৰ সুৰ পৰিলক্ষিত হয়,যি অংকীয়া নাটৰ আন এটি বিশেষ বৈশিষ্ট্য।
মুখাৰ ব্যৱহাৰ:
অংকীয়া নাটৰ আটাইতকৈ মন কৰিবলগীয়া বৈশিষ্ট্য টি হৈছে ইয়াত মুখা ব্যৱহাৰ কৰা। মুখাৰ ব্যৱহাৰে সৰল নিৰক্ষৰ দৰ্শকৰ বুজি পোৱাত সহজ হোৱাৰ লগতে অভিনয়ক অধিক প্ৰাণৱন্ত কৰি তোলা হয়।এই সমূহৰ উপৰিও অংকীয়া নাটৰ বৈশিষ্ট্য ক্ষেত্ৰত দেখা যায় যে অভিনয় কৌশল অন্য প্ৰকাৰৰ নাটক বা মাতৃভাষা ভাওনা বা ধুৰা ভাওনা ইত্যাদি সমূহতকৈ বহু পৰিমাণে বেলেগ। বিশেষকৈ অংকীয়া নাটৰ কথা খিনি সংলাপ আকাৰত প্ৰকাশ কৰোতে এক বিশেষ প্ৰকাৰৰ সুৰ লাগে ।আনহাতে, সম্পূর্ণ গাম্ভীয্য আৰু আধ্যাত্মিক ভাৱত একোখন অংকীয়া নাট অভিনিত কৰা হয়।অসমৰ বাকী ভাওনা বিলাকত কেতিয়াবা কেতিয়াবা লোক মনোৰঞ্জনৰ দিশত ধাৱমান হোৱা গতি এই অংকীয়া নাটৰ অভিনয়ত নাথাকে।
বৰ্তমান, অংকীয়া নাটৰ উপৰুক্ত ৰীতি অসমৰ অনান্য ভাওনা সমূহতো উপস্থাপন কৰা দেখা যায়।এই ৰীতি অংকীয়া নাটকৰেই বিশেষ বৈশিষ্ট।